বাছ চালক,হেণ্ডিমেনলৈ ১০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰাইজৰ বিপুল সমর্থনত পুনৰ দিছপুৰ দখল কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনৰ আজি সম্পূর্ণ হ’ল ১০০ দিন৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনক লৈ স্বাভাৱিকভাৱেই ৰাজ্যবাসীৰ মাজত বৃদ্ধি পাইছিল প্রত্যাশা৷ ১০০ দিনীয়া কার্যকালতে ৰাইজৰ আশা–আকাংক্ষা পূৰণৰ দিশেও আগবাঢ়িছে নতুন চৰকাৰখন৷
আজি এই ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
এই সিদ্ধান্তসমূহৰ ভিতৰত আছে-
- প্রতিমাহে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অসমৰ কোনাে এখন জিলা সদৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। ছেপ্টেম্বৰ মাহত প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব ধেমাজিত।
- অৰুণােদয় আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি৷ ১০ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই বৃদ্ধি।
- শৈক্ষিক পাঠ্যক্ৰমত ভূগােল আৰু বুৰঞ্জী বাধ্যতামূলক বিষয় হিচাপে সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত।
- পৰিৱেশ সুৰক্ষাৰ দিশত চলি থকা বিশ্বব্যাপী অভিযানৰ এক অংশ হিচাপে গুৱাহাটী মহানগৰীৰ পৰিবহণ ব্যৱস্থা ইলেকট্রিক যাতায়াত মাধ্যমলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত। ইয়াৰ বাবে ২০০খন ইলেকট্রিক আৰু ১০০খন চি এন জি বাছ ক্রয় কৰা হ’ব।
- ক’ভিডকালীন সাহায্য হিচাপে আন্তঃজিলা যাতায়াতৰ বাছ চালক/হেণ্ডিমেনলৈ ১০,০০০ টকাৰ এককালীন সাহায্য। আৱেদনৰ বাবে মুকলি কৰা হ’ব অনলাইন পৰ্টেল।
- নামঘৰীয়া তথা মন্দিৰৰ পূজাৰীলৈ ১৫,০০০ টকাৰ ক’ভিডকালীন আর্থিক সাহায্য।
- ২০২২ এপ্রিলৰ পৰা অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ব্যৱস্থাসমূহ কার্যকৰীকৰণৰ সিদ্ধান্ত গ্রহণ। এই নীতিৰ অধীনত সকলাে উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হ’ব আৰু কনিষ্ঠ মহাবিদ্যালয়সমূহত নৱম আৰু দশম শ্রেণী অন্তর্ভুক্ত কৰা হ’ব।।