নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ নিৰ্বাচনত যোৰহাটত পুৱা জলপান খাম,দলঙেৰে মাজুলীত আহি ভাত খাম, আকৌ দলঙেৰে পাৰ হৈ ৰাতি বিহপুৰীয়াত ভাত খামঃ মুখ্য়মন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ: কথাৰে নহয় বন্ধু কামেৰেহে দিম আমাৰ পৰিচয় , বহু লোকে এতিয়া কৈ আছে আমাৰ প্ৰাৰ্থী ভুৱন গামে কথা কব নাজানে কিন্তু ৰাইজ মই আপোনালোকক সুধিছোঁ আপোনালোকক কামৰ মানুহ লাগেনে কথাৰ মানুহ লাগে ৷ মোক আপোনালোকে মুখ্যমন্ত্ৰী পাতিছে মই কাম নকৰাকৈ কেৱল ডাঙৰ ডাঙৰ ভাষণ দি থাকিলে অসমৰ উন্নয়ন হব জানো , মই কামেৰে অসমক আগুৱাই নিয়াৰ দৰে আমাৰ প্ৰাৰ্থী ভুৱন গামেও মাজুলীৰ উন্নয়ন বাবে কাম কৰিব ৷ আপোনালোকে উন্নয়নৰ পক্ষত থাকি আমাক আৰ্শীবাদ দিয়ক মাজুলীৰ অপ্ৰতিৰোধ্য উন্নয়নৰ বাবে আমি আছোঁ ৷ বিধান সভা নিৰ্বাচনত মাজুলীবাসীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ পাঁচ বছৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত কৰি পঠাইছিল। বৰ্তমান সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ বাবে মাজুলীত আকৌ নিৰ্বাচন আহিল। আপোনালোকে আমাক লাইচেঞ্চখন দিয়েই থৈছে মাত্ৰ এতিয়া ৰিনিউ কৰি দিলেই হ’ল। আজি মাজুলী উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ দ্বিতীয়টো দিনত মাজুলীৰ ৰঙাচাহী গাঁও পঞ্চায়তৰ অধীনত সোণাৰিআটী গাঁৱৰ খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়। মুখ্যমন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় বিজেপিৰ চৰকাৰ দিছপুৰত আছে। মাজুলীৰ নিৰ্বাচনৰ ফলাফল যি নহওক দিছপুৰত বিজেপিৰ চৰকাৰ থাকিব। এইখন চৰকাৰ ভঙা পতাৰ নিৰ্বাচন নহয়। আজি আমি সেই মানুহজনক ভোট দিব লাগে যিজনে শাষকীয় দল বিজেপি, অগপ, গণশক্তি, ইউ পি পি এল দলৰ বিধায়কসকলৰ সৈতে মিলি চৰকাৰী পক্ষত বহিব পাৰে। আমি যদি ভুবন গামক নিদি মাজুলীৰ ঐতিহ্য নুবুজা সংস্কৃতি নজনা প্ৰাৰ্থীক ভোট দিওঁ তেন্তে তেওঁ কংগ্ৰেছৰ লগত, এ আই ইউ ডি এফৰ লগত বহিব লাগিব । আমি এফালে বহিম তেওঁ এফালে বহিব। মুখ্যমন্ত্ৰী জনে কয় যে বজাৰৰ পৰা যদি মতা গৰু কিনি আনি গাখীৰ দিব বুলি ভাবে লাভ হব জানো? ভুবন গামক ভোট দিয়াৰ পিছত যদি ৰাস্তা খোজে, দলং খোজে তেওঁ দিব পাৰিব কাৰণ ভুবন গাম গাখীৰ দিয়া গৰু। কিন্তু ভুলতে যদি বেলেগ পাৰ্টীত ভোট দিয়ে তেন্তে গাখীৰ নিদিয়া গৰুৰ দৰে হব কোনো কাম নিদিয়া। গতিকে ভুবন গামক ভোট দিলে ১৬ লিঃ গাখীৰ প্ৰত্যেক দিনে ওলাব। কোনোবাই অৰুনোদয় পাব,মাটিৰ কাগজ পাব,পেঞ্চন পাব,ৰাস্তা পাব,দলং পাব আৰু কোনোবাই চৰকাৰী চাকৰি পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ আৰু কয় যে- জাতীয় পৰিষদক ভোট দিলে ধেমাজিলৈক সদায় যাব লাগিব এম এলক লগ কৰিবলৈ গতিকে গাখীৰ যদি লাগে গাখীৰ দিয়া গৰুক ভোট দিব লাগিব মতা গৰুক দিলে লাভ নহব। ভুবন গামৰ লগত দিছপুৰ আৰু দিল্লী চৰকাৰৰ দুটাকৈ ইঞ্জিন আছে। এখন গাড়ীত দুটাকৈ ইঞ্জিন আছে যেতিয়া মাজুলীৰ বিকাশৰ গতি ৬০ গতি বেগেৰে নহয় ১২০ গতিবেগেৰে চলিব।। আনহাতে কয় ২০২৬ ৰ নিৰ্বাচনত যোৰহাটত ৰাতিপুৱা জলপান খাম,দলঙেৰে মাজুলীত আহি ভাত খাম আকৌ দলঙেৰে পাৰ হৈ ৰাতি বিহপুৰীয়াত ভাত খাম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে – দিল্লী আৰু দিছপুৰৰ দুয়োখন চৰকাৰৰ পৰা অহা টকাৰ সুবিধা ভুবন গামে আপোনালোকক দিব পাৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সহজ ভাষাৰে ৰাইজক উদ্দেশ্যি উল্লেখ কৰে। মাজুলীত ১৬ হাজাৰ মহিলাই অৰুনোদয় আঁচনিৰ ধন পাইছে আৰু প্ৰায় ৮ হাজাৰ মহিলাক অৰুনোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাম মই কথা দিছোঁ ৷ ইফালে মুখ্যমন্ত্ৰীয়ে কয় বৰপমুৱা পথ , মৰাসুতি , জেংৰাইচাপৰি , পথকে যি সমুহ কেঁচা পথ আছে পকী কৰন হব ৷ মাজুলীৰ স্বাস্থ্য সেৱা উন্নয়নৰ বাবে গুৰুত্ব সহকাৰে লৈছো মই সকলো ঠিক কৰিম ৷ আনহাতে ৰঙাচাহী পঞ্চায়তৰ জম্বোদচুক , ডাম্বোকিয়াল , সোনাৰীআটি চাৰিআলিৰ পৰা বৰগুৰি শিৱমন্দিৰলৈ পথ পকী কৰন কৰা ,সোনাৰীআটিত অতিথি শালা নিৰ্মাণ, সোণাৰীআটিত বেংক স্থাপন কৰাকে ধৰি বিভিন্ন সমস্যাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী জনেও এই সমস্যা সমুহ সামাধানৰ আস্বাস প্ৰদান কৰে ৷ ফুটচাংত অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্ৰী জনে ফুটচাং -কান্ধুলী মাৰি পথ , ফুটচাংৰ পৰা ঐতিহ্যমণ্ডিত পানীখাটী শিলগুৰি থানৰ পথকে ধৰি অঞ্চলৰ সকলো পথ পকী কৰনৰ আস্বাস প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী জনে মাজুলীৰ সৰ্বাধিক লোকৰ মাটিৰ কাগজ পত্ৰ নথকাৰ কথা উল্লেখ কৰি ভোগ দখলত থকা সকলো মাটিৰ ম্যাদী কৰি দিয়া হব বুলি প্ৰচাৰ সভা খনত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে সকলো দুখীয়া মহিলাক বৰ্দ্ধিত হাৰত অৰুনোদয়ৰ ধন দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। ছাত্ৰীক স্কুটী দিয়াৰ পিছত এইবাৰ ভাগিন হতকো বুলেট দিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মাইক্ৰফাইনেন্সৰ ঋন ৰেহাইৰ লগতে চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ চৰকাৰী চাকৰি দিব বুলি পুনৰবাৰ উল্লেখ কৰে। মাজুলীৰ উন্নয়নে যাতে নতুন দিগন্ত চুব পাৰে ,মাজুলীৰ উন্নয়নে যাতে আকাশ চুব তাৰ বাবে ভুৱন গামৰ লগত মই আৰু সৰ্বানন্দ সোণোৱাল সোঁৱে-বাঁৱে থাকিম বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি দিল্লীৰ পৰা সৰ্বানন্দ সোনোৱালে অনা এটা ইঞ্জিন আৰু দিছপুৰৰ পৰা মোৰ ইঞ্জিনে ভুবন গামে ১২০ কি: গতিবেগেৰে গাড়ী চলাব লগত সাংসদ প্ৰদান বৰুৱাও থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কতো এজনো জিকাবলৈ সক্ষম নোহোৱা এজেপিক ভোট নিদি মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গামক জয়যুক্ত কৰি মাজুলীৰ বাবে কাম কৰাৰ বাবে চৰকাৰক শক্তি দিবলৈ ৰাইজৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে শেষত কৃষি প্ৰধান অঞ্চল ভকতচাপৰি বাসীক কৃষি কৰ্মত মনোনিৱেশ কৰি কৃষি ক্ষেত্ৰ খন আগুৱাই নিয়াৰ আহ্বান জনায়। মাজুলী জিলা বিজেপিৰ সম্পাদক দেৱব্ৰত দত্তই আঁত ধৰা সভাত সাংসদ প্ৰদান বৰুৱাই ভাষণ দি মাজুলীৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে উজনি মাজুলীক আগুৱাই নিবই লাগিব বুলি উল্লেখ কৰে। মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গামে মুখ্যমন্ত্ৰীক আনুষ্ঠানিক ভাৱে আদৰণি জনায়েই অন্য এখন সভালৈ বুলি সভাৰ পৰা বিদায় লয়। এইখন সভাৰ ওপৰিও মুখ্যমন্ত্ৰী জনে ৰতনপুৰ গায়ন গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ গায়ন গাঁও , লুইত পৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ফুটচাং চাৰিআলি , ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নামনি গেজেৰা গাঁৱত আৰু জেংৰাইমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত জেংৰাই হাই স্কুল খেল পথাৰত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীজনক সংগদিয়ে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী বিমল বৰা , দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী,প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নৱ দলে , প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে , সন্মিলিত গনশক্তি, অসম গন পৰিষদৰ নেতা সদস্য সকল উপস্থিত থাকে। আনহাতে সোনাৰীআটিত অনুষ্ঠিত সভাখনত কংগ্ৰেছ দলৰ পৰা অহা ২৭০ জন কংগ্ৰেছ দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷ ইফালে মুখ্যমন্ত্ৰী জনে যুদ্ধজৰ্জৰ ইউক্ৰেইনত অসমৰ ২২২ জন কৈ শিক্ষাৰ্থী আৱদ্ধ হৈ থকাৰ বিপৰিতে ৮২ জনকৈ শিক্ষাৰ্থীক অসমলৈ সুশৰিৰে ঘুৰাই অনাৰ কথা সাংবাদিকৰ আগত অৱগত কৰি কেন্দ্ৰীয় চৰকাৰে সকলো ভাৰতীয় নাগৰিকক সুশৰিৰে নিজ দেশলৈ অনা হব বুলি মন্তব্য কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like