নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী গতি–শক্তি মাষ্টাৰ প্লেনৰ বাবে অনুষ্ঠিত উত্তৰ-পূব আঞ্চলিক সন্মিলনত অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্রুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রধান মন্ত্রী গতি–শক্তি মাষ্টাৰ প্লেনৰ পদক্ষেপে যোগাযোগৰ ক্ষেত্রত নতুন মাত্রা প্রদান কৰাৰ লগতে আন্তঃগাঁথনি আৰু অর্থনৈতিক বিকাশৰ ক্ষেত্রটো নতুন দিশলৈ লৈ যাব৷ তেওঁ লগতে কয় যে এই কার্যসূচীয়ে অসমৰ দৰে ৰাজ্যসমূহক দেশৰ শ্রেষ্ঠ ৰাজ্যসমূহৰ সৈতে সমানে আগবাঢ়ি যোৱাৰ দিশটো সহায় কৰিব৷ আজি গুৱাহাটীত কেন্দ্রীয় পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্রী হৰদীপ সিং পুৰীৰ উপস্থিতিত মাল্টি মডেল সংযোগৰ উদ্দেশ্যেৰে প্রধানমন্ত্রী গতি–শক্তি মাষ্টাৰ প্লেনৰ বাবে অনুষ্ঠিত উত্তৰ পূব আঞ্চলিক সন্মিলনত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এইদৰে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২১ চনৰ অক্টোবৰত আৰম্ভ কৰা গতি–শক্তি মাষ্টাৰ প্লেনৰ জৰিয়তে যোগাযোগ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত দৃষ্টান্তমূলক পৰিৱর্তন অনাৰ লক্ষ্য লৈছে৷ তেওঁ কয় যে প্রধানমন্ত্রীয়ে যোৱা কেন্দ্রীয় বাজেটত মূলধন আন্তঃগাঁথনিৰ বিকাশৰ বাবে পুঁজি আৱণ্টন কৰি বিকাশৰ প্রতি থকা তেওঁৰ দায়বদ্ধতাকে পুনৰ ব্যক্ত কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে এই কার্যসূচী সফল কৰাৰ দিশত সম্পূর্ণ দায়বদ্ধ আৰু আন্তৰিকতাৰে অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনত প্রধানমন্ত্রী গতি–শক্তিৰ সফল ৰূপায়ণত তদাৰক কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিবক অধ্যক্ষ আৰু ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ জ্যেষ্ঠতম সচিবসকলক সদস্য হিচাপে লৈ এক ক্ষমতাশীল গোটৰ সৈতে তিনিস্তৰীয় প্রতিষ্ঠানগত পৰিকাঠামো স্থাপন কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক লৈ এটা নেটৱর্ক পৰিকল্পনা গোট গঠন কৰিছে৷ এই গোটে আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ বাবে পৰিকল্পনা আৰু নেটৱর্কিঙৰ সৈতে জডিত হৈ থাকিব৷ ৰাজ্যৰ মাষ্টাৰ প্লেন বিকশিত কৰাৰ বাবে বিআইএছএজি–এনৰ সৈতে সক্রিয় সহযোগিতাৰ বাবে কাৰিকৰী ব্যক্তিসকলক লৈ এটা কাৰিকৰী সমর্থন গোট গঠন কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী গতি–শক্তিৰ অধীনত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপসমূহ যাতে বাস্তৱলৈ ৰূপান্তৰিত কৰিব পৰা যায় সেয়া নিষ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে সংশ্লিষ্ট পেছাদাৰী ব্যক্তি আৰু বিষয়াসকলৰ বাবে দক্ষতা বৃদ্ধি আৰু প্রশিক্ষণ কার্যসূচীও আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে উত্তৰ পূৱ আঞ্চলিক সন্মিলনে ৰাজ্যিক মাষ্টাৰ প্লেন প্রস্তুত কৰা আৰু ৰূপায়ণৰ পৰিকাঠামো বিকশিত কৰাত যথেষ্ট সহায়ক হৈ উঠিব৷ মুখ্যমন্ত্রীয়ে কয় যে তৈল খণ্ডৰ কোম্পানীসমূহক ৰাজ্য চৰকাৰে সম্পূর্ণ সহযোগিতা আগববাই আছে যাতে অম্বেষণৰ এলেকা বৃদ্ধিৰে ভৱিষ্য দর্শনক বাস্তৱায়িত কৰিব পাৰে৷ তেওঁ লগতে কয় যে তৈল খণ্ডক সহায় কৰিবলৈ ইয়াৰ কিছু অংশত ৰাজ্য চৰকাৰক অংশীদাৰিত্ব কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক পদক্ষেপ লবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ অনুষ্ঠানত কেন্দ্রীয় পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্রী হৰদীপ সিং পুৰী, কেন্দ্রীয় পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ভাষণ প্রদান কৰে৷ আজিৰ এই অনুষ্ঠানত নাগালেণ্ডৰ খনি আৰু খনিজ বিভাগৰ মন্ত্রী, ছিকিমৰ পৰিবহণ মন্ত্রী আৰু ত্রিপুৰাৰ উদ্যোগ মন্ত্রী, পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ সচিব পংকজ জৈন, আই অ চি এলৰ চিএমডি, কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য অংশীদাৰীসকলে অংশগ্রহণ কৰে৷

You might also like