মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগঃ শুৱালকুছিত টেষ্ট পেপাৰ বিতৰণ
নিয়মীয়া বাৰ্তা, ২মাৰ্চঃ স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবছৰৰ দৰে এইবাৰো সমষ্টিটোৰ অন্তৰ্গত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়া টেষ্ট পেপাৰ বিতৰণ কৰে ৷ সমষ্টিটোৰ প্ৰতিখন বুথ সমিতিৰ বিষয়ববীয়াসকলে পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ টেষ্ট পেপাৰসমূহ বিতৰণ কৰি শিক্ষাৰ্থীসকলক আগতীয়াকৈ পৰীক্ষাৰ শুভেচ্ছা জনায় ৷ শুৱালকুছি মণ্ডল বিজেপি সমিতিৰ অন্তৰ্গত আঠখন পঞ্চায়তত মুঠ ৯৬৫খন টেষ্ট পেপাৰ ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাৰ উদ্দেশ্য বিতৰণ কৰা হয় ৷ সেই মৰ্মে শুৱালকুছিৰ পূব পঞ্চায়তত ৮০খন, মধ্য পঞ্চায়তত ১০৭খন, পশ্চিম পঞ্চায়তত ১৪৭খন, বংশৰ পঞ্চায়তত ১১৬খন, গন্ধমৌ পঞ্চায়তত ১১৮খন, শিঙিমাৰী পঞ্চায়তত ১০১, দদৰা পঞ্চায়তত ১৮৬ আৰু পছৰীয়া পঞ্চায়তত ১১০খন টেষ্ট পেপাৰ বিতৰণ কৰা হয় ৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এনে প্ৰচেষ্টাই ছাত্ৰ ছাত্ৰীসকলক বহুত পৰিমাণে উৎসাহিত কৰিছে বুলি কেইবাগৰাকী শিক্ষাৰ্থীয়ে নিজৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে ৷ আনহাতে অভিভাৱকসকলেও মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এনে মহান কাৰ্যই শিক্ষাৰ্থীসকলক যথেষ্ট পৰিমাণে অনুপ্ৰাণিত কৰিব বুলি দোহাৰে ৷ উল্লেখ যে জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হোৱাৰে পৰা ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবছৰে সমষ্টিটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক এনেদৰে টেষ্ট পেপাৰ বিতৰণ কৰি আহিছে ৷ এইবাৰ সমষ্টিটোত মুঠ ২৭০০খন টেষ্ট পেপাৰ বিতৰণ কৰে ৷
প্ৰেৰক দিলীপ মেধি