নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱেগৰ বিপৰীতে বিবেক-যুক্তিৰে আগবাঢ়ক : বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণী খালাইশ্ৰী পথাৰত যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ ৬২তম কেন্দ্ৰীয় অধিবেশন আজি সফলতাৰে সমাপ্ত পৰে। লোকাৰণ্য খালাইশ্ৰী পথাৰত আজি অন্তিম দিনৰ কাৰ্যসূচী হিচাপে মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি নিজ ভাষণ প্ৰসংগত কয় যে বড়ো সাহিত্য সভা সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু শান্তিৰ সাঁকো হৈ অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰা উচিত। বড়ো সমাজ আৰু অসমীয়া সমাজৰ মাজত কোনো প্ৰতিযোগিতা নাই, হাতত হাত ধৰি সকলোৱে আগুয়াব লাগিব। আবেগৰ বিপৰীতে বিবেক আৰু যুক্তিৰ মাজেৰে আগবাঢ়িবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই অতি আক্ষেপেৰে কয় যে যি সময়ত আমি চৰ এলেকাৰ শৈক্ষিক পৰিৱেশ সন্দৰ্ভত আলোচনা কৰো তেনে সময়তে সংখ্যালঘু সমাজে ৰাজ্যৰ ১০০০খন মেডিকেল আসনৰ ভিতৰত ২৭৫ খন আসনত স্থান লাভ কৰিছে। তাৰ পৰিৱৰ্তে কিন্তু জনজাতীয় সমাজে সংৰক্ষিত শ্ৰেণীৰ বাহিৰে মেধাভিত্তিত আসন লাভ কৰাত বিফল হৈছে । জনজাতীয় সমাজত উৎকৃষ্ঠ প্ৰদৰ্শন নাই আৰু সেয়েহে জনজাতীয় সমাজত শিক্ষাৰ জনপ্ৰিয়তা আৰু উৎকৃষ্ঠতাৰ বাবে কাম কৰিবলৈ সময় আহি পৰিছে বুলি মন্তব্য কৰি ভাষণত ড০ শৰ্মাই এইক্ষেত্ৰত বিটিআৰ চৰকাৰ, বড়ো সাহিত্য সভা, এবছুক যৌথভাৱে কাম কৰিবলৈ আহ্বান জনাইছে। চিৰাং জিলাৰ শৈক্ষিক ফলাফলক লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই গভীৰ অসন্তুষ্টি ব্যক্ত কৰি কয় যে ৰাজ্যৰ ভিতৰতে চিৰাং জিলাই নিম্বমানৰ ফলাফল প্ৰদৰ্শন কৰি আহিছে আৰু এইক্ষেত্ৰত প্ৰত্যেক বিদ্যালয়ৰ প্ৰদৰ্শন বিশ্লেষণৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে। অসম চৰকাৰে ইতিমধ্যে বড়ো ভাষাক সহযোগী ভাষাৰ মান্যতা প্ৰদান কৰা, সংবিধানৰ অষ্টম অনুচ্ছেদত স্বীকৃতি ভাষাৰ মৰ্যদা প্ৰদান কৰা, বড়ো ভাষা অসমত দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়া হৈছে আৰু বড়ো জনগোষ্ঠীও সমস্যাক লৈ চৰকাৰ সংবেদনশীল বুলি মন্তব্য কৰি ড০ শৰ্মাই বড়ো সমাজৰ মাজত বৌদ্ধিক নৱজাগৰন আনি আইএএচ ,আইপিএছ, বিজ্ঞানী , শিক্ষক, অধ্যাপক, মানৱ সম্পদ সৃষ্টি কৰাৰ বাবে নিজকে সমৰ্পন কৰিবলৈ বড়ো সাহিত্য সভাৰ লগতে বড়ো জাতীয় সংগঠনসমুহৰ প্ৰতি আহ্বান জনায়। গোৱালপাৰা, ধেমাজী , ডিব্ৰুগড়, কাৰ্বিআংলং, নগাঁও, নলবাৰীত বড়ো সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মানৰ বাবে ৫০ লাখকৈ টকা অনুদান হিচাপে আগবঢ়োৱা হৈছে আৰু বাকী থকা জিলাসমুহতো পৰ্যায়ক্ৰমে অনুদান আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰি ড০ শৰ্মাই ভাষা সাহিত্যৰ ক্ষেত্ৰত উন্নত অভিধান লাগে আৰু হেমকোষৰ পিছত তেনেধৰণৰ কোনো প্ৰচেষ্টা দেখিবলৈ পোৱা নাই বুলি উল্লেখ কৰি বড়ো সাহিত্য সভাক অসমীয়া, বড়ো, ইংৰাজী, হিন্দী  ভাষা সংলগ্ন কৰি এখন উন্নতমানৰ অভিধান ৰচনা কৰিবলৈ আহ্বান জনাই এইক্ষেত্ৰত চৰকাৰে সহায় কৰিব বুলি ঘোষণা কৰে। তদুপৰি বিটিআৰৰ ১০খন মহাবিদ্যালয়ক প্ৰাদেশীকৰণ কৰা, ৩১ মাৰ্চৰ দিনটো সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰা হ’ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আনহাতে অসম প্ৰশাসনীয় সেৱাবিধি ১৯৬২ মৰ্মে প্ৰশাসনীয় বিষয়াসকলক জনজাতীয় ভাষা আয়ত্ব কৰিবলৈ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। আনহাতে আজিৰ অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি কয় যে আমি পৰিস্থিতি পৰিৱেশৰ মাজত থাকি সকলো দিশত পিছুৱাই গৈছো। মুখ্যমন্ত্ৰীয়ে এই বিষয়ে নিজৰ ভাষণত সকলো কথাই উল্লেখ কৰিছে ৷ সেয়ে বৌদ্ধিক মহল, সচেতন মহল ছাত্ৰ সংগঠনৰ লগতে সকলোৱে মুখ্যমন্ত্ৰীৰ ভাষণৰ পৰা লাভাম্বিত হ’ব আৰু অনাগত দিনত সুস্থ সমাজ গঢ়াৰ বাবে আমি পণ লব লাগিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। ইপিনে বড়ো সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° সুৰথ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে সংবাদ মাধ্যমৰ আগত বড়ো মাধ্যমৰ সমস্যা সমাধান কৰাটোৱে মুল লক্ষ্য বুলি মন্তব্য কৰিছে। বড়ো সাহিত্য সভাৰ আধৰুৱা হৈ থকা কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্ঠা কৰিম আৰু বড়ো ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই তেওঁলোকৰ অন্যতম প্ৰধান লক্ষ্য বুলি মন্তব্য কৰি সাহিত্য, কলা-কৃষ্টি আগবাঢ়িলে হে মানুহৰ মানসিক অৱস্থা সুস্থিৰ হয় বুলি মন্তব্য কৰিছে। বড়ো জাতিৰ বহু সমস্যা আছে সেইবোৰৰ সতে মুখামুখি হ’ব লাগিব আৰু সমাধান কৰিব লাগিব বুলিও মন্তব্য কৰি বড়ো মাধ্যমৰ সমস্যা সমাধান কৰাটোৱে হ’ব মুল লক্ষ্য বুলি মন্তব্য কৰিছে বড়ো সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° সুৰথ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীৱে। আনহাতে বড়ো সাহিত্য সভাৰ অধিবেশন উপলক্ষে অনুষ্ঠিত মুকলি সভাত নিজ ভাষণ প্ৰসংগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৱে বড়ো ভাষা-সংস্কৃতিৰ উন্নয়নকল্পে লোৱা বিভিন্ন কাৰ্যপন্থা আৰু চৰকাৰী সদিচ্ছাৰ কথা উল্লেখ কৰে। মুকলি সভাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো, এমভিএচ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰমেশ ভৰদ্বাজ, পদ্মশ্ৰী প্ৰাপক মংগলসিং হাজোৱাৰী, বিভিন্ন স্বায়ত্বশাসিত পৰিষদৰ নেৰ্তৃবৰ্গ, সাংসদ, বিধায়ক, বড়ো জাতীয় সংগঠন সমুহৰ নেৰ্তৃবৰ্গ, বিটিচিৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে।
প্ৰেৰক শুকুৰ আকন্দ
You might also like