অসমত ষ্টাৰ্ট-আপ খণ্ডৰ বিকাশ সম্পৰ্কে মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী ভগৱত কিষাণৰাও কাৰাদৰ সৈতে অসমত ষ্টাৰ্ট-আপ খণ্ডৰ বিকাশ সম্পৰ্কে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যখনত ষ্টাৰ্ট-আপৰ প্ৰসাৰৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে। অসম চৰকাৰ আৰু ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI)য়ে ষ্টাৰ্ট-আপ উদ্যোগীসকলৰ প্ৰচাৰৰ লগতে তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ মানসেৰে এক যুটীয়া পুঁজি বিকশিত কৰাৰ সিদ্ধান্ত লৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত মধ্যস্তৰৰ ষ্টাৰ্ট-আপ আন্তঃগাঁথনি স্থাপনৰ ক্ষেত্ৰতো চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। ষ্টাৰ্ট-আপ খণ্ডক উৎসাহিত কৰাৰ বাবে অন্যান্য প্ৰতিষ্ঠানক হস্তান্তৰ কৰাৰ ক্ষেত্ৰত আই আই টিৰ ভূমিকা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা হৈছে।
অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, আই আই টি গুৱাহাটীৰ সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমন্বিতে ষ্টাৰ্ট-আপ উদ্যোগীসকলো উপস্থিত আছিল।
Glad to have attended an interactive session to discuss ways to develop start-up ecosystem in Assam, along with Hon Fin Min Smt @nsitharaman; Hon MoS Sri @DrBhagwatKarad; Central & State Govt officials; Dir @IITGuwahati; faculty of Ghy Univ & start-up entrepreneurs in Guwahati. pic.twitter.com/Hc2puXQPwx
— Himanta Biswa Sarma (@himantabiswa) March 10, 2022