নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৬ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত অনুষ্ঠিত শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰে৷ উল্লেখ্য যে আজিৰ এই সমাৰোহত বিভিন্ন পাঠ্যক্রমৰ ৮১৫ গৰাকী বিদ্যার্থীক ডিগ্রী প্রদান কৰা হয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সময়ৰ জোখেৰে শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে ডেৰ দশকো অতিক্রম কৰা নাই৷ গুৱাহাটী আৰু ডিব্রুগড বিশ্ববিদ্যালয়ৰ পৰা পৃথক কৰি চিকিৎসা বিজ্ঞানক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল বুলি তেওঁ কয়৷ ৮২ খন বিভিন্ন শৈক্ষিক প্রতিষ্ঠান এই বিশ্ববিদ্যালয়খনৰ অধীনত  চলি থকা পাঠ্যক্রমৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এয়া নিঃসন্দেহে অত্যন্ত প্রশংসনীয় আৰু গৌৰৱৰ বতৰা৷ বিশ্ববিদ্যালয়খনে কেতবোৰ উদ্ভাৱনীমূলক পাঠ্যক্রম আৰম্ভ কৰিব বুলি তেওঁ কয়৷ জন্মৰ কম সময়ৰ ভিতৰতে শৈক্ষিক ক্ষেত্রখনত বিশ্ববিদ্যালয়খনে সূচনা কৰা এই প্রতিশ্রুতিসম্পন্ন যাত্রা সকলোৰে বাবে আনন্দৰ বিষয়৷ দীক্ষান্ত সমাৰোহত এই বিশ্ববিদ্যালয়ৰ পৰা ডিগ্রী–ডিপ্লমা লাভ কৰা শিক্ষার্থীসকলৰ আনুষ্ঠানিক শিক্ষা এটা পর্যায়ৰ সমাপ্তিৰ কথাকে সূচাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কঠোৰ পৰিশ্রম, সংকল্প আৰু সাধনাৰ জৰিয়তে ছাত্র–ছাত্রীসকলে এই পর্যায়ত উপনীত হৈছে৷ তেওঁ কয় যে এয়া এক নতুন যাত্রাৰ আৰম্ভণি৷ ছাত্র–ছাত্রীসকলে আহৰণ কৰা জ্ঞান আৰু দক্ষতা সময়ৰ পৰীক্ষাত অৱতীর্ণ হব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ছাত্র–ছাত্রীসকলৰ আত্মানুশাসন, দায়বদ্ধতা আৰু দৃতাই ভৱিষ্যতে সন্মুখীন হোৱা প্রতিকূলতাসমূহ অতিক্রম কৰাত সহায়ক হৈ উঠিব৷ মুখ্যমন্ত্রীয়ে কয় যে যোৱা দুটা দশকত চিকিৎসা শিক্ষাই এক নতুন দিগন্তলৈ প্রসাৰিত হৈছে৷  ২০০৬ চনত স্বাস্থ্য মন্ত্রী হিচাপে দায়িত্ব লোৱাৰ দিনৰ কথা স্মৰণ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমত ৩ খন চিকিৎসা মহাবিদ্যালয়, ১ খন নার্চিং মহাবিদ্যালয় আৰু ১ খন দন্ত মহাবিদ্যালয় আছিল৷ এই ৫ খন শিক্ষানুষ্ঠানৰ জৰিয়তে অসমৰ স্বাস্থ্যসেৱা আগবেোৱা হৈছিল৷ ২০০৬ চনৰ শেষৰফালে অসমৰ আন ৩ খন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছিল৷ ২০১০ চনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে আত্মপ্রকাশ কৰাৰ পিছত পৰৱর্তী বছৰবোৰত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ে প্রাণ পাই উঠিছিল৷ এই সময়ছোৱাত শিলচৰ আৰু ডিব্রুগডত দুখন নতুন নার্চিং মহাবিদ্যালয় স্থাপনৰ লগতে ডিব্রুগডত এখন দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পদক্ষেপ লোৱা হৈছিল৷ তেওঁ লগতে কয় যে সেই সময়ছোৱাতে বিভিন্ন ছচাইটিৰ উদ্যোগত নার্চিং আৰু আন পেৰামেডিকেল শিক্ষা প্রতিষ্ঠান স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰিছিল৷ বছৰি ৫ হাজাৰ নার্চ সৃষ্টি কৰাৰ পৰিকল্পনা লোৱা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক এই দিশত অনুপ্রেৰণা যোগোৱা হৈছিল৷ ২০১৫ চনত এই যাত্রাই এক নতুন দিশলৈ গতি কৰিছিল বুলি তেওঁ কয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে স্বাস্থ্যসেতুৰ জৰিয়তে অসমত এক নতুন পৰিৱেশ গিি তুলিছিল৷ বিভিন্ন পর্যায়ত থকা নিষ্চিত নিয়োগৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি অসমত স্বাস্থ্য শিক্ষাত এক নতুন আন্দোলনে প্রাণ পাই উঠিছিল বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে আজি অসমত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পাইছে৷ ৩ খন চিকিৎসা মহাবিদ্যালয়ৰ অনুমোদন ৰাজ্য চৰকাৰে এবছৰতে লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়৷  কভিডৰ সময়ছোৱাত ৰাজ্যৰ জনসাধাৰণে যেতিয়া আই চি ইউৰ প্রয়োজনীয়তাক মর্মে মর্মে অনুভৱ কৰিছিল তেতিয়া অসমৰ জনসাধাৰণে জিলাই জিলাই একোখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত বাস্তৱমুখী বুলি স্বীকাৰ কৰিছিল৷ অসমৰ জনসাধাৰণৰ প্রতি থকা দায়বদ্ধতাৰ কথা স্বীকাৰ কৰি অসমত ২৫ খন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ কাম হাতত লোৱা হৈছে বুলি তেওঁ কয়৷ চিকিৎসা শিক্ষাৰ প্রসাৰ সাধন কৰি  দক্ষিণ পূৱ এছিয়াৰ বাবে চিকিৎসা শিক্ষাৰ হাব হিচাপে পৰিগণিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে৷ এনে কৰিব পাৰিলে মুঠ ঘুৰুৱা উৎপাদন বৃদ্ধিত এক বিশেষ ভূমিকা গ্রহণ কৰিব পাৰিব৷ ৩৫০ খনৰ বিপৰীতে আজি ১৫০০ খনলৈ এম বি বি এছৰ আসন বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে স্নাতকোত্তৰৰ বাবে থকা ১৫০ খন আসনৰ বিপৰীতে আজি ৭২২ খন আসনলৈ বৃদ্ধি পাইছে৷ অসমৰ লৰা–ছোৱালীয়ে ৰাজ্যৰ বাহিৰত যথেষ্ট ধন খৰচ কৰি পপা–শুনা কৰিবলগীয়া হয়৷ অসমতে ছাত্র–ছাত্রীসকলে চিকিৎসা শিক্ষা লাভ কৰিবলৈ সক্ষম হব বুলি তেওঁ কয়৷ অসমৰ প্রতিখন চিকিৎসা মহাবিদ্যালয়ত এখনকৈ বি এছ চি নার্চিং মহাবিদ্যালয় স্থাপনৰ বাবে প্রস্তাৱ কৰিছে৷ নার্চিং শিক্ষাৰ জৰিয়তে আমাৰ মানৱ সম্পদে যাতে বাহিৰত সংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ ৰাজ্যৰ চিকিৎসা শিক্ষাৰ বিভিন্ন পাঠ্যক্রম সংযোজনৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই দিশত বিশ্ববিদ্যালয়খনে অগ্রণী ভূমিকা লব লাগিব৷ তেওঁ কয় যে চিকিৎসক আৰু নার্চসকলে ডিজিটেল এপ্লিকেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে ডিজিটেল আৰু প্রযুক্তিগত দিশটো আজি চিকিৎসা বিজ্ঞানৰ বাবে অধিক গুৰুত্বপূর্ণ হৈ পৰিছে৷ অসমৰ ২৮ হাজাৰ খন গাঁৱলৈ প্রত্যক্ষভাৱে চিকিৎসা সেৱা প্রদান কৰাটো সম্ভৱ নহলেও টেকনলজিকেলী আমাৰ ডাক্তৰ, নার্চসমূহে ইয়াক সম্ভৱ কৰি তুলিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ এনে এক পৰিৱেশ নির্মাণৰ বাবে শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে  আগভাগ লব লাগিব৷ মুখ্যমন্ত্রীয়ে জনসেৱাৰ মানসিকতাৰে চিকিৎসা সেৱা আগববাবলৈ ছাত্র–ছাত্রীসকলক আহ্বান জনায়৷ অনুষ্ঠানত শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা চিকিৎসা সেৱা ক্ষেত্রখনলৈ আগবেোৱা বিশিষ্ট অৱদানৰ বাবে  ৰাজ্যখনৰ দুগৰাকী বিশিষ্ট চিকিৎসক  অধ্যাপক ডাঃ দুলাল চন্দ্র বৰকটকী আৰু অধ্যাপক ডাঃ অলকা গোস্বামীক সম্বর্দ্ধনা জনোৱা হয়৷ সভাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অবিনাশ যোশী, মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, দত্ত মেঘা মেডিকেল কলেজৰ প্র চেঞ্চেলৰ অধ্যাপক ডাঃ বেদ প্রকাশ মিশ্র, শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ ধ্রুৱজ্যোতি বৰা, চিকিৎসা শিক্ষাৰ সঞ্চালক অধ্যাপক ডাঃ অনুপ কুমাৰ বর্মন, অধ্যাপক ডাঃ দুলাল চন্দ্র বৰকটকী, অধ্যাপক ডাঃ অলকা গোস্বামী, বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডাঃ সুজিত বর্দ্ধন প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
You might also like