নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

🟢ধমধমা আঞ্চলিক দুৰ্গা পূজালৈ মুখ্যমন্ত্ৰীৰ ত্ৰিশ লাখ অনুদান ঘোষণা
🟢আজিৰে পৰা ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱ আৰম্ভ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ আমাৰ জন জীৱনত দেৱী পূজাৰ এক বিশেষ মাহাত্ম্য আছে৷ শাৰদীয় দুৰ্গা পূজাই অসমত উৎসৱৰ সৃষ্টি কৰে৷ উৎসৱৰ লগে লগে ভক্তি ভাব আৰু আধ্যাত্মিকতাৰো সৃষ্টি কৰে৷ ১০৪ বছৰ ধমধমাৰ দুৰ্গা পূজা মণ্ডপত আমাৰ পূৰ্ব পুৰুষসকলৰ পৰা আজিলৈকে সকলোয়ে ভক্তিভাবে আঠু কাঢ়ি দেৱীৰ সমুখত নিজক সমৰ্পণ কৰি এই দুৰ্গা মন্দিৰকো এক আধ্যাত্মিক তীৰ্থ স্থানলৈ ৰূপান্তৰ কৰিছে৷ তেনে পৱিত্ৰ স্থানলৈ আহিবলৈ পায় মই গৌৰৱ অনুভৱ কৰিছো৷– এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজিৰে পৰা আৰম্ভ হোৱা ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱত অংশ গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ঐতিহাসিক ধমধমা অঞ্চলৰ ইতিহাসৰ কথা বৰ্ণনা কৰাৰ লগতে ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰলৈ ৩০ লাখ টকা অনুদান ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগত সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা আৰু নলবাৰীৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে৷ উল্লেখযোগ্য যে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে৷ আজিৰে পৰা সাতদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱ আজি অঞ্চলটোৰ এশ তিনি জন ব্যক্তিৰ জৰিয়তে এশ তিনিখন প্ৰতিকী পতাকা উত্তোলন কৰা হয়৷ নিশা নাগাৰা নাম প্ৰদৰ্শন কৰা হব৷ ইফালে কালি পুৱা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ গছপুলি ৰোপন কৰাৰ লগতে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্ধোধন কৰিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়াই৷ আবেলি মন্দিৰৰ দ্বাৰ উদ্‌ঘাটন কৰিব কোকোৰাঝাৰ লোকসভা সমষ্টি সাংসদ নৱ কুমাৰ শৰণীয়াই৷ সন্ধিয়া ধৰ্মালোচনা সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ নিশা ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ৷ ২১ অক্টোবৰৰ পুৱা সপ্তমী বিহিত পূজা আৰম্ভ হোৱাৰ পিচত আয়তী নাম প্ৰসংগ কৰা হব ৷ দুপৰীয়া ঢুলীয়া প্ৰদৰ্শন, আবেলি সম্বৰ্ধনা সভা অনুষ্ঠিত হব৷ ইয়াৰ লগতে দুৰ্গা পূজাৰ প্ৰাক্তন বিষয়ববীয়া, আদৰ্শ কৃষক , বিশিষ্ট শিল্পী, খেলুৱৈ, ব্যৱসায়ী আৰু শ্ৰমিকক সম্বৰ্ধনা জনোৱা হ’ব৷ আবেলি ধৰ্মালোচনা সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন৷ ২২ অক্টোবৰত মহাষ্টমী পূজা আৰম্ভ হোৱাৰ পিচত আয়তী নাম প্ৰসংগ আৰু  আবেলি দিহানাম প্ৰতিয়োগিতা অনুষ্ঠিত হব৷ আবেলি মহাভোগ বিতৰণ আৰু ঢুলীয়া প্ৰদৰ্শন কৰা হব৷ ২৩ অক্টোবৰত মহা নৱমী বিহিত পূজা আৰম্ভ হব৷ আবেলি নিৰ্মালি প্ৰদান কৰা হব৷ সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব৷ ২৪ অক্টোবৰত দশমী বিহিত পূজা আৰম্ভ হব৷ সিদিনা দেৱী বিসৰ্জন দিয়া হব লগতে দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ আবেলি নৱপত্ৰিকা বিসৰ্জন, নিশা ৰাজগুৰু মিনি থিয়েটাৰৰ যাত্ৰা দলৰ নাট্যাভিনয় প্ৰদৰ্শন কৰা হব৷ ২৫ অক্টোবৰৰ পুৱা মূৰ্তি বিসৰ্জন৷ নিশা সাংস্কৃতিক সন্ধিয়া মঞ্চ শুভ উদ্বোধন কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ সাংস্কৃতিক সন্ধিয়া সংগীত পৰিৱেশন কৰিব জুবিন গাৰ্গে ৷
প্ৰেৰক জেহেৰুল ইছলাম
You might also like