নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাক উৎসাহিত কৰিবলৈ একেলগে নীট পৰীক্ষাত বহিল পিতৃ

বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : কন্যাৰ বাবে আটাইতকৈ অনুপ্রেৰণা হৈছে পিতৃ৷ পুত্রৰ বাবে অনুপ্রেৰণা সদায় মাতৃ৷ স্নেহৰ এই সম্পর্কক অধিক সজীৱ কৰিলে প্রয়াগৰাজৰ এগৰাকী চিকিৎসকে৷ নিউৰ’ ছার্জন ডাঃ খৈতানে কন্যা মিতালীক নীট পৰীক্ষাত বহিবলৈ উৎসাহিত কৰাৰ বাবে নিজেও পৰীক্ষাত বহিল৷ ফল প্রকাশৰ পিছত দেখিবলৈ পোৱা গ’ল যে পিতৃ–কন্যা দুয়ো সফলতাৰে উত্তীর্ণ হৈছে৷ ৪৯ বছৰীয়া পিতৃ আৰু ১৮ বছৰীয়া কন্যাই নীটৰ বাবে নিজকে প্রস্তুত কৰি তুলিছিল৷ পৃথক পৃথক কেন্দ্রত পৰীক্ষাত বহে ডাঃ খৈতান আৰু মিতালী। এই পৰীক্ষাত পিতৃতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় কন্যা মিতালীয়ে ৷ ডাঃ খৈতানে ৮৯ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে তেওঁৰ কন্যা মিতালীয়ে লাভ কৰিছে ৯০ শতাংশ নম্বৰ৷ উল্লেখনীয় যে প্রথমতে কন্যা মিতালী নীট পৰীক্ষাৰ বাবে সাজু হোৱা নাছিল৷ আনকি পৰীক্ষাত বহিব নে নাই, তাক লৈও দোদুল্যমান অৱস্থাত আছিল৷ মিতালীক উৎসাহিত কৰিবলৈ ডাঃ খৈতানে নিজেই নীটত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত লৈছিল৷ ইতিমধ্যে কর্ণাটকত কস্তুৰবা মেডিকেল কলেজত ভর্তি হৈছে মিতালী৷ পিতৃ–কন্যাৰ এই সফলতাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে দেশবাসীয়ে দুয়োকে অভিনন্দন জনাইছে৷ সঁচাকৈয়ে কন্যাৰ বাবে পিতৃয়ে সকলো কৰিবলৈ যে সাজু হৈ থাকে, তাৰ এক উদাহৰণ হৈছে ডাঃ খৈতান৷

You might also like