উত্তৰ গুৱাহাটী মণ্ডল বিজেপিৰ স্থায়ী কাৰ্যালয় মুকলি
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বিজেপিৰ নৱগঠিত উত্তৰ গুৱাহাটী মণ্ডল সমিতিৰ নতুনকৈ লোৱা কাৰ্য্যালয়টো কালি গধূলি মুকলি কৰা হয়। বিজেপিৰ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী মণ্ডল সমিতিৰ কাৰ্য্যালয়টো উত্তৰ গুৱাহাটী মধ্যমখণ্ডত নতুনকৈ লোৱা হয় আৰু কালি এই নতুনকৈ লোৱা কাৰ্য্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সন্ধিয়া প্ৰায় পাঁচ বজাত কাৰ্য্যালয়টো ফিতা কাটি উদ্বোধন কৰে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সম্পাদক তপন চন্দ্ৰ দাস আৰু বিজেপিৰ কিষান মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই। তাৰ পিছত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰে ৰঞ্জিত ভট্টাচাৰ্য্য আৰু উত্তৰ গুৱাহাটী মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি গঙ্গাধৰ দাসে। পিচত কাৰ্যালয়ত ব্যৱহাৰৰ বাবে অনা কম্পিউটাৰ ছেট এটা মুকলি কৰে মণ্ডলৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক গজেন বৰা আৰু গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক তপন চন্দ্ৰ দাসে। এক মাঙ্গলিক কাৰ্য্যসূচীৰে কাৰ্য্যালয়টো মুকলি কৰাৰ পিছতে কাৰ্য্যালয়ৰ সন্মূখত নিৰ্মাণ কৰা অস্থায়ী সভাঘৰত এখন মুকলি সভা অনুষ্ঠিত হয়। মণ্ডলৰ সভাপতি গঙ্গাৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক তপন চন্দ্ৰ দাসে কয় যে আগত লোকসভা নিৰ্বাচনত দলৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী সকলে বিশেষ ভুমিকা লৈ বিজেপিৰ প্ৰাৰ্থীক যোৱাবাৰতকৈও ১০ শতাংশ বৃদ্ধি কৰিব লাগিব। সকলোৱে মিলি দলটোক অধিক শক্তিশালী কৰিব লাগিব। বিজেপিৰ কিষান মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই উক্ত কাৰ্য্যালয় উদ্বোধনী সভাত ভাষন দি কয় যে “অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীত উন্নয়নৰ গঙ্গা বোৱাইছে। উত্তৰ গুৱাহাটীত ছয় খলপীয়া দলং হৈছে, সৰ্বভাৰতীয় আয়ুৰ্বেদিক মেডিকেল প্ৰতিষ্ঠান হৈছে, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় হৈছে, তদুপৰি বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ভাল ভাল প্ৰতিষ্ঠান হোৱাৰ পথত এই উত্তৰ গুৱাহাটী এলেকাত, গতিকে উত্তৰ গুৱাহাটীৰ মানুহে যদি অধিক উন্নয়ন বিছাৰে তেনেহলে বিজেপিৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক অধিক শক্তিশালী কৰিব লাগিব আৰু দলৰ সকলো কৰ্মীয়ে মতভেদ পৰিহাৰ কৰি আগন্তুক লোকসভা নিৰ্বাচনত দেহে কেহে খাতিবলৈ আহ্বান জনায়। অনুষ্ঠানত মণ্ডলৰ উপ সভাপতি ৰাজিৱ বৰুৱা, সাধাৰণ সম্পাদক গজেন বৰা, উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ সভাপতি তিলক দাস, মণ্ডলৰ উপ সভাপতি বিজয় মেধী আদিয়ে ভাষন দিয়ে। সভাত পৌৰসভাৰ নিৰ্বাচিত সদস্য সকলক সম্বৰ্দ্ধনা জনোৱা হয়।
প্ৰেৰক মুনীন ডেকা