নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত অগপৰ বিধান পৰিষদৰ শপত গ্রহণ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : মৰিগাঁৱৰ লাহৰীঘাট সমষ্টিৰ অগপৰ নৱগঠিত বিধান পৰিষদৰ কাৰ্যকৰী সমিতিৰ সম্বৰ্ধনা আৰু শপত গ্রহণ অনুষ্ঠানটি আজি তুলসীবড়ি গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। লাহৰীঘাট বিধান পৰিষদৰ প্ৰাক্তন সভাপতি ৰাজেন বৰাৰ সঞ্চালনাত অনুষ্ঠিত সম্বৰ্ধনা আৰু শপত গ্রহণ অনুষ্ঠানটিৰ উদ্দেশ্যে বাখ্যা কৰে তুলসীবড়ি আঞ্চলিকৰ সভাপতি এমৰান হুছেইনে। সম্বৰ্ধনা অনুষ্ঠানৰ পিছত অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক তথা পৰ্যবেক্ষক খালিছ উদ্দিন আহমেদে প্ৰথমতে লাহৰীঘাট বিধান পৰিষদৰ নৱনির্বাচিত সভাপতি গুলজাৰ হুছেইনক দলীয় শপতবাক্য পাঠ কৰোৱাৰ পিছত সমজুৱাভাৱে নৱগঠিত বিধান পৰিষদ কাৰ্যকৰী সমিতিৰ বাকী বিষয়ববীয়াসকলকো শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ পূৰ্বে পূর্বৰ বিধান পৰিষদ কাৰ্যকৰী সমিতিৰ সভাপতি ৰাজেন বৰাই আনুষ্ঠানিকভাৱে পদত্যাগ কৰি নৱগঠিত বিধান পৰিষদ কাৰ্যকৰী সমিতিক শুভেচ্ছা জ্ঞাপন কৰে। আজিৰ শপত গ্রহণ অনুষ্ঠানটিত লাহৰীঘাট বিধান পৰিষদৰ ৩৮টা আঞ্চলিকৰ সভাপতি আৰু সম্পাদকে অংশগ্রহণ কৰে। উল্লেখ্য যে বিধান পৰিষদৰ কাৰ্যকৰী সমিতিৰ গঠনৰ বাবে বিগত মাহৰ ২৪ জানুৱাৰীৰ সাধাৰণ সভাৰ পৰা সভাপতি পদৰ বাবে কেন্দ্রীয় সমিতিলৈ পেনেল প্ৰেৰণ কৰিছিল আৰু পৰ্যবেক্ষকে পিছত চলিত মাহৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্রীয় কাৰ্যকৰী সমিতিয়ে লাহৰীঘাট বিধান পৰিষদ কাৰ্যকৰী সমিতিৰ বাবে গুলজাৰ হুছেইনক সভাপতি, মহিবুৰ ৰহমানক উপ সভাপতি, নৱকুমাৰ ডেকা আৰু মুজিবুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে বাছনি কৰি চূড়ান্ত তালিকা ঘোষণা কৰে। ইয়াৰ পিছত আজি নৱগঠিত বিধান পৰিষদ কাৰ্যকৰী সমিতিৰ সকলো বিষয়ববীয়াসকলক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱাৰ লগতে দলীয় শপতবাক্য পাঠ কৰোৱা হয়। লাহৰীঘাট সমষ্টিত অগপৰ শক্তি বৃদ্ধি কৰিবলৈ নৱনিৰ্বাচিত বিধান পৰিষদৰ সকলোৱে এককভাৱে কাম কৰি যাবলৈ কেন্দ্ৰীয় সম্পাদক খালিচ উদ্দিন আহমেদে আহ্বান জনায়।

প্ৰেৰক আবুল কালাম

You might also like