নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ বতৰা লৈ নৱেম্বৰত ধেমাজিলৈ মুখ্যমন্ত্ৰী : মাটি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ ধন বিতৰণ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু অসম-মালা আঁচনিৰ অধীনত ঢকুৱাখানাৰ পৰা তেলিজানলৈ নিৰ্মাণ কৰিবলৈ লোৱা পথচোৱাৰ বাবে মাটি অধিগ্ৰহণ কৰা লোকসকলৰ ক্ষতিপূৰণৰ ধন আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।  মন্ত্ৰী ডা: ৰণোজ পেগুৱে সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত মুঠ ১৫৭টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকৰ মাজত মাটিৰ মূল্যমান প্ৰদানৰ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ইয়াৰ লগে জিলাখনৰ বাবে হাতত লোৱা দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ কামেও বিশেষ গতি লাভ কৰিলে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী পেগুৱে কয় যে অহা মাহৰ কোনোৱা এটা দিনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আহি এই দুয়োটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজিত স্থাপন কৰিবলৈ লোৱা নতুন সংহত উপায়ুক্তৰ কাৰ্যালয়ৰো নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। তেওঁ কয় যে, আমি এনে এখন সবল চৰকাৰ পাইছো, যিয়ে ধেমাজি জিলাক আগবঢ়াই নিয়াৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰস্তাৱিত মেডিকেল কলেজৰ পৰা ৰেলৱে ষ্টেচনলৈ পথচোৱা বহল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।‌ ধেমাজি চহৰখনক উত্তৰ পাৰৰ এখন উন্নত তথা অগ্ৰণী চহৰলৈ উন্নীত কৰাৰ বাবে চলোৱা প্ৰয়াসত সকলো শ্ৰেণীৰ লোকে সহযোগিতা কৰিব লাগিব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তাৰ বাবে আমি আমাৰ মনবোৰ বহল কৰিব লাগিব। চহৰখনৰ প্ৰতিটো বাট-পথ বহল হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ বাবে ৰাইজৰ ফালৰ পৰাই প্ৰয়োজনীয় প্ৰস্তাৱ দাঙি ধৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পূৰ্বে সাংসদ প্ৰদান বৰুৱাই দিয়া ভাষণত কয় যে, অহা বছৰৰ পৰা ধেমাজি জিলাত চাৰি-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ধেমাজি চহৰৰ মাজেৰে যোৱা ঘাইপথচোৱা চহৰৰ বাহিৰেৰে নিয়াৰ বাবে বাইপাছৰ কামো আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই আদৰণী ভাষণত কয় যে, খুৱলীয়া-হিলৈধাৰীত স্থাপন কৰিবলৈ লোৱা মেডিকেল কলেজৰ বাবে অধিগ্ৰহণ কৰা ১১৪ বিঘা মাটিৰ বাবদ দিবলগীয়া ২৫.১৮ কোটি টকা ৰাজ্যৰ চৰকাৰে ইতিমধ্যে মুকলি কৰি দিছে। আনহাতে ঢকুৱাখানাৰ পৰা মাছখোৱা লৈ তেলিজানলৈ অসম মালা আচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা ১৫ কি:মি:জোৰা পথচোৱাৰ বাবে অধিগ্ৰহণ কৰা ৩০ বিঘা, ৩ কঠা মাটিৰ বাবদ দিবলগীয়া ২৫.৬০ কোটি টকাৰ ৫০ শতাংশ ধন ৰাজ্য চৰকাৰে ইতিমধ্যে মোকলাই দিছে। এই দুয়োখন আঁচনিয়ে জিলাখনৰ উন্নয়নত সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি তেওঁ কয়, এনে পদক্ষেপৰ  অংশীদাৰ হ’বলৈ পাই আমি নিজেও গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছো। সহকাৰী আয়ুক্ত ত্ৰিলিনা টাইডে আঁতধৰা সভাখনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী আৰু ধেমাজি উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ তোলন কোঁৱৰো উপস্থিত থাকে। উক্ত প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্ত চাৰিজন লোকক সভাত প্ৰতীকী চেক প্ৰদান কৰা হয়।

 

প্ৰেৰক নয়নমণি মহন্ত

You might also like