নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত বিভাগটোৰ বিভিন্ন কাম-কাজৰ এক বিস্তৃত পৰ্যালোচনা কৰে৷

বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নিৰ্মিয়মান ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ স্থিতি আৰু কৰ্মচাৰীৰ স্বাস্থ্য সেৱা আঁচনিৰ খচৰা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰ্যালোচনা কৰে আৰু স্বাস্থ্য বিভাগক কেইবাটাও নিৰ্দেশনা প্ৰদান কৰে৷

ৰাজ্যখনত আনুসংগিক স্বাস্থ্য সেৱা প্ৰণালী শক্তিশালী কৰাৰ বাবে প্ৰতিষ্ঠানগত সংস্কাৰৰ লগতে কায়িক আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ প্ৰকল্পৰ অধীনত হাতত ল’ব খোজা পদক্ষেপসমূহৰ বুজ লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত অভিযানৰ অধীনত ৰাজ্যখনৰ পাঁচটা স্থানত ৫০খন বিচনাযুক্ত চিকিৎসালয়ৰ লগতে জিলা চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে শুৱালকুছিত ১০০খন বিচনাযুক্ত চিকিৎসালয়, তামুলপুৰত এখন প্ৰসুতি আৰু শিশু প্ৰযত্ন চিকিৎসালয় আৰু এখন উচ্ছ মানদণ্ডৰ জিএনএম নাৰ্চিং স্কুল স্থাপনৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে৷

ৰাজ্যখনত ৰোগীসকলৰ বাবে স্বাস্থ্যসেৱা প্ৰণালী সুষম কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিভাগটোক চিকিৎসা মহাবিদ্যালয়সমূহত বহিঃ সেৱা বিভাগৰ বাবে অনলাইন বুকিং ব্যৱস্থাৰ লগতে¸ জৰুৰীকালীন ক্ষেত্ৰত পাৰ্কিঙৰ বাবে পৰ্যাপ্ত স্থান থকা সাপেক্ষে ‘সেউজ কৰিডৰ’ খোলাৰ বাবে পদক্ষেপ ল’বলৈ বিভাগটোক নিৰ্দেশ দিয়ে৷ তেওঁ লগতে নৱগঠিত জিলাসমূহত প্ত খন জিলা চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে৷

কৰ্কট ৰোগ, মধুমেহ, কাৰ্ডিওভাস্কুলাৰ ৰোগ তথা ষ্ট্ৰোক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চৌহদৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ অংশৰ সৈতে ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত পুঁজিৰ প্ৰথম কিস্তিৰ ব্যৱহাৰ পৰিকল্পনাত অনুমোদন জনায়৷ তেওঁ লগতে আঁচনিৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ অধীনত মুকলি কৰিবলগা পুঁজিৰ দ্ৰুত ব্যৱহাৰৰ বাবেও নিৰ্দেশনা প্ৰদান কৰে৷

মুখ্যমন্ত্ৰীয়ে আজি কৰ্মচাৰীসকলৰ স্বাস্থ্য সেৱা আঁচনি ৰূপায়ণৰ খচৰাও পৰ্যালোচনা কৰে৷ আঁচনিখনৰ মূল উদ্দেশ্যৰ প্ৰয়োজনীয়তা পূৰ হোৱাকৈ কেইবাটাও সংশোধনীৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ উল্লেখ কৰে৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকে ধৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চিকিৎসা বিল দাখিল প্ৰক্ৰিয়া পৰ্টেল আধাৰিত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে যাতে হিতাধিকাৰীসকলে নিজৰ চিকিৎসা বিলৰ লগতে আনুষংগিক নথিপত্ৰসমূহ পোনপটীয়াকৈ পৰ্টেলত আপলোড কৰিবলৈ সক্ষম হয়৷ তেওঁ নতুন ব্যৱস্থাটো অধিক সুবিধাজনক কৰি তোলাৰ স্বাৰ্থত তালিকাভুক্ত চিকিৎসালয়ৰ ব্যৱস্থা দূৰ কৰিবলৈও নিৰ্দেশ দিয়ে৷

প্ৰস্তাৱিত নতুন ব্যৱস্থাটোৰ অধীনত অটল অমৃত অভিযান চ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত এখন পৰিষদৰ ব্যৱস্থা থাকিব৷ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ কাৰ্যালয়ে উচ্ছ প্ৰযুক্তিগত ব্যৱস্থাৰ সৈতে হিতাধিকাৰীৰ প্ৰত্যক্ষ উপস্থিতিৰ প্ৰয়োজন নোহোৱাকৈয়ে গ্ৰহণযোগ্য চিকিৎসা সাহায্যৰ পৰিমাণ মুকলি কৰাৰ বাবে প্ৰমাণীকৰণ আৰু অন্যান্য প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব৷ এইদিশত তৎকালে এটা পৰ্টেল প্ৰস্তুত কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে উন্নত আৰু অবিৰত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ বাবে আঁচনিখনৰ উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈও বিভাগটোক নিৰ্দেশ দিয়ে৷

আজিৰ বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷

You might also like