তিনিচুকীয়াত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ হিতাধিকাৰীক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত মহিলা হিতাধিকাৰীসকলৰ মাজত ৫,০০০খন চেক বিতৰণ কৰে। আঁচনিখনৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীলৈ ২৫,০০০ টকা আৰু বকেয়া পৰিমাণৰ চেক বিতৰণ কৰা হয়। এই আঁচনিৰ অধীনত তিনিচুকীয়া জিলাৰ মুঠ ২২,৬৭৪ গৰাকী মহিলা হিতাধিকাৰী উপকৃত হ’ব। আজি ৫,০০০ হিতাধিকাৰীক কাৰ্যসূচীত চেক প্ৰদান কৰা হয় আৰু বাকী ১৭,৬৭৪ গৰাকী হিতাধিকাৰীক জিলাখনৰ বিভিন্ন খণ্ড উন্নয়ন কাৰ্যালয়ত চেক প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলক এই বিত্তীয় উদগনিৰ সঠিক ব্যৱহাৰ কৰি তেওঁলোকৰ ব্যৱসায়ক অধিক স্বাৱলম্বী কৰি তুলিবলৈ আহ্বান জনায়। চৰকাৰে ঋণ ঘূৰাই দিব নোৱাৰাসকলৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমক এখন স্ব-নিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ সময় সমাগত আৰু ৰাজ্যখনৰ মহিলাসকলে এই দিশত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰে। এক সঠিক কৰ্ম সংস্কৃতি গঢ়ি তুলি অসমক প্ৰগতি আৰু সমৃদ্ধিৰ এক নতুন উচ্চতা স্পৰ্শ কৰাৰ দিশতো সকলোৱে কাম কৰি যোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
অনুষ্ঠানত মন্ত্ৰীত্ৰয় অতুল বৰা, যোগেন মহন, সঞ্জয় কিষাণ, বিধায়কসকল ক্ৰমে বলীন চেতিয়া, ভাস্কৰ শৰ্মা, সুৰেণ ফুকন, পোণাকন বৰুৱা, সুশান্ত বৰগোঁহাই, ৰূপেশ গোৱালা,তৰংগ গগৈকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।