নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত ২৫০০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

  • মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিলে কাৰ্বি  ছাত্ৰ সন্থাৰ ৫০ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত
  • নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে প্ৰকল্পসমূহ ৰূপায়িত কৰাৰ পদক্ষেপ লোৱা হৈছেঃ মুখ্যমন্ত্ৰী
  • এই প্ৰকল্পসমূহে কাৰ্বি আংলঙৰ জনসাধাৰণৰ আশা-আকাংক্ষা ৰূপায়ণ কৰিবঃ মুখ্যমন্ত্ৰী 

নিয়মীয়া বাৰ্তা, ৪ মে’: কাৰ্বি পাহাৰৰ বিকাশ আৰু প্ৰগতিৰ নৱ দিগন্তৰ সূচনা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিফুত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰায় ২৫০০ কোটি টকা ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগকে ধৰি অন্যান্য বিভাগৰ অধীনত ৪৬ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আজি আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে যোৱা বছৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা৷ ৯২২ কোটি টকা ব্যয় সাপেক্ষে ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ হামৰেণৰ সৈতে হাওৰাঘাট সংযোগী পথৰ উন্নয়ন, উন্নীতকৰণ আৰু মেৰামতি, চ্ছ কোটি টকা ব্যয় সাপেক্ষে নতুন উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ নিৰ্মাণকে ধৰি বিভিন্ন প্ৰকল্পৰ জৰিয়তে কাৰ্বি আংলঙৰ বাসিন্দাসকলৰ আশা-আকাংক্ষা পূৰণৰ দিশত নিৰ্ণায়ক ভূমিকা ল’বলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

৩০০ কোটি টকা ব্যয় সাপেক্ষে ১৩০ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ আৰু ৮৯৫ কোটি টকা ব্যয় সাপেক্ষে জলজীৱন মিছনৰ অধীনষ্ঠ আঁচনিসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহে কাৰ্বি পাহাৰৰ জনসাধাৰণৰ বিকাশৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতাৰ কথাকে সূচায়৷ অনাগত দিনত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক প্ৰতিমাহে ১৪০০ টকাকৈ প্ৰদান কৰা হ’ব বুলিও তেওঁ লগতে কয়৷ আয়ুষ্মান ভাৰতৰ দৰে সামাজিক খণ্ডৰ আঁচনিসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰে আগবঢ়াই অহা সা-সুবিধাসমূহ গ্ৰহণ কৰিবলৈও জনসাধাৰণক আহ৩ান জনায়৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিকাশে এক নতুন মাত্ৰা লাভ কৰা বাবেও তেওঁক প্ৰশংসা কৰে৷

ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে ডিফুৰ সমীপৰ দিল্লাইত অনুষ্ঠিত কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ ৫০ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ কাৰ্বি সমাজৰ আৰ্থ-সামাজিক বিকাশৰ দিশত কাৰ্বি ছাত্ৰ সন্থাই লোৱা ভূমিকাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ নাগৰিক সমাজৰ সংগঠনসমূহক কাৰ্বি সমাজৰ আৰ্থ-সামাজিক উত্তৰণৰ দিশত কাম কৰি যাবলৈও আহ৩ান জনায়৷  বিত্ত মন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ হৰেনছিং বে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকল আজিৰ কাৰ্যসূচীত উপস্থিত থাকে৷

You might also like