নেহৰু ষ্টেডিয়ামত আয়োজিত প্রদর্শনীমূলক ফুটবল খেল উপভোগ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ১১ মার্চঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্রীডা সন্থা তথা অন্যান্য ক্রীড়া সন্থাৰ সহযোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত এখন প্রদর্শনীমূলক ফুটবল খেল উপভোগ কৰাৰ লগতে বিজয়ী আৰু বিজিত দলক আনুষ্ঠানিকভাৱে ট্ৰফী প্রদান কৰে৷ উল্লেখ্য যে এই প্রদর্শনীমূলক ফুটবল খেলখন ৰাইনো ৱাৰিয়র্ছ আৰু ব্রহ্মপুত্র ব্রেভ্ছৰ মাজত অনুষ্ঠিত হৈছিল৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কভিডৰ পিছত বহুদিনৰ বিৰতিত নেহৰু ষ্টেডিয়ামত আজি এই প্রদর্শনীমূলক ফুটবল খেলখন অনুষ্ঠিত হৈছে৷ ইয়ে কভিডসৃষ্ট পৰিস্থিতিৰ পিছত স্বাভাৱিক জীৱন যাত্রা আৰম্ভ হোৱাকে সূচাইছে বুলি তেওঁ কয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে নেহৰু ষ্টেডিয়ামখনক সজাই পৰাই ফুটবল খেলৰ উপযোগী কৰি তোলাৰ বাবে অসম ক্রিকেট সন্থাৰ শলাগ লয়৷ নেহৰু ষ্টেডিয়ামত এনেদৰে ফুটবল খেল চলি থাকিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে ষ্টেডিয়ামখনৰ ফ্লাড লাইটসমূহ কার্যক্ষম কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে নিশাৰ ভাগতো ইয়াত খেল অনুষ্ঠিত কৰিব পৰা যায়৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ২০২১–২২ বর্ষৰ ২৬তম্ ছিনিয়ৰ মহিলা ৰাষ্ট্রীয় ফুটবল চেম্পিয়নশ্বিপত কোৱার্টাৰ ফাইনেললৈকে খেলা অসম মহিলা ফুটবল দলৰ সদস্য কেইগৰাকীক ভাৰতীয় ফুটবল ফেডাৰেশ্যনে প্রদান কৰা প্রমাণপত্রসমূহো বিতৰণ কৰে৷ তেওঁ লগতে সন্তোষ ট্ৰফী ফুটবল প্রতিযোগিতাত অংশগ্রহণ কৰা অসম দলৰ খেলুৱৈসকলকো সম্বর্দ্ধনা জ্ঞাপন কৰে৷ আজিৰ এই অনুষ্ঠানত সাংসদ কুইন ওজা, বিধায়ক তথা অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে, অসম ফুটবল সন্থা, গুৱাহাটী ক্রীড়া সন্থা, অসম অলিম্পিক সন্থা, অসম ক্রিকেট সন্থা ইত্যাদিৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে৷