নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত মেডিকেল কলেজ স্থাপনৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ আছুৰ

বিশেষ বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী জিলাখন বান-গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক দুৰ্যোগত ভাৰাক্ৰান্ত জিলা৷ তদুপৰি চিকিৎসাৰ ক্ষেত্ৰত জিলাখন অতি পিছপৰা৷ আজিপৰ্যন্ত মাজুলীৰ স্বাস্থ্যখণ্ড উন্নত নহ’ল৷ বিশেষকৈ দুৰ্ঘটনা বা জৰুৰীকালীন চিকিৎসাৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগৰ সন্মুখীন হৈছে মাজুলী জিলাখনে৷ যোৱা দুটা বছৰে বহু ব্যক্তিক আকস্মিকভাৱে হেৰুৱাব লগীয়া হৈছে জিলাখনে৷ যোৰহাট সংযোগৰ বাবে ৰাতি ফেৰীৰ অসুবিধা আৰু ডিব্ৰুগড়লৈ চাৰিঘণ্টাৰ ৰাস্তা৷ তেনেস্থলত মাজুলীবাসীৰ যেন মৃত্যু সহজ হৈ পৰে৷ দীৰ্ঘদিনে এজন ৰেডিঅ’লজিষ্টৰ অভাৱ মাজুলীত৷ সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই পূৰ্বৰে পৰা দাবী উত্থাপন কৰি আহিছে৷ শীঘ্ৰে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে দুইলক্ষাধিক জনসাধাৰণক চিকিৎসাৰ ক্ষেত্ৰত ন্যায় দিবলৈ দাবী জনাইছে ছাত্র সন্থাই। আজি  সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা, জিলা আছুৰ উপদেষ্টা সূৰ্যকুমাৰ ভূঞা, পবিত্ৰ গোস্বামী, অজিত হাজৰিকা, জিলা  সভাপতি প্ৰানজিৎ হাজৰিকা, সাধাৰণ সম্পাদক দিপাংকৰ ৰাজখোৱা, উপসভাপতি প্ৰাঞ্জল শইকীয়াৰ আদি নেতৃত্বত  এখনি পত্ৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগেদি আয়ুক্ত ভৰত কোঁৱৰক স্মাৰক পত্ৰ প্ৰদান কৰি  অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷
প্ৰেৰক জীৱন বৰুৱা
You might also like