নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইদেউ টকীজৰ নতুন চিনেমা ‘জেতুকা পাতৰ ৰং’ৰ শুভ মহুৰত

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ সত্তৰ-আশীৰ দশকতে কেইবাখনো জনপ্ৰিয় বোলছবিৰে অসমৰ ছবি জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা দৰঙৰ সাংস্কৃতিক প্ৰেক্ষাপট পুনৰ উজ্জীৱিত হ’ব আন এখন পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবিৰে। ভ্ৰাম্যমাণ চিনেমাগৃহ ব্যৱস্থাৰে অসমীয়া বোলছবিক জনপ্ৰিয় কৰণত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা  ‘আইদেউ টকীজ, অসম’ৰ প্ৰযোজনাত নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্তৰ ৰচনা আৰু পৰিচালনাত নিৰ্মাণ হ’ব  “জেতুকা পাতৰ ৰং ” নামৰ এই পূৰ্ণ দৈঘ্যৰ অসমীয়া চলচ্চিত্ৰ খন। উল্লেখযোগ্য সৰ্বসাধাৰণ ৰাইজক এই চলচ্চিত্ৰখনৰ নিৰ্মাণ প‌্ৰক্ৰিয়াত জড়িত হোৱাৰ বাবে ইতিমধ্যে আইদেউ টকীজৰ উদ্যোগত সমগ্ৰ দৰং জিলাতে “সদিচ্ছা বুটলি দৰং যাত্ৰা” শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজাৰ দিনাই এই চলচ্চিত্ৰখনৰ মহুৰৎ অনুষ্ঠানৰ সম্পন্ন কৰা হয়। আইদেউ টকীজৰ হৈ পাপু কবীৰে আঁত ধৰা এই অনুষ্ঠানত আনকি  চলচ্চিত্ৰ খন নিৰ্মাণৰ বাবে মঙলদৈ প্ৰিমিয়াৰ একাডেমীৰ সঞ্চালক ভূপেন ডেকাই ৩.৫ লাখ টকা, ট্ৰিনিটি ফ্ৰুকটা প্ৰাইভেট লিমিটেডে ৫০ হাজাৰ টকা, মঙলদৈ নাগৰিক মঞ্চই ১০ হাজাৰ টকা আৰু সমাজকৰ্মী সংগীতা দেৱীয়ে ১০ হাজাৰ টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।  আন বহু সংখ্যক ব্যক্তিয়েও ন্যূনতম ১০০ টকাকৈ আগবঢ়াই চলচ্চিত্ৰ খন নিৰ্মাণত অংশীদাৰ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য  দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ মঙলদৈ কাৰ্যালয়  বাকৰিত  অসম গৌৰৱ বঁটাপ্ৰাপ্ত উদ্যোগপতি অনুপম ডেকাই কেমেৰাৰ চুইটচ অন কৰি শুভাৰম্ভ আৰু সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে পাণ্ডুলিপি  উদ্বোধন কৰি মহুৰৎ প্ৰক্ৰিয়া সম্পন্ন কৰে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিয়ে মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি গোপাল মহন্ত, সমাজকৰ্মী উপেন ডেকাৰ সহযোগত গছপুলি ৰোপন কৰে। সমাজকৰ্মী সংগীতা দেৱীয়ে আইদেউ সন্দিকৈৰ প্ৰতিচ্ছবি আৰু সাংবাদিক গণেশ দত্তই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। মূলত দৰঙৰ শিল্পীক প্ৰাধান্য দি দৰঙৰ এক আবেগ হিচাপে নিৰ্মাণ কৰিবলগীয়া ছবিখনত অভিনয় কৰিব পৰেশ গোস্বামী, অনন্যা শইকীয়া, পপী কলিতা, নিৰ্মালী দেৱী শৰ্মা, দ্বীপজ্যোতি কলিতা, নৱজিৎ কলিতা, পাৰ্থপ্ৰতিম ডেকা, দেৱব্ৰত শৰ্মা, লক্ষ্যজ্যোতি দাস,ভূপেন ডেকা, ৰাজু ডেকা, কংকিতা হাজৰিকা, শেখৰ মজুমদাৰ, গণেশ দত্ত, নয়নজ্যোতি কাশ্যপ, দীপক ডেকা, জিৎ কমল বৰুৱা, ভাৰ্গৱ ভট্ট, অজয় ৰাজভৰ, হিৰণ্য ডেকা, ৰাহুল ডেকা, প্ৰাণজিৎ ৰাভা, চাজু আহমেদ আদিয়ে। চলচ্চিত্ৰৰ কাৰিকৰী নিৰ্দেশক অনিৰ্বাণ দত্ত, সহকাৰী পৰিচালক ভূপেন ডেকা, লক্ষ্যজ্যোতি দাস, চিত্ৰ গ্ৰহণকাৰী পাপু কবীৰ, ৰূপসজ্জা পিণ্টু মণ্ডল, সম্পাদক কুলদ্বীপ বৰুৱা, সহকাৰী সম্পাদক ৰতন কোঁৱৰ, সংগীত ৰাহুল জোনাকৰ। দৰঙৰ  নামখলা  আৰু আন্ধেৰীঘাটৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰি আগষ্ট মাহৰ ২০ তাৰিখে ‘আইদেউ টকীজ’ৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ছবিৰ প্ৰম’ আৰু গীত মুক্তিৰ দিয়া হ’ব বুলিও মহুৰৎ অনুষ্ঠানতে প্ৰকাশ কৰে। আনহাতে চলিত বৰ্ষৰ ২৪ ছেপ্টেম্বৰত নাট্যকাৰ, পৰিচালক, গীতিকাৰ, অভিনেতা হেমন্ত দত্তৰ ওপজা দিনটোত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবিঘৰ আইদেউ টকীজে ‘জেতুকা পাতৰ ৰং’ চলচ্চিত্ৰখন লৈ গাঁঞে গাঁঞে যাত্ৰা আৰম্ভ কৰিব ।দৰঙৰ বিভিন্ন অঞ্চলত দুশটা  ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰে প্ৰায় চল্লিশ হাজাৰ দৰ্শকক সামৰি লোৱাৰো পৰিকল্পনা কৰিছে আইদেউ টকীজে।লক্ষণীয় যে এই ছবিখনৰ পিছতে আন এখন পূৰ্ণ দৈঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰো পৰিকল্পনা ইতিমধ্যে কৰিছে আইদেউ টকীজে।
প্ৰেৰক ৰণজিত কুমাৰ নাথ
You might also like