নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ত মত-বিনিময় মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৩০ জুনঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য, অধ্যাপক–অধ্যাপিকাৰে এক মত–বিনিময় কার্যসূচীত অংশগ্রহণ কৰে৷ মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই কেন্দ্রীয় বিশ্ববিদ্যালয়খনে শিক্ষাৰ ক্ষেত্রত এক উল্লেখযোগ্য প্রতিষ্ঠান হিচাপে গঢ়ি তোলাৰ দিশত নিৰন্তৰ কাম কৰিব লাগিব৷ নতুন শিক্ষা নীতিৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে শিক্ষাৰ দিশত সমগ্র ৰাষ্ট্রখনকে আগুৱাই নিয়াৰ বাবে লোৱা পদক্ষেপৰ শক্তিশালী অংশীদাৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়খনে গুণগত শিক্ষা প্রদানৰ দিশত সর্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ তেওঁ কয় যে দেশ-বিদেশৰ মেধাসম্পন্ন ছাত্র–ছাত্রীসকলে যাতে উপযুক্ত গৱেষণাৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশেষ গুৰুত্ব আৰোপ কৰিলে প্রকৃত মানৱ সম্পদ সৃষ্টিৰে দেশ তথা বিশ্ব নির্মাণৰ খনিকৰ হিচাপে ছাত্র–ছাত্রীসকলক গঢ় দিব পৰা যাব৷ তেওঁ বিশ্ববিদ্যালয়খনে যাতে চুবুৰীয়া ৰাষ্ট্রৰ শিক্ষার্থীসকলক আকর্ষণ কৰিব পাৰে তাৰ বাবে উপযুক্ত শৈক্ষিক কার্যসূচী গ্রহণ কৰিবলৈ আহ্বান জনায়৷ বিশ্ববিদ্যালয়খনে যাতে দেশৰ শ্রেষ্ঠতম বিশ্ববিদ্যালয়সমূহৰ সমপর্যায়লৈ গতি কৰিব পাৰে তাৰ বাবে শিক্ষা পদ্ধতি আৰু শৈক্ষিক পৰিমণ্ডল অধিক গতিশীল কৰাৰ প্রয়োজনীয়তা আছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে তেজপুৰ বিশ্ববিদ্যালয় এখন কেন্দ্রীয় বিশ্ববিদ্যালয় হলেও এই শিক্ষানুষ্ঠানখনে ৰাজ্যখনক শিক্ষাৰ ক্ষেত্রত আগুৱাই নিয়াত বিশেষ ভূমিকা পালন কৰি আহিছে৷ ৰাজ্য চৰকাৰে এই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ দিশত প্রয়োজনীয় সহায়–সহযোগিতা আগববাব বুলিও তেওঁ কয়৷ পৰুৱাৰ পৰা বিশ্ববিদ্যালয়লৈ যোৱা পথটো উন্নত কৰাৰ দিশতো ৰাজ্য চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মত–বিনিময়ৰ সময়ত  তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য সম্ভুনাথ সিং, পঞ্জীয়ক ড০ বীৰেন চন্দ্র দাস প্রমুখ্যে অধ্যাপক–অধ্যাপিকাসলৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়কদ্বয় গণেশ লিম্বু আৰু কৃষ্ণকমল তাঁতী  উপস্থিত থাকে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে তেজপুৰৰ অগ্নিগড় পাহাৰৰ সৌন্দর্যবর্দ্ধন আৰু আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্যৰে আজি ঐতিহ্যমণ্ডিত পাহাৰখনত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে এক মত–বিনিময় কার্যসূচীতো অংশগ্রহণ কৰে৷ মত–বিনিময়ৰ সময়ত মুখ্যমন্ত্রীয়ে অগ্নিগড় পাহাৰৰ পৰা বামুণী পাহাৰলৈ ৰোপ ৱে নির্মাণকে ধৰি বিভিন্ন আন্তঃগাঁথনি উন্নয়নেৰে অগ্নিগড় পাহাৰৰ সৌন্দর্যবর্দ্ধনৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে চিন্তা–চৰ্চা কৰিছে বুলি কয়৷ পৰিদর্শনৰ সময়ত সাংসদ পল্লৱ লোচন দাস, বিধায়ক ক্ৰমে পৃথ্বিৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী প্রমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ 
You might also like