বাৰ্তা ব্যুৰো, বৰপেটা ৩০ এপ্ৰিলঃ পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী। এই মন্তব্য মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই কংগ্ৰেছক ভয় নকৰো৷ মই মাৰ গাখীৰ খায়ে জন্ম লৈছো ৷ মোক কংগ্ৰেছে কি সময় দিয়ে৷ মোক ফাল্টু ভাবিছে নেকি৷ মই এতিয়া কেচ দিলে কংগ্ৰেছ বিলাক ক’ত যাব৷ মই মুখ্যমন্ত্ৰী হয়৷ নজনাকে নপঢ়াকৈ মই একো নকও৷ যদি সাহস আছে এজন কংগ্ৰেছী মোৰ লগত থিয় হৈ জাষ্টিচ বিপ্লব শৰ্মাৰ প্ৰতিবেদন পঢ়ক৷
ৰাকেশ পালক একো কৰিব নোৱাৰে একেলগে লুটি পুটি খোৱাৰ বাবে৷ এতিয়া মোক সময় দিয়ে ৷ কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে কিয় ৰাকেশ পালক এ পি এছ চিৰ অধ্যক্ষ কৰিছিল৷ সোণৰ গহণা বিয়াত কিয় প্ৰেজেন্ট লৈছিল-এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷
আজি বৰপেটা জিলাৰ নগাওত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ বিজয় সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীক ২৪ ঘন্টা সময়সীমা বান্ধি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেও কয় যে কংগ্ৰেছে একেলগে লুটি পুটি খোৱাৰ বাবে ৰাকেশ পালক একো কৰিব নোৱাৰে ৷
এতিয়া কংগ্ৰেছে মোক সময় দিয়ে৷ মোক নহয়, বিপ্লৱ শৰ্মাক সময় দিয়ক৷ মই মাৰ গাখীৰ খায়েই ডাঙৰ হৈছো৷ মই কংগ্ৰেছক ভয় নকৰো৷ ইপিনে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিবামনি বৰাৰ ওপৰত আক্ৰমণৰ ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ধিং ৰুপহীহাটত আমাৰ বুথ কমিটিয়ে নাই ৷
তাত আমাৰ মানুহে নাই৷ কেনেকৈ আক্ৰমণ কৰিব ৷ ত্ৰিশ লাখ পঞ্চাশ লাখত কংগ্ৰেছৰ টিকট কিনা বেচা হৈছে৷ ত্ৰিশ লাখত টিকট নোপোৱা জনে গাড়ীত আক্ৰমণ কৰিছে৷ কংগ্ৰেছত দুটা গ্ৰুপ আছে৷ ইটো গ্ৰুপে সিটো গ্ৰুপৰ লগত আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থাকিব৷ গৌৰব গগৈ ৰকিবুল হুছেইনৰ মাজত এটা গ্ৰুপ৷ লাহৰীঘাটৰ এম এল এৰ এটা গ্ৰুপ৷ প্ৰদ্যুৎ বৰদলৈৰ এটা গ্ৰুপ৷ এই গ্ৰুপ কেইটাৰ মাজতে মাৰামাৰি হৈ আছে ৷
আনহাতে গৌৰব গগৈৰ পাকিস্থান ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পাকিস্থান কোনো পৰ্যটন ক্ষেত্ৰ নহয় ৷ পাকিস্তান সন্ত্ৰাসবাদীৰ আড্ডাস্থলী ৷ পাকিস্থানত ১৫ দিন থকাটো সহজ কথা নহয়৷ সময়ত এই কথাবোৰ সোধ-পোছ হব ৷
ইপিনে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুৰ বিহীন ফটো প্ৰকাশ কৰা ঘটনাক সমালোচনা কৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীক এই সময়ত আমি সমৰ্থন কৰিব লাগে৷ কংগ্ৰেছৰ একাংশই পাকিস্তান-ক সমৰ্থন কৰি আছে৷ তেওলোকে প্ৰধানমন্ত্ৰীৰ ডিঙিটো কাটি মাটিত পেলাই দিছে৷ কৰিব লাগিছিল পাকিস্তান-ৰ প্ৰধানমন্ত্ৰীৰ কৰিছে কিন্তু কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ৷ কংগ্ৰেছ ভাৰত বিৰোধী শক্তিৰ দ্বাৰা পৰিচালিত৷ নিৰ্ব্বাচনী সভাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,সংখ্যালঘূ ৰাইজে দীৰ্ঘদিন ধৰি কংগ্ৰেছক ভোট দি আহিছে৷
তেওঁলোকৰ মতে,বিজেপি বেয়া,কংগ্ৰেছ ভাল৷ কংগ্ৰেছক ভোট দিয়াসকলে মোক কওঁক, কোকৰাঝাৰ, ওদালগুৰিত সংঘটিত গোষ্ঠীগত সংঘৰ্ষ বিজেপিৰ দিনত নে কংগ্ৰেছৰ দিনত হৈছিল৷ বিজেপিৰ দিনত আজি গোষ্ঠীগত সংঘৰ্ষ নাই,বোমা বিস্ফোৰন নাই৷ এক শান্তিৰ পৰিৱেশত অসমখন আগবাঢ়ি গৈছে ৷
তেওঁ কয় যে,কংগ্ৰেছৰ দিনত এটা অংগনবাদী চাকৰিৰ কাৰণেও টকা দিব লাগিছিল ৷ আনকি আঠুৱা সুতা কম্বলৰ কাৰণেও কংগ্ৰেছৰ দালালক টকা দিব লাগিছিল ৷ কংগ্ৰেছৰ দিনত আমাৰ চাৰিওফালে অশান্তিময় পৰিৱেশ সৃষ্টি হৈছিল৷ কংগ্ৰেছক যদি ভোট দিয়ে আমি পুণৰ লুঙি,ধূতি পাম আৰু বিজেপিক ভোট দিলে অৰুণোদয় পাম ৷
তেওঁ কয় যে,কংগ্ৰেছক ভোট দি কোনো লাভ নাই৷ কংগ্ৰেছ এতিয়া ৰাইজৰ লগত নাই৷ কংগ্ৰেছ পাক্কা হাৰিব৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,বিজেপিৰ দিনত ঠেলাৱালা,ৰিস্কাৱালাৰ লৰাই এচিএচ চাকৰি পাইছোঁ ৷ আজি অসমত সকলোৱে বুজি উঠিছে,লৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰালে কৰবাত নহয় কৰবাত এটা চাকৰি পাব ৷
আনহাতে,ভাষণ প্ৰসংগত তেওঁ পঞ্চায়ত নিৰ্বাচনত প্ৰায়কেইখন জিলাতেই জিলা পৰিষদ গঠন কৰিব বুলি দাবী কৰে ৷ তেও আৰু কয় যে, এই পাঁচ বছৰ আমাৰ বাবে নৃত্য নাটিকা৷ এই পাঁচ বছৰত শিকিলো, বুজিলো, কৰিলো ৷ অহা পাচ বছৰত আৰু অধিক কাম আমি কৰিম ৷ ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰপেটা জিলাৰ সমস্যা সমূহ লাহে লাহে দুৰীকৰণ কৰিম বুলি উল্লেখ কৰি তেওঁ কয় যে,আমিনগাঁৱৰ পৰা বৰপেটালৈ ৰাষ্ট্ৰীয় ঘাইপথ হব পিচলৈ ৰেলপথও হব ৷ বৰপেটা, পাটবাউসী সত্ৰৰ উন্নয়ন সাধন কৰাৰ দৰে পৰৱৰ্তী সময়ত বহৰি সত্ৰ উন্নয়নৰ বাবেও কাম কৰা হব৷
আজিৰ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস, বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ বৰপেটা জিলাৰ সহ: প্ৰভাৰী বিভূতি ভুষণ বৰঠাকুৰ, অসম পেট্ৰ’কেমিকেল লিমিটেডৰ সঞ্চালক জিতু তালুকদাৰ, বিজেপিৰ জিলা সভাপতি মহেন্দ্ৰ দাস, নিপা কলিতা, অনিল দাসকে ধৰি কেবাগৰাকী অগপ বিজেপি নেতাই অংশগ্ৰহণ কৰে ৷
প্ৰেৰক নৱজিত বায়ন