মাকুমত সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে অব্যাহত ৰাখিছে ব্যাপক প্ৰচাৰ অভিযান। আজি তিনিচুকীয়া জিলাৰ মাকুম বিধান সভা সমষ্টিত ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালৰ বাবে প্ৰচাৰ চলাবলৈ তিনিচুকীয়াত আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে মাকুম সমষ্টিৰ অন্তৰ্গত বজালতলী চাহ বাগিচাত আহি এক নিৰ্বাচনী সভাত অংশ লয়। প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্বাচনী সভাত উপস্থিত হয় হাজাৰ হাজাৰ ৰাইজ। বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ সভাখনি। ৰাইজৰ আনন্দ উল্লাহ দেখি মুখ্যমন্ত্ৰীগৰাকীয়ে অতি আনন্দিত হৈ কয় যে এইবাৰ লোকসভা নিৰ্বাচনত যে বিজেপিয়ে জয় লাভ কৰিব সেয়া নিশ্চিত। লগতে সৰ্বানন্দ সোনোৱালক চাৰি লাখতকৈ অধিক ভোটত জয় লাভ কৰাবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায়। নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হবই, চাৰিশ আসন পাৰ কৰি নৰেন্দ্ৰ মোদী ভাৰতৰ পুনৰ প্ৰধানমন্ত্ৰী হব। ইতিমধ্যে সমীক্ষাত এইটো প্ৰায় নিশ্চিত হৈছে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱা লগতে সৰ্বানন্দ সোনোৱাল কেন্দ্ৰীয় মন্ত্ৰী হলে অসমৰ আৰু উন্নতিৰ পথত আগবাঢ়ি যাব বুলি কয়। ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমেও যাতে গৌৰৱেৰে কব পাৰে নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী পাতিলো। অসমৰ ১৩ খন আসনতেই বিজেপি জয় লাভৰ বাবে ৰাইজৰ ওচৰত আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ সৃষ্টি হোৱা মাকুম সমষ্টিৰ এই প্ৰথমটো নিৰ্বাচনত বিজেপিয়ে যাতে ১০০% ভোটত জয় লাভ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক অনুৰোধ জনায়। তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নতুনকৈ ৫০ হাজাৰ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া কথা ঘোষণা কৰে। ভূমি পট্টাৰ সকলো অসম্পূৰ্ণ কাম বসুন্ধৰা ৩ ত পুনৰ সম্পূৰ্ণ কৰা হব বুলি উল্লেখ কৰে। “মোদী হে টো মুক্কিন হে, মোদী কা গেৰেণ্টি হে। সাথ মে মামা কা ৱাৰেন্টি হে। ” বুলি উল্লেখ কৰি কয় যে লাখপতি বাইদেউ, অৰুনোদয় আদি আঁচনি সফলৰূপত ৰূপায়ণ হোৱাত এইয়া মূলমন্ত্ৰ। বিৰোধীয়ে যিমান সমালোচনা কৰিলেও অসমৰ ৰাইজক বিজেপিয়ে কথা দিয়া মতেই সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু ভৱিষ্যতলেও পূৰণ কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। বিৰোধীয়ে কেৱল বিজেপিক গালি গলাজ কৰিয়ে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। অসমৰ ৮৫৫ গৰাকী শ্বহীদৰ বাবে একমাত্ৰ কংগ্ৰেছেই জগৰীয়া। কেৱল জয় আই অসম ধ্বনিৰে অসমক ভাল পোৱা নুবুজায় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকা সকলোৱে অৰুনোদইৰ লাভ কৰিব বুলি গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰেচন কাৰ্ড থকা সকলে উজ্জ্বলা গেছ সুবিধা লাভ কৰা লগতে ইঞ্চুৰেঞ্চৰ সুবিধাও লাভ কৰিব বুলি কয়। মেট্ৰিক পাছ কৰা সকলো ছাত্ৰীয়ে মহাবিদ্যালত বিনামূলীয়া নামভৰ্তি পোৱাৰ লগতে প্ৰতি বছৰে ১০০০০ /- টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীয়ে মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি পোৱাৰ লগতে প্ৰতি বছৰে ১২,৫০০ /- টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰে। বিশ্ববিদ্যালয় পৰ্যায়ত ২৫,০০০/- টকাকৈ দিয়া হব বুলি কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জীয়াই থকালৈ অসমৰ ৰাইজৰ হকে কাম কৰি যাম বুলি কয়। অসমক ভাৰতৰ ভিতৰত এক শ্ৰেষ্ঠ ৰাজ্যৰূপে লৈ যোৱাতো সপোন মুখ্যমন্ত্ৰীগৰাকীৰ। আজিৰ এই সভাত উপস্থিত থাকে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষান, বিধায়ক পোনাকন বৰুৱা, বিধায়ক সুৰেণ ফুকন, বিজেপি জিলা সভাপতি কুশকান্ত বড়া, অসম গণ পৰিষদৰ জিলা সভাপতি প্ৰবীণ দত্ত, বিজেপি ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাই, দিগন্ত পাদুন, পুলক চেতিয়া, শংকৰ দাস, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোঁহাই, হৰেন দেউৰী লগতে কেইবাগৰাকী গণ্য মান্য ব্যক্তি।
প্ৰেৰক সুৰজ দাস