মৰিয়নীত চাহ শ্ৰমিকৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: প্ৰকৃতিৰ মনোমোহা ৰূপেৰে আবৃত্ত মৰিয়নি বিধানসভা সমষ্টিৰ চৈকটা চাহ বাগিচাৰ চাহ শ্ৰমিকৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুপৰীয়াৰ সাঁজ তৃপ্তিৰে গ্ৰহণ কৰি চাহ শ্ৰমিকসকলৰ সুখ-দুখৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইপিনে মৰিয়ণীত উপ নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কয়, “আজি মৰিয়নি বিধানসভা সমষ্টিৰ চৈকটা চাহ বাগিচাৰ ভাই-ভনীসকলৰ মাজত অন্তৰংগতাৰে কিছু সময় কটালোঁ। দুপৰীয়াৰ সাঁজ তৃপ্তিৰে গ্ৰহণ কৰি তেওঁলোকৰ সুখ-দুখৰ বুজ ল’লোঁ। অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে আমাৰ চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। চহকী সংস্কৃতিৰে পূৰ্ণ জনগোষ্ঠীটোৰ লোকসকল যাতে আৰ্থিক আৰু শৈক্ষিক দিশত আন জাতি-জনগোষ্ঠীৰ লোকৰ সৈতে সমানে ফেৰ মাৰি আগুৱাই যাব পাৰে তাৰবাবে একাধিক পদক্ষেপ হাতত লৈছোঁ। বহু পদক্ষেপে ইতিমধ্যে পূৰ্ণতা পাইছে। অনাগত দিনবোৰত ৰূপায়ণ কৰিবলগীয়া কিছু পদক্ষেপৰ বিষয়ে তেওঁলোকক অৱগত কৰিলোঁ।”