নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ ৰংমহলত আদর্শ বিদ্যালয় উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১৯ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জালুকবাৰীৰ ৰংমহলত নতুনকৈ প্রতিষ্ঠা কৰা আদর্শ বিদ্যালয় শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে লগতে একেটা চৌহদৰ এই একেটা ভৱনতে নতুনকৈ নির্মাণ কৰা ৰংমহল উচ্চ মাধ্যমিক বিদ্যালয় ভৱনো শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে আজি কেৱল জালুকবাৰী সমষ্টিৰ বাবেই নহয়, সমগ্র অসমৰ বাবে এক আনন্দৰ দিন৷ আজিৰ দিনটোত অসমৰ বিভিন্ন স্থানত  বিদ্যালয় আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে ভিতৰত অসমীয়া মাধ্যমৰ ১৯ খন বিদ্যালয় চাহ বাগিচা এলেকাত হব৷ ১৮ খন বিদ্যালয় আজি অসমৰ বিভিন্ন ঠাইত মুকলি হৈছে বুলিও তেওঁ কয়৷ তেওঁ কয় যে  ৰাজ্য চৰকাৰে শিক্ষাক এক উৎসৱ হিচাপে পৰিগণিত কৰিছে৷ একেটা স্থানতে ৰংমহল হাইস্কুল আৰু আদর্শ বিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ছেবা আৰু চি বি এছ চিৰ অধীনত এই দুখন বিদ্যালয়ে প্রতিযোগিতামুখী দৃষ্টিভংগীৰে শিক্ষা প্রদান কৰিব পাৰিব৷ মুখ্যমন্ত্রীয়ে ৰংমহল হাইস্কুলৰ ইতিহাস সম্পর্কত আলোকপাত কৰি এই বিদ্যালয় স্থাপনত অৰিহণা যোগোৱা সকলোলৈকে আন্তৰিক শ্রদ্ধা জ্ঞাপন কৰে৷  তেওঁ  বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীক উপযুক্ত মানৱ সম্পদ নির্মাণৰ লক্ষ্যৰে শিক্ষাদানত ব্রতী হব বুলিও আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে আদর্শ বিদ্যালয় চি বি এছ চিৰ অধীনত হোৱাৰ লগতে ইংৰাজী মাধ্যমৰ হব৷ তেওঁ কয় যে প্রতিটো সমষ্টিতে একোখনকৈ আদর্শ বিদ্যালয় স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নির্দ্ধাৰণ কৰিছে যাতে দৰিদ্র পৰিয়ালৰ অভিভাৱক সকলেও চি বি এছ ছি তথা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাব পাৰে৷ ৰাজ্য চৰকাৰে চৰকাৰী পর্যায়ত এনে সুবিধা উপলব্ধ কৰাব বিচাৰিছে৷ ১২৬ খন বিদ্যালয়ৰ ভিতৰত ৫৫ খন বিদ্যালয় স্থাপনৰ কাম সম্পূর্ণ হব বুলি উল্লেখ কৰি তেওঁ কয় যে অনাগত দিনত ৭১ খন বিদ্যালয়ৰ কাম আৰম্ভ কৰা হব৷ আদর্শ বিদ্যালয়সমূহত বিজ্ঞানাগাৰ, স্মার্টক্লাছ, কম্পিউটাৰ লেবৰেটৰী, পুথিভৰাঁল থকাৰ লগতে প্রজেক্ট চাইল্ড নামৰ ব্যৱস্থাৰে মানসিক উৎকর্ষ সাধনৰ বাবেও কাম কৰি থকা হৈছে বুলি তেওঁ কয়৷ এই আদর্শ বিদ্যালয়সমূহত নিয়মীয়াকৈ বিজ্ঞান প্রদর্শনী, আলোচনা চক্র, কর্মশালা, খেল–ধেমালী আৰু ক্রীড়া প্রতিযোগিতা, সাংসৃক্তিক কার্যসূচী, শিক্ষামূলক ভ্রমণ আদিৰ লগতে শিক্ষার্থীসকলৰ মাজত বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ বাবেও কাম কৰা হয় বুলি মুখ্যমন্ত্রীয়ে কয়৷ শিক্ষামন্ত্রী হৈ থকাৰ সময়তে আদর্শ বিদ্যালয় স্থাপনৰ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি এই শিক্ষানুষ্ঠানসমূহৰ পৰা মেড্রিকত ৯৫ শতাংশ ছাত্র–ছাত্রী সুখ্যাতিৰে উত্তীর্ণ হবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে এই বিদ্যালয়সমূহত অহা বছৰৰ পৰা একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রম আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে জালুকবাৰী সমষ্টিৰ চাংসাৰিত আন এখন বিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ সমষ্টিটোৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কাম হাতত লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমষ্টিটোৰ ১০খন বিদ্যালয়ত ৮ কোটি টকাকৈ ব্যয় কৰি ভৱন নির্মাণৰ কাম অব্যাহত ৰখা হৈছে আৰু ২০২৬ চনৰ আগতে এই কাম সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছে৷  ২০২৬ চনৰ আগতে অসমৰ ২ হাজাৰ হাইস্কুল ৮ ৰ পৰা ১০ কোটি টকা ব্যয় সাপেক্ষে সুন্দৰকৈ নির্মাণ কৰা হব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে এনে ধৰণৰ পদক্ষেপৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থাক নতুন দিগন্তলৈ লৈ যোৱাটো সম্ভৱ হৈ উঠিব৷ মুখ্যমন্ত্রীয়ে কয় যে আজি এই অঞ্চলটোৱে উন্নয়নৰ এক নতুন দিগন্তলৈ গতি কৰিছে৷ গুৱাহাটী– উত্তৰ গুৱাহাটী দলং সম্পূর্ণ হৈ উঠাৰ পিছত বহু কার্যালয় স্বাভাৱিকভাৱে এই অঞ্চললৈ আহিব৷ তেওঁ কয় যে লাহে লাহে  ৰুদ্রশ্বেৰ, শৰাইঘাট, ধোপাতাৰী, আমিনগাঁও গাঁও পঞ্চায়ত, উত্তৰ গুৱাহাটী টাউন সমিতিক গুৱাহাটী পৌৰ নিগমৰ অংশ হিচাপে বিকাশ কৰিব বিচাৰিছো যাতে মানুহে অঞ্চলটোক গুৱাহাটী হিচাপে অভিহিত কৰিব পাৰে৷ তেওঁ কয় যে আই আই টি আৰু এইমছৰ লগতে জালুকবাৰী সমষ্টিত নেশ্যনেল ফৰনেছিক চাইন্স ইউনিভাৰচিটিৰ কাম অতি সোনকালে আৰম্ভ হব৷ আই আই টি গুৱাহাটীতা এখন স্নাতকোত্তৰ চিকিৎসা মহাবিদ্যালয় নির্মাণৰ জৰিয়তে গৱেষণামূলক চিকিৎসাক আগুৱাই লৈ যাবলৈ বিচৰা হৈছে৷ এনেবোৰ কাম–কাজৰ জৰিয়তে জালুকবাৰী সমষ্টিৰ লগতে সমগ্র ৰাজ্যখনক আগববাই লৈ যাব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আগবেোৱা সহায়–সহযোগিতাৰ বাবেহে অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈ পৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ছাত্র–ছাত্রীসকলক বিনামূলীয়া পাঠ্যপুথিও প্রদান কৰে৷ অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, সাংসদ কুইন ওজা, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্ত উপস্থিত থাকে৷
You might also like