নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ লাচিত মৈদামৰ কামৰ অগ্ৰগতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১০ জুলাইঃ ২০২৪ বৰ্ষৰ জানুৱাৰী মাহত সম্পূৰ্ণ হ’ব বহু প্ৰত্যাশিত যোৰহাটৰ লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প। আজি বিয়লি যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত উপস্থিত হৈ ডেৰশ কোটি টকীয়া বৃহৎ প্ৰকল্পটোৰ কামৰ অগ্ৰগতিৰ বুজ লৈ এই কথা সদৰী কৰিছে। উল্লেখ্য যে জাতীয় বীৰ জনাৰ স্মৃতি যুগমীয়া কৰাৰ লগতে বিশ্বৰ বুকুত সঠিকভাৱে জাতীয় বীৰ লাচিত বৰফুকনৰ চিন্তাধাৰা প্ৰতিষ্ঠা সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। আৰু এনে চিন্তাৰ অংশ স্বৰূপে ২০২২ বৰ্ষৰ ১৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী গৰাকীয়ে ৫০ বিঘা ভুমিত ভুমি পূজনেৰে শুভাৰম্ভ কৰিছিল এই প্ৰকল্প।সম্প্ৰতি ১২ শতাংশ কাম সম্পূৰ্ণ হৈছে এই প্ৰকল্পৰ। উক্ত প্ৰকল্পৰ ঠিকা আবন্তন লাভ কৰা আহলুৱালিয়া কনস্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ বিষয়ববীয়াৰে বৈঠকত মিলিত হৈ তেওঁ এই কথা অৱগত কৰে।একেদৰে নতুন দিল্লীৰ নয়দাত নিৰ্মাণ কৰি থকা জাতীয় বীৰ গৰাকীৰ ২৫ মিটাৰ উচ্চতাৰ  জাতীয় বীৰজনাৰ প্ৰতিমূৰ্তিৰ কামো প্ৰায় ৬০ শতাংশ সম্পূৰ্ণ হোৱা বুলি অৱগত কৰে মুখ্যমন্ত্ৰীয়ে।ৰাইজৰ সহযোগিতা আৰু লোক নিৰ্মাণ বিভাগৰ তৎপৰতাত ক্ষীপ্ৰতাৰে নিৰ্মাণ কাৰ্য চলোৱা ঠিকাদাৰী প্ৰতিষ্ঠানৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰতিকূল বতৰকো নেওচি প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লবলৈ অহা মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায় লাচিত মৈদাম সংৰক্ষণ সমিতিৰ লগতে স্থানীয় লোকে। গায়ন-বায়নেৰে মূল তোৰণৰ সন্মুখৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক আদৰি নিয়াৰ পাছতেই তাই আহোমসকলৰ পৰম্পৰাগত প্ৰাৰ্থনাৰে মৈদাম তৰ্পণ কৰি বীৰজনাক স্মৰণ কৰে। বহুকেইটা কাৰ্যসূচী লৈ যোৰহাটলৈ অহা মুখ্যমন্ত্ৰীগৰাকীক আজিৰ এই কাৰ্যসূচীত সংগ দিলে ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ, মন্ত্ৰী বিমল বৰা, যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত, বিধায়ক হিতেন্দ্ৰ গোস্বামী, তৰংগ গগৈ, ৰূপজ্যোতি কুৰ্মী আৰু টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই।

প্ৰেৰক দিগন্ত হাজৰিকা

You might also like