বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দিনজোৰা কার্যসূচীৰে নলবাৰীত উপস্থিত হৈ জিলাখনক ৰাজ্যখনৰ এখন অন্যতম সর্বাংগীন বিকাশশীল জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুঠ ১২ টা প্রকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে এই ১২টা প্রকল্পৰ আনুমানিক প্রকল্প ব্যয় ৬৮০ কোটি টকা নির্দ্ধাৰণ কৰা হৈছে৷ আজি উদ্বোধন তথা শিলান্যাস কৰা প্রকল্পসমূহৰ ভিতৰত অন্যতম হৈছে ৫১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হবলগীয়া সৰিয়হতলীস্থিত জিলা ক্রীড়া ষ্টেডিয়াম প্রকল্প, ১০৬ কোটি টকা ব্যয়সাপেক্ষে নলবাৰী চহৰৰ সৌন্দর্যৱর্দ্ধনৰ কাম, আনুমানিক ৫০ কোটি টকা ব্যয়সাপেক্ষে সংহত উপায়ুক্ত কার্যালয় প্রকল্প, ৫ কোটি টকা ব্যয়সাপেক্ষে চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানৰ উন্নীতকৰণ, ৰাজ্যত প্রথমবাৰৰ বাবে থ্রিডি প্রজেক্শ্যন সম্বলিত বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ৷ তদুপৰি মুঠ প্রায় ২০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও পথ উন্নয়ন প্রকল্পৰো আজি শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে সৰিয়হতলীত প্রস্তাৱিত জিলা ক্রীড়া ষ্টেডিয়াম চৌহদত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে এই পদক্ষেপসমূহে নলবাৰী জিলাবাসীৰ আশা–আকাংক্ষা পূৰণৰ দিশত বহুদূৰ আগবঢা়ই নিব পাৰিব৷ নলবাৰীবাসীৰ আশা–আকাংক্ষা পূৰণৰ প্রতি ৰাজ্য চৰকাৰখন সংবেদনশীল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই পদক্ষেপসমূহ আগন্তুক দিনত নলবাৰী জিলাক সকলো দিশতে এখন অগ্রণী জিলালৈ ৰূপান্তৰকৰণৰ দিশতো সহায়ক হৈ উঠিব৷ তেওঁ জিলাখনৰ আর্থ–সামাজিক আৰু শৈক্ষিক উন্নয়নৰ বাবে চৰকাৰৰ প্রচেষ্টাত সহযোগিতা আৰু সমর্থন আগবঢা়বলৈ জিলাখনৰ জনসাধাৰণক আহ্বান জনায়৷ তেওঁ চামতাত এখন অত্যাধুনিক ষ্টেডিয়াম নির্মাণৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰিব বুলি কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপসমূহে উন্নয়নৰ দিশত যি নতুন প্রৱাহ বোৱাঁইছে তাৰ জৰিয়তে সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ কল্যাণক গুৰুত্ব প্রদান কৰা হৈছে৷ পূর্বতে জনসাধাৰণে দাবী পূৰণৰ বাবে ধর্মঘট আৰু বিক্ষোভৰ আশ্রয় লবলগীয়া হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে জনসাধাৰণৰ অভাৱ অভিযোগ উপলব্ধি কৰি বর্তমানৰ ৰাজ্য চৰকাৰে জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণৰ বাবে এই পদক্ষেপসমূহ গ্রহণ কৰিছে৷ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যেৰে লোৱা বিভিন্ন ব্যৱস্থাৱলী বিশেষকৈ দৰিদ্রতা নির্মূলৰ লক্ষ্যৰে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি এই কার্যসূচীসমূহ ৰূপায়ণৰ দিশত মুখ্যমন্ত্রীয়ে জনসাধাৰণৰ সহযোগিতা বিচাৰে৷ প্রথম পর্যায়ত অৰুণোদয় আঁাঁচনিৰ পৰা বাদ পৰি ৰোৱা পৰিয়ালসমূহক অৰুণোদয় ২.০ৰ জৰিয়তে যাতে লাভান্বিত হব পাৰে তাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়৷ তেওঁ মিছন বসুন্ধৰা ২.০ৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্রত জনসাধাৰণৰ সহযোগিতাৰ বাবে আহ্বান জনায়৷ ধানখেতিৰ লগত জডিত কৃষকসকলক ধান ক্রয় আঁচনিৰ সুবিধা গ্রহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে কৃষকে মধ্যভোগী আৰু অসাধু ব্যৱসায়ীক বিক্রী নকৰাটো নিশ্চিত কৰাৰ বাবে এই কামৰ শুভাৰম্ভ কৰা হৈছে৷ তেওঁ কয় যে কৃষকৰ পৰা প্রতি কুইণ্টলত ২০৪০ টকাৰ তলত ধান ক্রয় কৰা যিকোনো ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সকলো উপায়ুক্তক নির্দেশ প্রদান কৰা হৈছে৷ অনুষ্ঠানত মন্ত্রী অজন্তা নেওগ, জয়ন্তমল্ল বৰুৱা, চন্দ্রমোহন পাটোৱাৰী, কেশৱ মহন্ত আৰু ৰঞ্জিত কুমাৰ দাসৰ লগতে অসম ৰাজ্যিক চলচিচত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ উপস্থিত থাকে৷