পৰিবহণ বিভাগৰ ১০ টা আধাৰ সংযুক্ত অনলাইন সেৱা আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰীৰ
ধুবুৰী আৰু শিলচৰ ফেৰী সেৱাৰ ই-টিকেটিং প্ৰণালীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বিগত বৰ্ষত পৰিবহণ বিভাগৰ দ্বাৰা ৩টা অনলাইন আধাৰ সংযুক্ত সেৱা সফলতাৰে ৰূপায়ণ কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনে আৰু ১০ টা আধাৰ সংযুক্ত অনলাইন সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। গুণগত মানসম্পন্ন ৰাজহুৱা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ আজিৰে পৰা মালিকীস্বত্ব স্থানান্তৰ, হাইপোথেকেচন বাতিল আৰু অনুমোদন, এন অ’ চি, ঠিকনা পৰিৱৰ্তন, পঞ্জীয়নপত্ৰৰ প্ৰতিলিপি, আন্তৰ্জাতিক ড্ৰাইভিং পাৰ্মিট আদিকে ধৰি ১০ টা অনলাইন সেৱা আৰম্ভ কৰা হৈছে।
এই ১০টা সেৱাই জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহত বছৰি প্ৰায় ৪ লাখ লোকৰ সমাগম হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, ইতিপূৰ্বে আৰম্ভ কৰা এক অনলাইন সেৱাৰ জৰিয়তে বৰ্তমানলৈ মুঠ ৪,৫২,০০০ লোকে লাৰ্নাৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তথ্য প্ৰযুক্তি আৰু পৰিবহন বিভাগৰ অধীনত সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ মাজত পঞ্চায়ত পৰ্যায়ত উপৰোক্ত অনলাইন সেৱাসমূহৰ সুবিধা প্ৰদান কৰাৰ বাবে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। অসমত ১৩,৫৬৮ টা চি এছ চিয়ে জনসাধাৰণক সেৱা প্ৰদান কৰিব।
ইয়াৰ উপৰিও, এই অনুষ্ঠানতে আভ্যন্তৰীণ জল পৰিবহণ সেৱা সুৰক্ষিত আৰু অসুবিধামুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীভিত্তিক ফেৰী সেৱাৰ বাবে নৈশ পথ- প্ৰদৰ্শনৰ সুবিধাৰ লগতে ধুবুৰী আৰু শিলচৰ ফেৰী সেৱাৰ বাবে ই-টিকেটিং প্ৰণালীৰ শুভাৰম্ভণি কৰে।
আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।
To ensure efficient public service delivery, launched 10 contactless services of Transport Dept. These include vehicle ownership transfer, hypothecation cancellation & endorsement, NOC, address change, duplicate certificate, international driving permit, licence replacement, etc. pic.twitter.com/aHTV6dvI4O
— Himanta Biswa Sarma (@himantabiswa) February 19, 2022