নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত অতিৰুদ্ৰ মহাযজ্ঞত আহুতি প্ৰদান সপত্নীক মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ কামৰূপৰ আমিনগাঁৱৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বিশ্ব শান্তিৰ বাবে সাতদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা অতিৰূদ্ৰ মহা যজ্ঞৰ আজি তৃতীয় দিন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্য্য আৰু প্ৰাণজিৎ ডেকাৰ তত্ত্বাৱধানত অনুষ্ঠিত এই মহাযজ্ঞত আজি পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহধৰ্মিণী তথা প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাক লগত লৈ যজ্ঞস্থলীত উপস্থিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ সহধৰ্মিণীৰ সৈতে যজ্ঞস্থলী প্ৰদক্ষিণ কৰা লগতে যজ্ঞত আহুতি প্ৰদান কৰে। যজ্ঞস্থলীত মুখ্যমন্ত্ৰীগৰাকীৰ  লগত যজ্ঞত ভাগ লয় কামৰূপৰ জিলা আয়ুক্ত কীৰ্তি জল্লী, মহকুমাধিপতি ৰশ্মি প্ৰতাপ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্য্যই। ইয়াৰ পাছত হৰ পাৰ্বতীৰ প্ৰতিমূৰ্ত্তিত সেৱা লয়। উল্লেখ্য যে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা  ৰিণিকি  ভূঞা  শৰ্মাই কালিও এই মহাযজ্ঞত ভাগ লৈছিল। মুখ্যমন্ত্ৰীৰ উপৰি আজি এই যজ্ঞত আহি শিৱ পাৰ্বতীৰ আশিস লয় বিধায়ক দিগন্ত কলিতা আৰু প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। ২০১৮ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই অতিৰুদ্ৰ মহাযজ্ঞৰ ২৭ ছেপ্টেম্বৰত পূৰ্ণাহুতিৰে সামৰণি পৰিব। উল্লেখযোগ্য যে দক্ষিণ ভাৰত, উত্তৰ ভাৰত, পশ্চিম ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৫০গৰাকী পুৰোহিতে এই মহাযজ্ঞত  ভাগ লৈছে। মুঠ ১১টা কুণ্ডত  হোৱা এই মহাযজ্ঞত ১৫০০০ জপ কৰা হ’ব। শেষত ১৫০০ ৰুদ্ৰ পাঠেৰে  ২৭ ছেপ্টেম্বৰত যজ্ঞৰ সামৰনি পৰিব।

প্ৰেৰক মুনীন ডেকা 

You might also like