বিশেষ বাৰ্তা, ২৯ আগষ্টঃ আজি মুকলি কৰা হ’ল মালিগাঁও নীলাচল উৰণ সেতু। পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনাই ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণ সেতুখন। এতিয়াৰে পৰা গুৱাহাটীত যান-জঁটৰ সমস্যাত ভুগিব নালাগে জনসাধাৰণে। উল্লেখ্য যে অসমৰ ভিতৰতে দীৰ্ঘতম নীলাচল উৰণ সেতুখন। যোৱা দুই বছৰ চাৰি মাহ ধৰি সেতুখনৰ নির্মাণ কার্যৰ অন্তত আজি যাতায়াতৰ বাবে মুকলি কৰা হয়। মুকলিৰ বাবে সেতুখন ন–কইনাৰ দৰে সজাই–পৰাই তোলা হয়। মন কৰিবলগীয়া এয়ে যে জালুকবাৰী–ভৰলু সংযোগী উৰণ সেতুখনৰ এটা অংশ পাণ্ডুলৈও যাব আৰু ভৱিষ্যতে কামাখ্যা মন্দিৰলৈ যোৱাৰ বিকল্প পথটোৰ সৈতে সংযোগ হ’ব৷ মালিগাঁৱৰ উৰণীয়া সেতুৰ ওপৰত ৰামধেনু আকৃতি নির্মাণ কৰা হৈছে৷ তিনিআলি জংছনত পৃথিৱীৰ গ্লোব থাকিব৷ উৰণীয়া সেতুখনৰ তলৰ অংশ অসমৰ সাজ–পোছাক, বাদ্যযন্ত্র আৰু অৰণ্যত থকা বন্যপ্রাণীৰ দৃশ্য অংকন কৰা হৈছে৷ একেদৰে উৰণীয়া সেতুখনৰ লেণ্ডিং পইণ্টত দুটা গতিৰোধক থাকিব৷ যাতে তলৰ পৰা অহা গাড়ী আৰু উৰণীয়া সেতুখনৰ ওপৰৰ পৰা গাড়ীৰ মাজত কোনো সংঘাত হ’বলৈ নাপায়৷ তদুপৰি এই উৰণীয়া সেতুখন এনেদৰে নির্মাণ কৰা হৈছে কেতিয়াবা যান–জঁটৰ সৃষ্টি হ’লে এম্বুলেন্স আদিয়ে ইউ টার্নো ল’ব পাৰিব৷ বছৰৰ পাছত বছৰ ধৰি মালিগাঁও অঞ্চলত সৃষ্টি হৈ অহা যান–জঁটৰ সমস্যাৰো অৱসান ঘটিল আজিৰ পৰা৷