নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষড়যন্ত্রকাৰীক কৰায়ত্ত কৰাৰ কঠোৰ নির্দেশ মুখ্যমন্ত্রীৰ

অসম আৰক্ষীৰ এছআই পদৰ প্রশ্ণকাকত ফাদিল

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ষড়যন্ত্রকাৰীসকল চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ কঠোৰ নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ কালি নিশা নতুন দিল্লীৰ পৰা উভতি আহিয়েই নিজৰ চৰকাৰী বাসভৱনত আয়োজিত এক বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ দ্বাৰা অনুষ্ঠিত এছআই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাৰ সবিশেষ বুজ লয়৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে এমাহৰ ভিতৰত স্বচ্ছতাৰে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰি শীঘ্রে ফলাফল ঘোষণা কৰিবলৈ ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰক নির্দেশ দিয়ে৷ লগতে ভৱিষ্যতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত এনেধৰণৰ কোনো বেমেজালি নোহোৱাটো সুনিশ্চিত কৰাৰ ক্ষেত্রতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ বৈঠকত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীয়ে ইতিমধ্যে এইক্ষেত্রত গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্রী সোণোৱালক৷ গুৰুত্বপূর্ণ এই বৈঠকখন আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ উপৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, গৃহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, হৰমিট সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, আৰক্ষী মহাপৰিদর্শক হীৰেন নাথ, গৃহ বিভাগৰ আয়ুক্ত–সচিব জি ডি ত্রিপাঠী, ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰ আদি উপস্থিত আছিল৷

You might also like