নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ–পূব এছিয়াৰে দৃঢ় সম্পর্কৰ মূল কেন্দ্র হ’ব গুৱাহাটী আইআইটি

ডিঙিত গামোচা লৈ দীক্ষান্ত সমাৰোহত মোদীৰ ভার্চুৱেল ভাষণ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  প্রতিগৰাকী শিক্ষার্থীৰ বাবে দীক্ষান্ত সমাৰোহ এক বিশেষ দিন৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে এই ব্যতিক্রমী অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষার্থী সমাজ৷ মহামাৰীয়ে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰাৰ পদ্ধতি সলনি কৰিছে৷ তৎসত্ত্বেও এই দিনটো এতিয়াও পূর্বৰ দৰেই বিশেষ৷ দেশৰ ভৱিষ্যৎ নির্ভৰ কৰে যুৱপ্রজন্মৰ চিন্তাধাৰাৰ ওপৰত৷ শিক্ষার্থীৰ সপোনে ভৱিষ্যতৰ প্রকৃত ভাৰতৰ ৰূপ নির্ধাৰণ কৰিব৷ এয়া হ’ল শিক্ষার্থীসকল ভৱিষ্যতৰ বাবে ফিট আৰু সুস্থ হৈ থকাৰ সময়৷’ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ মঙলবাৰে গুৱাহাটীস্থিত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আইআইটি)ৰ ২২সংখ্যক দীক্ষান্ত সমাৰোহ সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে মহামাৰীৰ সময়ত প্রতিষ্ঠানখনে দেশৰ ভিতৰতে প্রথম কিট নির্মাণ কৰা শিক্ষা প্রতিষ্ঠান হিচাপে খ্যাতি লাভ কৰিছে৷ মহামাৰীৰ সময়ত গৱেষণাৰ কাম–কাজ চলাই নিয়াটো যথেষ্ট টান কাম৷ তাৰ মাজতো আইআইটি গুৱাহাটীয়ে এই কঠিন কাম সম্ভৱ কৰি তুলিছে৷ ইয়াৰ জৰিয়তে আইআইটি গুৱাহাটীয়ে আত্মনির্ভৰ ভাৰত গঢ়াৰ দিশত এক উল্লেখনীয় ভূমিকা গ্রহণ কৰিছে৷ ‘ই–ম’বিলিটী’ বিষয়ত দুবছৰীয়া গৱেষণা পাঠ্যক্রম দেশৰ ভিতৰতে প্রথমবাৰৰ বাবে আইআইটি গুৱাহাটীয়ে আৰম্ভ কৰাৰ বাবে শলাগ লৈ তেওঁ কয়– ‘ৰাষ্ট্রীয় শিক্ষানীতি–২০২০ একৈশ শতিকাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি প্রস্তুত কৰা হৈছে৷ ইয়াৰ জৰিয়তে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ক্ষেত্রত ভাৰতক গোলকীয় নেতৃত্ব ল’ব পৰাকৈ গঢ় দিয়াৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ আমি সকলোৱেই জানো যে জ্ঞানৰ কোনো পৰিসীমা নাই৷ ৰাষ্ট্রীয় শিক্ষানীতিয়ে দেশৰ শৈক্ষিক ক্ষেত্রখনক মুকলি কৰিব৷’

ডিঙিত গামোচা পিন্ধি নতুন দিল্লীৰ পৰাই ভার্চুৱেল মাধ্যমেৰে দিনৰ ১২ বজাত দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আইআইটি গুৱাহাটীত এটা দুর্যোগ ব্যৱস্থাপনা আৰু বিপদ হ্রাস কেন্দ্র স্থাপন কৰিবলৈ আহ্বান জনায়৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলত বিভিন্ন সময়ত প্রাকৃতিক দুর্যোগে সৃষ্টি কৰি অহা বিপদৰ প্রতি লক্ষ্য ৰাখি এই কেন্দ্র স্থাপনৰ আহ্বান জনাই তেওঁ কয়– ‘অসম আৰু উত্তৰ–পূর্বাঞ্চল প্রচুৰ সম্ভাৱনাপূর্ণ এক অঞ্চল৷ কিন্তু বানপানী, ভূমিকম্প, ভূমিস্খলন আৰু বিভিন্ন ঔদ্যোগিক দুর্যোগে এই অঞ্চলটোক কোঙা কৰি আহিছে৷ এই সমস্যাসমূহ সমাধানৰ বাবে উচ্চ পর্যায়ৰ প্রযুক্তি গোটক সহায়ৰ প্রয়োজন৷ সেয়েহে আইআইটি গুৱাহাটীয়ে এই দুর্যোগ ব্যৱস্থাপনা আৰু বিপদ হ্রাস কেন্দ্র স্থাপন কৰি সহযোগিতা আগবঢ়াব পাৰে৷ ইয়াৰ জৰিয়তে এই বিপদসমূহক কিদৰে সম্ভাৱনালৈ ৰূপান্তৰিত কৰিব পাৰি, সেই বিষয়ে অধ্যয়ন কৰিব পাৰে৷’ সমান্তৰালভাৱে আইআইটি গুৱাহাটীত ভাৰতীয় সংস্কৃতিৰ প্রচাৰৰ বাবে এটা কেন্দ্রও স্থাপনৰ বাবে তেওঁ আহ্বান জনায়৷ ভাষণ প্রসংগতে এক্ট ইষ্ট পলিচীৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়–‘চৰকাৰৰ এক্ট ইষ্ট পলিচীৰ প্রাণ হৈছে উত্তৰ–পূর্বাঞ্চল৷ এই অঞ্চলটো দক্ষিণ–পূব এছিয়াৰ সৈতে ভাৰতৰ সম্পর্ক স্থাপনৰ ক্ষেত্রত দুৱাৰমুখস্বৰূপ৷ দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পর্কৰ ভিত্তি হৈছে সাংস্কৃতিক, বাণিজ্যিক, যাতায়াত আৰু সক্ষমতা৷ কিন্তু এতিয়া এই দেশসমূহৰ সৈতে সম্পর্ক ৰক্ষাৰ নতুন মাধ্যম হ’বলৈ গৈ আছে শিক্ষা৷ এইক্ষেত্রত আইআইটি গুৱাহাটীয়ে মূল কেন্দ্র হিচাপে ভূমিকা গ্রহণ কৰিব পাৰিব৷ উত্তৰ–পূর্বাঞ্চলে ইয়াৰ জৰিয়তে নতুন চিনাকি লাভ কৰিব আৰু ইয়াৰ ফলত নতুন সম্ভাৱনীয়তা সৃষ্টি হ’ব৷’ একে সময়তে শিক্ষার্থীসকলে কৰা গৱেষণাৰ জৰিয়তে অঞ্চলটোৰ প্রত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্রত জড়িত কৰিবলৈ প্রধানমন্ত্রীয়ে আহ্বান জনায়৷ তেওঁ কয়– ‘অত্যাধুনিক প্রযুক্তিৰ সহায়ত সাংস্কৃতিক জ্ঞান, পৰম্পৰাগত বিশ্বাস আৰু দক্ষতাক উন্নত প্রযুক্তিলৈ ৰূপান্তৰিত কৰিব পৰা যায়৷ এইক্ষেত্রত আইআইটি গুৱাহাটীয়ে অগ্রণী ভূমিকা গ্রহণ কৰক আৰু ভাৰতীয় জ্ঞান ব্যৱস্থাৰ এটা কেন্দ্র স্থাপন কৰক৷’ ভাষণ প্রসংগতে তেওঁ কয় যে উত্তৰ–পূর্বাঞ্চলত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত চৰকাৰে প্রদান কৰি অহা গুৰুত্বৰ ফলত নতুন সুযোগ আৰু সম্ভাৱনাৰ সৃষ্টি হৈছে৷ বিশেষকৈ ৰে’লপথ, ঘাইপথ, আকাশী পথ আৰু জলপথৰ ক্ষেত্রত এই অঞ্চলত আন্তঃগাঁথনি উন্নীত কৰা হৈছে৷

উল্লেখ্য যে মঙলবাৰে দীক্ষান্ত সমাৰোহৰ জৰিয়তে মুঠ ১,৮০৩গৰাকী শিক্ষার্থীক বিভিন্ন ডিগ্রী প্রদান কৰা হয়৷ ক’ভিডৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ ভার্চুৱেলযোগে এই দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হয়৷ অৱশ্যে অনুষ্ঠানটো জীৱন্ত কৰি তোলাৰ বাবে থ্রী–ডি প্রযুক্তিৰ সহায়ত শিক্ষার্থীসকলক প্রদান কৰা হয় ডিগ্রী৷ এই অনুষ্ঠানত ভার্চুৱেলযোগে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সম্প্রতি ক’ভিড–১৯ৰ বিৰুদ্ধে ৰাজ্যত চলোৱা যুঁজত বিভিন্ন চিকিৎসা সামগ্রী উদ্ভাৱন কৰি আইআইটি গুৱাহাটীয়ে কৰা সহায়ৰ তেওঁ শলাগ লয়৷ ইপিনে, আত্মনির্ভৰশীল ভাৰত আৰু ৰাজ্যখনক আত্মনির্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত প্রতিষ্ঠানখনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘সুদীর্ঘ সময় ধৰি অসমৰ এই মনোৰম প্রাকৃতিক পৰিৱেশত থকা শিক্ষার্থীসকলে ভৱিষ্যতেও ৰাজ্যখনলৈ অৰিহণা আগবঢ়াই যাব বুলি আশা ৰাখিছোঁ৷ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ পৰা নিজৰ মেধা আৰু কষ্টসহিষ্ণুতাৰে ডিগ্রী লাভ কৰি শিক্ষার্থীসকলে বিৰল প্রতিভাৰ পৰিচয় দাঙি ধৰিছে৷ ঐতিহাসিক অসম চুক্তিৰ ফলত স্থাপিত প্রতিষ্ঠানখনে বিগত সময়ছোৱাত বিদ্যায়তনিক উৎকর্ষতাৰ এক অন্যতম প্রতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে৷ এই প্রতিষ্ঠানখনে বিশ্বৰ প্রেক্ষাপটতো এক উল্লেখযোগ্য প্রতিষ্ঠান হিচাপে অচিৰেই পৰিগণিত হ’ব৷’

ইপিনে, ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজত সমগ্র বিশ্বৰ লগতে দেশবাসীয়েও কঠিন সময় পাৰ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি সমগ্র দেশবাসীৰ মনত এক প্রত্যয়ৰ সূচনা কৰিছে৷ স্বাধীনতাৰ ৭০ বছৰৰ পিছত প্রধানমন্ত্রী মোদীৰ নেতৃত্বত অসমৰ বান আৰু খহনীয়া সমস্যা নিৰাময়ৰ বাবে কেন্দ্রীয় চৰকাৰে বিজ্ঞানসন্মত তথা ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিছে৷ ৰাজ্যৰ প্রাকৃতিক দুর্যোগসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ সহায়–সহযোগিতা কামনা কৰি তেওঁ কয় যে ৰাজ্যত বান, খহনীয়া, ভূমিস্খলন, ধুমুহা, ভূমিকম্প আদি দুর্যোগসমূহে সমস্যাৰ সৃষ্টি কৰি আহিছে৷ সেয়েহে প্রতিষ্ঠানখনক এক উৎসর্গিত জল গৱেষণা আৰু দুর্যোগ নিয়ন্ত্রণ কেন্দ্র স্থাপনৰ বাবে তেওঁ আহ্বান জনায়৷ ভাষণ প্রসংগতে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ শলাগ লৈ তেওঁ কয়– ‘প্রধানমন্ত্রী মোদীয়ে উত্তৰ–পূর্বাঞ্চলক অষ্টলক্ষ্মী আৰু দেশৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে অভিহিত কৰাৰ উপৰি এক্ট ইষ্ট পলিচীৰ ৰূপায়ণে সমগ্র দক্ষিণ–পূব এছিয়াৰ লগতে বি বি এন দেশসমূহৰ সৈতে বিভিন্ন দিশত সম্পর্ক স্থাপনৰ বাবেও পদক্ষেপ গ্রহণ কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে উত্তৰ–পূর্বাঞ্চলক জৈৱিক কৃষিৰ হাব হিচাপে চিনাক্ত কৰিছে৷’

আজি ডিগ্রী লাভ কৰা কৃতী শিক্ষার্থীসকলক এই প্রতিষ্ঠানতে ষ্টার্ট আপ স্থাপনৰ বাবে আহ্বান জনোৱাৰ লগতে এইক্ষেত্রত ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল নিশাংকে ভাষণ প্রদান কৰি আইআইটি গুৱাহাটী গৱেষণা, উদ্ভাৱনী আৰু ৰেংকিঙৰ ক্ষেত্রত শ্রেষ্ঠ প্রতিষ্ঠান বুলি উল্লেখ কৰে৷ কেন্দ্রীয় ৰাজ্যিক শিক্ষামন্ত্রী সঞ্জয় ধট্রে, আইআইটি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰমণসহ বহুসংখ্যক অধ্যাপক–ধ্যাপিকা উপস্থিত থাকে৷

You might also like