নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত অসমত মৃত্যুৰ হাৰ কম কিয়?

লোকসভাত সাংসদ প্রদ্যুৎ বৰদলৈৰ উদ্ভট প্রশ্ন

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  সমগ্র বিশ্ব তথা ভাৰতবর্ষৰ লগতে অসমতো মহামাৰী ক’ৰোনাৰ ভয়াৱহ সংক্রমণ অব্যাহত আছে৷ পিছে এনে দুর্যোগৰ মাজতো ৰাজ্যবাসীৰ বাবে এক সকাহৰ খবৰ এয়ে যে দেশৰ ভিতৰতে অসমত ক’ৰোনাত মৃত্যুৰ হাৰ সর্বনিম্ন৷ কিন্তু অসমত ক’ৰোনাত মৃত্যুৰ হাৰ সর্বনিম্ন হৈ থকাটো যেন সহ্য কৰিব পৰা নাই কংগ্রেছে৷ তাৰেই প্রতিফলন ঘটিল লোকসভাৰ মজিয়াত৷ নগাঁৱৰ কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে মঙলবাৰে লোকসভাত এই সম্পর্কত প্রশ্ন উত্থাপন কৰি অসমত ক’ৰোনাত মৃত্যুৰ হাৰ কম হৈ থকাটোত সন্দেহ ব্যক্ত কৰি কয় যে যোৱা ২১ ছেপ্টেম্বৰলৈ অসমত ১.৫৬ লাখ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে ৫৪৮গৰাকী লোকৰ মৃত্যু হৈছে৷ দেশৰ ভিতৰতে মৃত্যুৰ হাৰ অসমত সর্বনিম্ন৷ ০.৩৫ শতাংশ ক’ৰোনাত আক্রান্তৰ মৃত্যু হৈছে৷ এয়া দেখাত অসমৰ বাবে ভাল খবৰ যদিও তেওঁ সন্দেহ ব্যক্ত কৰি কয় যে ক’ৰোনাত মৃত্যু হোৱা বহু লোকৰ মৃত্যুৰ কাৰণ ক’ৰোনা হিচাপে চিহ্ণিত কৰা নাই৷ ইয়াৰ জৰিয়তে চৰকাৰে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা লুকুৱাই হাৰ কম কৰি ৰাখিছে৷ সেয়ে তেওঁ আইচিএমআৰক কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এই বিষয়ত তদন্ত কৰাৰ নির্দেশ দিবলৈ দাবী জনায়৷ সাংসদ বৰদলৈৰ এই ভূমিকাত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে অসমৰ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ এই সম্পর্কত মন্ত্রী হাজৰিকাই কয় যে কংগ্রেছৰ মতে, অসমত ক’ৰোনাত আৰু অধিক মানুহ মৰিব লাগে৷ অসমখন মৃত্যু উপত্যকাত পৰিণত হ’ব লাগে৷ অসম মৰিশালিত পৰিণত হ’ব লাগে৷ তেতিয়া তেওঁলোক ক্ষমতালৈ আহিব, নেতা–মন্ত্রী হ’ব পাৰিব৷ কিন্তু প্রদ্যুৎ বৰদলৈকে ধৰি কংগ্রেছৰ সেই ইচ্ছা আমি পূৰণ হ’ব নিদিওঁ৷ মন্ত্রী হাজৰিকাই কয় যে আইচিএমআৰৰ গাইডলাইন অনুসৰি উচ্চপদস্থ চিকিৎসকৰ দ্বাৰা গঠিত মেডিকেল ব’র্ডে মৃত্যুৰ কাৰণ নিৰূপণ কৰে৷ মেডিকেল কলেজেই হওক বা আন হাস্পতালতেই হওক, কোনো লোকৰ মৃত্যু হ’লেই মেডিকেল ব’র্ডে মৃত্যুৰ কাৰণ ৰিক’মেণ্ট কৰে৷

অসমত ক’ৰোনাত মৃত্যুৰ সংখ্যা দেশৰ ভিতৰতে নিম্ন হোৱাৰ বাবে প্রদ্যুৎ বৰদলৈয়ে ৰাজ্যখনৰ চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মীক ধন্যবাদহে জনাব লাগিছিল৷ তাৰ পৰিৱর্তে তেওঁ আইচিএমআৰৰ ওপৰত প্রশ্ন উত্থাপন কৰাটো দুর্ভাগ্যজনক৷ ইপিনে, ৰাজ্যখনত যোৱা কেইটমান দিনৰ পৰা ক্রমাগতভাৱে ক’ৰোনাত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ প্রসংগত মন্ত্রী হাজৰিকাই কয় যে হোম আইছ’লেচনৰ নীতি–নিয়ম নমনাৰ বাবেই ৰাজ্যখনত মৃত্যুৰ হাৰ শেহতীয়াকৈ বৃদ্ধি পাইছে৷ পজিটিভিটীৰ হাৰো কমা নাই৷ জনসাধাৰণক ৰোগ নুলুকুৱাবলৈ আহ্বান জনাই মন্ত্রী হাজৰিকাই কয় যে হোম আইছ’লেচনত থকাসকল শেষ মুহূর্তত চিকিৎসালয়লৈ অহাৰ বাবেই মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ চৰকাৰে প্রথম অৱস্থাত হোম আইছ’লেচন দিয়া নাছিল৷ কিন্তু জনসাধাৰণে দিল্লী, মুম্বাইত হোম আইছ’লেচন দিছে অসমত কিয় নিদিয়ে বুলি দাবী কৰাৰ বাবেই স্বাস্থ্য বিভাগে অনিচ্ছাসত্ত্বেও হোম আইছ’লেচন দিবলৈ বাধ্য হয়৷ মন্ত্রী হাজৰিকাই জনসাধাৰণক হোম আইছ’লেচনৰ পৰিৱর্তে চিকিৎসালয়লৈ অহাৰ বাবে আহ্বান জনায়৷ ইফালে, ক’ৰোনাৰ মৃত্যুৰ হাৰ সন্দর্ভত তদন্তৰ দাবী জনাই আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে আজব মন্তব্য কৰি কয় যে ক’ৰোনাত আক্রান্ত হৈ অসমত বহু ৰোগীয়ে চিকিৎসালয়ত বিছনাৰ অভাৱত মৃত্যুবৰণ কৰিছে৷ সেইসমূহৰ কোনো তথ্য চৰকাৰৰ হাতত নাই৷

You might also like