নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধী মণ্ডপত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২ অক্টোবৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীৰ শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মহামানৱ গৰাকীৰ প্রতিমূর্তি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রতিগৰাকী ভাৰতীয়ৰ লগতে বিশ্ববাসীৰ বাবে আজিৰ দিনটো অতিশয় গুৰুত্বপূর্ণ৷ মহাত্মা গান্ধীৰ প্রতি অসমবাসীৰ হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে বিশ্ব মানচিত্রত শান্তি, সম্প্রীতি, একতা আৰু ভাতৃত্ববোধ সুদৃ কৰাৰ লক্ষ্যৰে আজিৰ দিনটোক সমগ্র বিশ্বই আন্তঃৰাষ্ট্রীয় অহিংসা দিৱস হিচাপেও পালন কৰে৷ ভাৰত মাতৃৰ আন এগৰাকী সুযোগ্য সন্তান দেশৰ দ্বিতীয়গৰাকী প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রীৰ জন্মদিন উপলক্ষেও এইগৰাকী মহান স্বাধীনতা সংগ্রামীলৈ মুখ্যমন্ত্রীয়ে গভীৰ শ্রদ্ধা নিবেদন কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে  মানৱ সমাজলৈ দিয়া শ্রেষ্ঠতম বাণী বাস্তৱ জীৱনত প্রয়োগ কৰি মহামানৱ মহাত্মা গান্ধীয়ে যি আদর্শ দেখুৱাই গৈছে সেয়া বিশ্ববাসীৰ বাবে এক প্রেৰণাৰ উৎস৷ ভাৰতীয় জনগণক ঐক্যৱদ্ধ কৰি মহামানৱ মহাত্মা গান্ধীয়ে অহিংসাৰ পথেৰে ব্রিটিছৰ বিৰুদ্ধে সংগ্রাম কৰি এক বিৰল আদর্শ প্রতিষ্ঠা কৰি গৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে মহাত্মা গান্ধীয়ে ব্যক্তিগত জীৱন অতি সাধাৰণভাৱে পালন কৰি গৈছিল৷ সমগ্র দেশৰ নৈতিক চেতনাক প্রতিনিধিত্ব কৰি মহামানৱ  মহাত্মা গান্ধীয়ে এক ঋষিৰ জীৱন–যাপন কৰিছিল বুলিও তেওঁ কয়৷ মহাত্মা গান্ধীয়ে জীৱনকালত ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত চাৰিবাৰ অসম ভ্রমণ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহামানৱ মহাত্মা গান্ধীয়ে অস্পৃশ্যতাক সমাজৰ এক  অভিশাপ বুলি গণ্য কৰিছিল৷ হিন্দু সমাজৰ মাজত থকা অস্পৃশ্যতা দূৰ হয়, নামঘৰ, মন্দিৰত সকলোৱে যাতে  প্রৱেশৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে তেখেতে সদায়ে কাম কৰিছিল৷ হৰিজনসকলৰ বাবে সুকীয়া নির্বাচন প্রথা প্রৱর্তনৰ বাবে ব্রিটিছ প্রধানমন্ত্রী মেডনাল্ডে আগৱেোৱা প্রস্তাৱৰ বিৰোধিতা কৰিছিল মহাত্মা গান্ধীয়ে৷ মুখ্যমন্ত্রীয়ে কয় যে হিন্দু ধর্মৰ মাজত সমাহিত হৈ থকা সহিষ্ণুতা, উদাৰতা, আন ধর্মৰ প্রতি হিন্দুত্বই প্রদর্শন কৰা সন্মানৰ বাবে গান্ধীয়ে হিন্দু ধর্মক অত্যন্ত আদৰ কৰিছিল৷ গান্ধীজীয়ে হিন্দুত্বৰ মাজত থকা অহিংসা নীতিৰ প্রাধান্যৰ বিষয়ে গভীৰভাৱে উপলব্ধি কৰিছিল আৰু সকলো জীৱৰ মাজত থকা ঐক্যসূত্রক চিনাক্ত কৰি জীৱনৰ পৱিত্রতা থকা ধর্ম হিচাপে হিন্দু ধর্মক স্বীকৃতি দিয়াত গুৰুত্ব প্রদান কৰিছিল৷ হিন্দু ধর্মই গোপূজা কৰা প্রথাৰ মাজত তেওঁ এই বিশ্বাসৰ ব্যৱহাৰিক প্রয়োগ দেখিবলৈ পাইছিল৷ গান্ধীজীয়ে নিজকে এজন নৈষ্ঠিক হিন্দু বুলি পৰিচয় দিছিল আৰু তেওঁ প্রার্থনাত গভীৰভাৱে বিশ্বাস কৰিছিল৷ গান্ধীজীয়ে গভীৰভাৱে বিশ্বাস কৰিছিল যে যি ব্যক্তিয়ে ঈশ্বৰৰ সহায় বিচাৰে তেওঁ ঈশ্বৰক গভীৰভাৱে আত্মনিৱেদন কৰিব লাগে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রতিটো প্রার্থনা আৰু  আনকি অশুদ্ধভাৱে কৰা প্রার্থনাইও ঈশ্বৰৰ কৰুণা লাভ কৰিব পাৰে৷ গান্ধীজীয়ে  প্রার্থনা হিচাপে ৰাম নাম উচ্চাৰণ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রার্থনাই নেতিবাচক চিন্তাক দূৰ কৰিব পাৰে বুলি গান্ধীজীয়ে গভীৰভাৱে বিশ্বাস কৰিছিল৷ মহামানৱ মহাত্মা গান্ধীয়ে ধর্মান্তকৰণৰ সম্পূর্ণ বিৰোধিতা কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গান্ধীজীয়ে মত পোষণ কৰিছিল যে ভাৰতত থকা ইংৰাজ আৰু আমেৰিকান মিছনাৰীসকলে ধর্মান্তকৰণৰ বাবে সক্রিয় প্রয়াস চলোৱাৰ বিপৰীতে খ্রীষ্টান ধর্মৰ নীতি অনুসৰি পৰিচালিত হলে অধিক ইতিবাচক প্রভাৱ পেলাব পাৰিলেহেঁতেন৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে গান্ধীজীয়ে গভীৰ ভাৱে বিশ্বাস কৰিছিল যে তেনে দৃষ্টিভংগীৰে ধর্মক গ্রহণ কৰিলে ভাৰতবাসীয়ে তেওঁলোকৰ উপস্থিতিৰ শলাগ ললেহেঁতেন৷ ধর্ম একান্ত ব্যক্তিগত বিষয় বুলি গান্ধীজীয়ে বিশ্বাস কৰিছিল আৰু তেনে এক ব্যক্তিগত বিষয় বিশেষকৈ ধর্মান্তকৰণৰ বিষয়ে কোৱাটো অনুচিত বুলি গান্ধীজীয়ে মত প্রকাশ কৰিছিল৷ গান্ধীজীয়ে অহিংসাৰ মাজেৰে আৰু এক সত্যৰ উপলব্ধিৰে তেওঁৰ জীৱন দর্শন আগুৱাই লৈ গৈছিল বুলিও মুখ্যমন্ত্রীয়ে কয়৷ গ্রুপিঙৰ সময়ত গান্ধীজীৰ অসমপ্রেম লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু মহামানৱ মহাত্মা গান্ধীৰ  বার্তালাপৰ মাজতে পৰিস্ফূট হৈ উঠিছিল আৰু ইতিমধ্যে অসমৰ ৰাইজে ইয়াক হৃদয়ে হূদয়ে উপলব্ধি কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ দোহাৰে৷ মুখ্যমন্ত্রীয়ে কয় যে সত্য আৰু অহিংসাক সন্মুখত লৈ ব্রিটিছৰ দৰে বিশাল শক্তিক পৰাজিত কৰি ভাৰতবর্ষলৈ স্বাধীনতাৰ সুৰুজ লৈ আহিছিল৷  মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানত আৰম্ভ কৰা অমৃত কলহ যাত্রাই আজি এক  মাইলৰ খুটা স্পর্শ কৰিব৷ আজি সমগ্র পঞ্চায়তসমূহ এই অমৃত কলহ যাত্রাক উদ্দেশ্য কৰি গান্ধী জয়ন্তীৰ লগত ৰজিতা খুৱাই পৱিত্র অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে গান্ধী জয়ন্তী উপলক্ষে আয়োজিত সর্বধর্ম প্রার্থনা সভাতো অংশগ্রহণ কৰে৷  অনুষ্ঠানত সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷
You might also like