নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেটেলিন কেৰিকো-ড্রিউ ৱেইজমেনলৈ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা

বিশেষ বাৰ্তা, ২ অক্টোবৰঃ হাংগেৰীৰ কেটেলিন কেৰিকো আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ড্রিউ ৱেইজমেনে যুটীয়াভাৱে চিকিৎসা বিজ্ঞানৰ ২০২৩ বর্ষৰ নবেল বঁটা লাভ কৰিছে। এই কথা ঘেষণা কৰিছে নবেল কমিটীয়ে। ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত ফলপ্রসূ এমআৰএনএ ভেকচিন বিকশিত কৰি চিকিৎসাখণ্ডলৈ আগবঢ়োৱা অভূতপূর্ব বৰঙণিৰ বাবে ২০২৩ বর্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে দুই বিজ্ঞানীলৈ৷ ৷ আজি নবেল কমিটীয়ে ক’ভিড–১৯ৰ যুঁজত ফলপ্রসূ হোৱা এম আৰ এন এ ভেকচিনৰ বিকাশত অভূতপূর্ব বৰঙণি যোগোৱা দুই বিজ্ঞানী হাংগেৰীৰ কেটেলিন কেৰিকো আৰু আমেৰিকাৰ ড্রিউ ৱেইজমেনক আগবঢ়োৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷  অহা ১০ ডিচেম্বৰত ষ্টকহ’মত বঁটা লাভ কৰা দুই বিজ্ঞানীয়ে ৰজা কার্ল ষষ্ঠদশ গুস্তাফৰ পৰা প্রমাণপত্র, সোণৰ পদক আৰু এক নিযুত মার্কিন ডলাৰৰ চেক আনুষ্ঠানিকভাৱে গ্রহণ কৰিব৷ দুয়োগৰাকী বিজ্ঞানীয়ে পেনছিলভিনিয়া বিশ্ববিদ্যালয়ত ভেকচিন বিকাশৰ বাবে গৱেষণা চলাই সফলতা লাভ কৰিছিল৷ উল্লেখ্য যে ঘাতক ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰি থকাৰ সময়তে কেটেলিন কেৰিকো আৰু ড্রিউ ৱেইজমেনে ২০২০ চনৰ শেষৰ ফালে দুটাকৈ ফলপ্রসূ এম আৰ এন এ আধাৰিত ভেকচিন বিকাশ কৰিছিল৷ এই এম আৰ এন এ ভেকচিনে বিশ্বৰ কেইবা সহস্রাধিক লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে অজস্রজনক এই ৰোগৰ পৰা মুক্ত কৰিছিল৷ ফাইজাৰ বায়’এনটেক আৰু মডার্ণাই এই দুই বিজ্ঞানীৰ ফলপ্রসূ ভেকচিন প্রস্তুত কৰিছিল আৰু ক’ভিডৰ সময়ত চিকিৎসা বিজ্ঞানলৈ অভাৱনী অৱদান আগবঢ়াইছিল৷

You might also like