নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ ভাগিনক কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 

বাৰ্তা ব্যুৰ, ২৫ এপ্ৰিল : তেজপুৰৰ ভাগিনক কথা দি কথা ৰাখিলে মামাই। যোৱা ৮ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই তেজপুৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত এটা কায্যসুচী আছিল তেজপুৰ কোৰ্ট চাৰিআলিত ঊষা অনিৰুদ্ধৰ প্ৰতিমূৰ্তি উন্মোচন। তেনে সময়তে শোণিতপুৰৰ বৰছলাৰ দিপক বড়ো নামৰ গীত গাই ভালপোৱা এটা কিশোৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মামাক জুবিন গাৰ্গৰ এটি গীত গাই শুনাইছিল। তেতিয়া মামাই ভাগিনক কিবা সংগীতৰ যন্ত্ৰৰ  প্ৰয়োজন আছে নেকি বুলি সুধিছিল। তেতিয়া দিপক বড়োয়ে এখন কীবৰ্ডৰ প্ৰয়োজন আছে বুলি কৈছিল আৰু মুখ্যমন্ত্ৰীয়ে তাক এটা পিয়ানো দিয়া হব বুলি কথা দিছিল। আজি মামাই মৰমৰ ভাগিনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা ভাগিনক এখন কীবৰ্ডৰ প্ৰদান কৰে আনুষ্ঠানিকভাৱে ।শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত এক অনুষ্টুপীয়া অনুষ্ঠানত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই দীপকৰ হাতত কী বোৰ্ডখন(চিন্হেচাইজাৰ) তুলি দিয়াৰ মুহূৰ্তত একপ্ৰকাৰ আৱেগিক হৈ পৰে দীপক। উল্লেখ যে দিপক বড়োৱে তেজপুৰৰ এখন হোটেলত কাম কৰাৰ লগতে সংগীত চৰ্চাও চলাই আহিছে।
প্ৰেৰক পুলক কুমাৰ ডেকা
You might also like