নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রান্তে প্রান্তে জন্মদিন উদ্যাপনঃ ওপজা দিনত মহানগৰীৰ গান্ধীবস্তিৰ প্রাথমিক বিদ্যালয়ত মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ ৰাজনীতিত এক দীঘলীয়া পৰিক্রমা অতিক্রম কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে পালন কৰিলে  ৫৩সংখ্যক জন্মদিন৷ জননেতাত পৰিণত হোৱা মুখ্যমন্ত্রীগৰাকীৰ জন্মদিনটো উদ্যাপন হ’ল ৰাজ্যৰ ভিন্ন প্রান্তত৷ অনুৰাগী, শুভাকাংক্ষী আৰু মৰমৰ ভাগিনহঁতে মুখ্যমন্ত্রী ড০ শর্মাক জন্মদিনৰ শুভেচ্ছাৰে অনুষ্ঠিত কৰিলে বিভিন্ন অনুষ্ঠানৰ৷ উল্লেখ্য যে কালি নিশাৰ পৰাই মুখ্যমন্ত্রীৰ বাসভৱনত জন্মদিনৰ শুভেচ্ছা জনাবলৈ ভিৰ কৰিছিল অনুৰাগী তথা দলৰ নেতা–কর্মীসকলে৷ নিশা ১২ বজাৰ পাছত জন্মদিনৰ শুভেচ্ছা জনাবলৈ অহা অনুৰাগী আৰু শুভাকাংক্ষীৰ মাজত থিয় হৈ মুখ্যমন্ত্রীগৰাকীয়ে জন্মদিনৰ কেক কটাৰ লগতে ফটো উঠি বিভিন্নজনৰ শুভেচ্ছা আৰু আশীর্বাদ লয়৷

ইফালে সোমবাৰে মুখ্যমন্ত্রী ড০ শর্মাৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনালে দেশৰ ৰাষ্ট্রপতি, উপ–ৰাষ্ট্রপতি, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙকে ধৰি কেইবাজনো কেন্দ্রীয় মন্ত্রী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে৷ টুইটযোগে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰি এই বুলি উল্লেখ কৰে– অসমৰ উদ্যমী মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাজীলৈ জন্মদিনৰ শুভেচ্ছা৷ তেওঁ অসমৰ জনসাধাৰণৰ সেৱা আৰু ৰাজ্যৰ বিকাশৰ বাবে প্রশংসনীয় প্রচেষ্টা চলাই আছে৷ মানুহৰ সেৱাত তেওঁৰ দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱনৰ বাবে প্রার্থনা কৰা৷

উল্লেখ্য যে জন্মদিন উপলক্ষে সোমবাৰে পুৱাৰ ভাগতে মুখ্যমন্ত্রী ড০ শর্মা উপস্থিত হ’ল উত্তৰ গুৱাহাটীৰ মহাপ্রভু দৌলগোবিন্দ মন্দিৰত৷ পুৱা প্রায় ১০ বজাত মন্দিৰ প্রাংগণত প্রৱেশ কৰাৰ পাছতেই শুভাকাংক্ষী আৰু অনুৰাগীয়ে মুখ্যমন্ত্রীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি গামোচা, শৰাই, জাপি, ফুলৰ থোপা, ফুলৰ মালাৰে সম্ভাষণ জনায়৷ মুখ্যমন্ত্রীগৰাকীয়ে মহাপ্রভু শ্রীশ্রী দৌলগোবিন্দৰ চৰণত সেৱা জনাই আশীর্বাদ লোৱাৰ লগতে অসমৰ ৰাইজৰ হকে দহগুণ উৎসাহেৰে কাম কৰি যাব বুলি মন্তব্য কৰে৷ দৌলগোবিন্দ মন্দিৰৰ পৰা গৈ মুখ্যমন্ত্রীয়ে দৌলগোবিন্দ সমূহীয়া কেন্দ্রৰ শিলান্যাস স্থাপন কৰে৷ দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰাতুল বৰুৱাৰ সভাপতিত্বত হোৱা শিলান্যাস স্থাপন সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয়– আজি ৰাইজে মোৰ জন্মদিনত যি উৎসাহ–উদ্দীপনাৰে মৰম–চেনেহ দেখুৱালে, তাৰ পৰা মই যথেষ্ট প্রেৰণা লাভ কৰিছোঁ৷ এই প্রেৰণা তথা উৎসাহ–উদ্দীপনাই মোক ভৱিষ্যৎ সময়ত ৰাজ্যবাসীৰ হৈ কাম কৰি যাবলৈ শক্তি যোগাব৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রীগৰাকী  উপস্থিত হয় মহানগৰীৰ গান্ধীবস্তি প্রাথমিক বিদ্যালয়ত৷ নিজৰ ওপজা দিনটোত জীৱনৰ আদিপাঠ গ্রহণ কৰা প্রাথমিক বিদ্যালয়খনত উপস্থিত হৈ শৈশৱৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে শিক্ষক আৰু ছাত্রসকলৰ সৈতে কেক কাটি জন্মদিন উদ্যাপন কৰে৷

উল্লেখ্য যে ১৯৭৫ চনৰ পৰা ১৯৭৮ চনলৈ মুখ্যমন্ত্রীগৰাকীয়ে অধ্যয়ন কৰিছিল এইখন প্রাথমিক বিদ্যালয়ত৷ বিদ্যালয়খনৰ পূর্বৰ নাম আছিল নতুন শৰণীয়া প্রাথমিক বিদ্যালয়৷ এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা চতুর্থ শ্রেণীলৈ অধ্যয়ন কৰা মুখ্যমন্ত্রীগৰাকীয়ে  প্রথমে শ্রেণীকোঠাসমূহ পৰিদর্শন কৰে৷ একপ্রকাৰ নষ্টালজিক হৈ পৰা মুখ্যমন্ত্রীয়ে বিদ্যালয় কর্তৃপক্ষ তথা স্থানীয় লোকে আয়োজন কৰা এটা অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি কয়– আজিৰ দিনটোত মিটিং কৰিম বুলি অহা নাছিলোঁ৷ বিদ্যালয়খন চাই যাম বুলিহে আহিছিলোঁ৷ গান্ধীবস্তিত দেউতাৰ মাটি আছিল৷ দেউতা বাহিৰত থকাৰ বাবে ইয়াত আমি ৫ ভাই মাৰ সৈতে আছিলোঁ৷ গান্ধীবস্তি আমাৰ মূল পৰিচয়৷ আমি গর্ব কৰোঁ গান্ধীবস্তিত থকাৰ বাবে৷ মোৰ কিছু চিঠি এতিয়াও গান্ধীবস্তিৰ ঠিকনালৈ আহে৷ প্রাথমিক বিদ্যালয়ত অধ্যয়নৰ সময়ত কৰা দুষ্টালি আৰু বিভিন্ন কর্মকাণ্ডৰ স্মৃতি ৰোমন্থন কৰি মুখ্যমন্ত্রীয়ে কয়– গান্ধীবস্তিত কিমান মধুৰি–আম চুৰি কৰিছিলোঁ ঠিক নাই, কিমান নমতা বিয়া খালোঁ ঠিক নাই, কিমান কাজিয়া কৰিছোঁ তাৰো ঠিক নাই৷ মই এতিয়াও গান্ধীবস্তিৰ সৈতে সম্পর্ক ৰাখিছোঁ৷ যোগেশ্বৰ দাস ছাৰক মই এতিয়াও স্মৰণ কৰোঁ৷ তেওঁ আমাক বহু শিক্ষা দিছে৷ তিনি নম্বৰ বেঞ্চনত আমি বহিছিলোঁ৷ কিমান উৎপাত কৰিলোঁ, এতিয়া ভাবিবই নোৱাৰোঁ৷

মুখ্যমন্ত্রীয়ে কয়– আমি পঢ়া বিদ্যালয়খনলৈ এবাৰ হ’লেও যাব লাগে৷ তেতিয়াহে শিক্ষানুষ্ঠানবোৰ আগুৱাই যাব৷ ডেৰাডুনত প্রাক্তন ছাত্র–ছাত্রীসকলে একোটাকৈ বিল্ডিং সাজি দিয়ে বিদ্যালয়ত৷ কিন্তু কোনেও কাৰো নাম উল্লেখ নকৰে৷ মুখ্যমন্ত্রীয়ে  নিজে অধ্যয়ন কৰা প্রাথমিক বিদ্যালয়খনলৈ তিনি কোটি টকাৰ আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে অহা দুই–তিনি বছৰৰ ভিতৰত বিদ্যালয়খনক এক অনন্য ৰূপ দিয়া হ’ব বুলিও মুখ্যমন্ত্রীয়ে  ঘোষণা কৰে৷ আনহাতে গান্ধীবস্তি অঞ্চলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে জিএমচি আৰু লোকনির্মাণ বিভাগৰ লোক অঞ্চলটোলৈ প্রেৰণ কৰা হ’ব বুলিও  মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷
উত্তৰ গুৱাহাটীত উদুলি–মুদুলি পৰিৱেশ
অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩সংখ্যক জন্মদিন৷ এই উপলক্ষে সমগ্র উত্তৰ গুৱাহাটীত উদুলি–মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে৷ আজি মুখ্যমন্ত্রীগৰাকীয়ে দৌলগোবিন্দ মন্দিৰত জন্মদিন উপলক্ষে মহাপ্রভুৰ আশিস লয়৷ আনহাতে মুখ্যমন্ত্রীৰ জন্মদিন জালুকবাৰী সমষ্টিৰ বিভিন্ন ঠাইত বিজেপিৰ যুৱ মর্চাই উদ্যাপন কৰে৷ বিজেপিৰ বেজেৰা মণ্ডল কমিটী, উত্তৰ গুৱাহাটী নগৰ সমন্বয়ৰক্ষী সমিতি আৰু বেজেৰা মণ্ডল কিষাণ মর্চাই মুখ্যমন্ত্রীৰ জন্মদিন বিভিন্ন অনুষ্ঠানেৰে উদ্যাপন কৰে৷
বটদ্রৱাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওপজা দিৱস উদ্যাপন
অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওপজা দিৱস উপলক্ষে অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান শ্রীশ্রীবটদ্রৱা থানৰ কীর্তনঘৰত বটদ্রৱাৰ ঐতিহাসিক নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে এগছি চাকি অর্চন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত অসমীয়া জাতি আৰু ভাষা–সংস্কৃতি সুৰক্ষিত থাকিব বুলিও আশীর্বাদ নির্মালি দিয়ে সত্রাধিকাৰ দেৱ গোস্বামীয়ে৷
শুৱালকুছিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদ্যাপন
জালুকবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩ সংখ্যক জন্মদিন আজি বস্রনগৰী শুৱালকুছিত উদ্যাপন কৰা হয়৷ এই উপলক্ষে পুৱা দহ বজাত বিজেপিৰ শুৱালকুছি মণ্ডল কার্যালয়ত যুৱ মর্চা আৰু মহিলা মর্চাৰ সহযোগত জন্মদিনৰ কেক কাটে মণ্ডল সভাপতি হেমচন্দ্র বৈশ্যই৷ আনহাতে ঈশ্বৰ শ্রীশ্রীহাটীসত্রত মুখ্যমন্ত্রী গৰাকীৰ কুশ মংগলৰ বাবে অনুষ্ঠিত কৰে নাম–প্রসংগ৷ সত্রৰ গুৰু আসনৰ সন্মুখত স্থানীয় বিজেপিৰ কর্মকর্তাসকলে মুখ্যমন্ত্রীগৰাকীৰ সু–স্বাস্থ্য আৰু দীর্ঘজীৱন কামনা কৰি আঁঠু লৈ সেৱা কৰে৷
বেজেৰাত ধর্মীয় অনুষ্ঠানত নাম–প্রসংগ, বন্তি প্রজ্বলন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৱিত্র জন্মদিন উপলক্ষে আজি সমষ্টিটোৰ বেজেৰাৰ বিভিন্ন ঠাইত উদ্যাপন কৰা হয়৷ ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩ সংখ্যক ওপজা দিনৰ পৱিত্র দিনটোত সন্ধিয়া ধর্মীয় অনুষ্ঠানসমূহত আয়তীৰ নাম–প্রসংগ, হৰিধ্বনিৰে মুখৰিত হৈ পৰে৷ প্রতিটো ধর্মীয় অনুষ্ঠানত বন্তি প্রজ্বলন কৰা হয় আৰু গছপুলি ৰোপণ কৰে৷
ছিপাঝাৰত মন্দিৰে মন্দিৰে চাকি
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উপলক্ষে ছিপাঝাৰতো মন্দিৰে মন্দিৰে চলিছে নাম–প্রসংগ৷ মুখ্যমন্ত্রীৰ অনুৰাগী সাধাৰণ ৰাইজৰ উপৰি বিজেপিৰ কর্মী আৰু যুৱ মর্চাৰ সুকীয়াই উদ্যাপন কৰে জন্মদিন৷ ধলপুৰ শিৱমন্দিৰ, খটৰা সত্র, পাতিদৰং অর্ধনাৰীশ্বৰ শিৱ মন্দিৰ আদিত মুখ্যমন্ত্রীৰ অনুগামীসকলে সুকীয়া সুকীয়াকৈ নাম–প্রসংগ আৰু বন্তি প্রজ্বলন কৰে৷

খটৰা সত্রত শৰাই আগবঢ়ালে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩ সংখ্যক জন্মদিন আজি দিপীলা আৰু খটৰাত জাকজমকতাৰে পালন কৰা হয়৷ পাথৰিঘাট মণ্ডল বিজেপিৰ কর্মকর্তা আৰু দিপীলা গাঁও পঞ্চায়তৰ সদস্য–সদস্যাৰ উদ্যোগত দিপীলাৰ নৱনির্মিত পঞ্চায়ত গৃহত অনুষ্ঠিত হয় এই কার্যসূচী৷ মুখ্যমন্ত্রীৰ ভাতৃ দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ পত্নী মধুমিতা শর্মা আৰু পুত্র চায়ান বিশ্ব শর্মাই বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত কেক কাটি জন্মদিন পালন কৰে৷
হোজাই জিলা বিজেপি যুৱ মর্চাৰ যজ্ঞ, বন্তি প্রজ্বলন, বস্ত্র বিতৰণ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে লংকাত যজ্ঞ কৰিলে হোজাই সমষ্টিৰ বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষে৷ হোজাই সমষ্টিৰ লংকাত, লংকেশ্বৰী মন্দিৰত মৃত্যুঞ্জয় যজ্ঞৰ উপৰি ৫৩ গছি বন্তি প্রজ্বলন আৰু স্থানীয় বিকলাংগ লোকক বস্ত্র বিতৰণ কৰি মংগল কামনা কৰি দীর্ঘজীৱন কামনা কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ৷
বঢ়মপুৰত ১০০১ গছি বন্তি প্রজ্বলনেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদ্যাপন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উপলক্ষে সন্ধিয়া বঢ়মপুৰ শ্বহীদ ভৱনত বঢ়মপুৰ মণ্ডল বিজেপিৰ কর্মকর্তা আৰু বিজেপি যুৱ মর্চাৰ কর্মকর্তাসকলে ১০০১ গছি বন্তি প্রজ্বলনেৰে জন্মদিন উদ্যাপন কৰাৰ লগতে তেওঁৰ সু–স্বাস্থ্য, দীর্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ বঢ়মপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ বিশেষ উদ্যোগত জন্মদিন উপলক্ষে শ্বহীদ ভৱনত অনুষ্ঠিত কার্যসূচীত দলীয় কর্মকর্তাসকলৰ উপৰি স্থানীয় ৰাইজ আৰু শিশু উপস্থিত থাকে৷

You might also like