নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকৰ পৰাও সম্পূৰ্ণৰূপে নোহোৱা হ’ব দালালৰাজঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ আজি শিলচৰ শ্ৰীকোণাস্থিত মিনি সচিবালয়ৰ নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ আজি বৰাকত উপস্থিত হৈ তেওঁ প্ৰথমে সংঘ কাৰ্যালয়ত উপস্থিত হৈ এখন বৈঠকত মিলিত হয় ৷ ইয়াৰ পিছতে তেওঁ শ্ৰীকোণাৰ মিনি সচিবালয়ৰ নিৰ্মাণৰ স্থানলৈ গৈ পৰিদৰ্শন কৰে ৷

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই মিনি সচিবালয়খনৰ নিৰ্মাণৰ কাম পূজাৰ পিছতে আৰম্ভ হ’ব ৷ এই কামৰ বাবে ১১৬ কোটি টকা মঞ্জুৰ কৰা হৈছে।

লগতে বৰাকৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত চলি থকা দালালৰাজ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বৰাকৰ দালালৰাজ উৎখাত কৰিবলৈ অলপ সময় লাগিব ৷ বৰাকৰ ৰাইজে সহায় কৰিলে এই কাম শীঘ্ৰে সম্ভৱ হৈ উঠিব।

উল্লেখ্য যে ১১৬ কোটি টকাৰ প্ৰকল্পটো ৩ বছৰত সম্পূৰ্ণ কৰা হ’ব। এই মিনি সচিবালয়টোত বৰাক উপত্যকাৰ সকলো প্ৰশাসনিক কাৰ্যকলাপৰ সুবিধা প্ৰদান কৰা হ’ব। লগতে চৰকাৰী কাম আৰু অনুমোদনৰ বাবে গুৱাহাটীলৈ যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব।

You might also like