নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা অপৰূপ কাৰ স্পা’ৰ পৰা ৩ শিশু শ্ৰমিক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ মাৰ্ঘেৰিটাৰ জয়ানগৰস্থিত ৰাজদ্বীপ ভট্টাচাৰ্য মালিকানাধীন অপৰূপ কাৰ স্পা নামৰ গাড়ী ধুৱা এটা প্ৰতিষ্ঠানৰ পৰা চাইল্ড লাইনৰ অভিযানত ৩টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰতিষ্ঠানটোৱে ৩টা শিশুক উক্ত প্ৰতিষ্ঠানটোত শ্ৰম কৰোৱাই থকা অৱস্থাত চাইল লাইন আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় শিশু কেইজন। যিটো সময়ত চৰকাৰে শিশু শ্ৰমিক ব্যৱহাৰ আইন মতে দণ্ডনীয় হিচাপে আইন প্ৰণ্যয়ন কৰিছে, তেনে সময়তে মাৰ্ঘেৰিটা জয়ানগৰ অঞ্চলত শিশু শ্ৰমিক উদ্ধাৰ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যেই ৩জন শিশুক চাইল্ড লাইনে উদ্ধাৰ কৰি তিনিচুকীয়াস্থিত শিশু গৃহলৈ প্ৰেৰণ কৰিছে। এইক্ষেত্ৰত কাকো আটক কৰা নাই যদিও শিশু শ্ৰমিক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সহকাৰী শ্ৰম আয়ক্তই সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।

You might also like