ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰি কাজিৰঙা চাবলৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই
ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২ জুলাইঃ শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰপতি কোবিন্দক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে অসমলৈ আমন্ত্ৰণ জনায়।
বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুক্ত গঁড়ৰ বাসস্থান। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৩৫-বিধ স্তন্যপায়ী প্ৰজাতিৰ বসবাস আৰু প্ৰজনন স্থলী।
টুইটাৰযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিছে, “আজি মই মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দজীক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাত কৰিলো। মাননীয় ৰাষ্ট্ৰপতিৰ আশীৰ্বাদ আৰু দিহা-পৰামৰ্শ লাভ কৰি মই অত্যন্ত গৌৰৱান্বিত।
মই তেওঁক অসম ভ্ৰমণলৈ আহি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান চাবলৈ আমন্ত্ৰণ জনাইছো।”
Today I called on Mahamahim Rashtrapati Sri Ramnath Kovind ji at President House. I am extremely proud to have received Hon President’s blessings & guidance.
I extended an invitation to him to kindly grace us with his visit to Assam and see Kaziranga.@rashtrapatibhvn pic.twitter.com/Q4UVR2ZXkU
— Himanta Biswa Sarma (@himantabiswa) July 2, 2021