নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীৰ অংগনৱাড়ী কেন্দ্ৰত কণ কণ শিশুৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ আজি দিনজুৰা কাৰ্যসূচীৰে বিশ্বনাথ জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিশ্বনাথৰ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতে বিহালীৰ কালী মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কালী মন্দিৰত সেৱা লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত গাংমৌ থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা। গাংমৌ থানত সেৱা লৈ অতিথিশালা আৰু চাৰিবেৰৰ নিৰ্মাণৰ কামৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পাছতে বিহালীৰ বৰকঠীয়াবাৰী সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অংগনৱাড়ী কেন্দ্ৰত উপস্থিত হৈ কণমানিসকলৰ সৈতে কিছু সময় অতিবাহিত কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। অংগনৱাড়ী কেন্দ্ৰটোৰ শিশুসকলৰ সৈতে মত-বিনিময় কৰাৰ পাছত অঞ্চলটোৰ ৯৬টি শিশুৰ মাজত ‘টেক হোম ৰেচনো’ বিতৰণ কৰে।

You might also like