নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ মেডিকেল কলেজত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ মেডিকেল কলেজত উপস্থিত হৈ কাছাৰ জিলাৰ লাইলাপুৰত সীমা বিবাদক কেন্দ্র কৰি মিজো দুৰ্বৃত্তই গুলীচালানা কৰি আঘাতপ্ৰাপ্ত হোৱা আৰক্ষী জোৱান সকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়। আৰু লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত জোৱান সকলক উন্নত চিকিতসাৰ বাবে এয়াৰ এম্বুলেন্স ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী অশোক সিংঘল, মন্ত্ৰী পিযুষ হাজৰিকাই।

উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙত অনুষ্ঠিত এনইচি বৈঠকৰ ৪৮ ঘণ্টা সম্পূর্ণ নৌহওঁতেই অসম–মিজোৰাম সীমান্তত সৃষ্টি হ’ল অভূতপূর্ব পৰিস্থিতি৷ অসমৰ সীমান্তৱর্তী ভূমি সুৰক্ষাৰ বাবে যোৱা অসম আৰক্ষীক আক্রমণৰ লক্ষ্য কৰি ল’লে মিজো দুর্বৃত্তই৷ কাছাৰ জিলাৰ লাইলাপুৰত সীমা বিবাদক কেন্দ্র কৰি আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ কাছাৰৰ উপায়ুক্ত কীর্থি জ্বলি, আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলকে লাইলাপুৰত আক্রমণৰ লক্ষ্য কৰি ল’লে মিজো দুর্বৃত্তই৷

এই আক্রমণত প্রত্যক্ষভাৱে জড়িত আছিল মিজোৰাম আৰক্ষীও৷ প্রাথমিক অৱস্থাত লাঠী, চোকা অস্ত্র, দা–কুঠাৰেৰে অসম আৰক্ষীৰ দলটোক আক্রমণৰ লক্ষ্য কৰি লয় সীমান্তত বাস কৰা মিজো দুর্বৃত্তসকলে৷ পৰৱর্তী সময়ত পৰিস্থিতি এনে পর্যায় পায়গৈ যে মিজো দুর্বৃত্তই ধাৰাবাহিকভাৱে মেচিনগানেৰে নির্বিচাৰে গুলীবর্ষণ কৰে অসম আৰক্ষীৰ দলটোলৈ৷ যাৰ ফলত ৫জন আৰক্ষী জোৱানৰ লগতে এজন সাধাৰণ নাগৰিকসহ মুঠ ৬জন লোক নিহত হৈছে৷ অত্যাধুনিক অস্ত্রেৰে চলোৱা এই আক্রমণ মিজোৰাম আৰক্ষীৰ দ্বাৰাই সংঘটিত হোৱাটো নিশ্চিত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি লাইলাপুৰত মিজো দুর্বৃত্ত আৰু মিজো আৰক্ষীৰ গুলীত নিহত হৈছে স্বপন কুমাৰ ৰয় (উপ–পৰিদর্শক), লিটন শুক্লবৈদ্য, এমএইচ বৰভূঞা, এন হুছেইন, এছ বৰভূঞা৷

You might also like