নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা যুঁজত অগ্নিগর্ভ লাইলাপুৰঃ মিজোৰ গুলীত নিহত ৫ অসম আৰক্ষী; এজন নিৰীহ লোকৰো মৃত্যু

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙত অনুষ্ঠিত এনইচি বৈঠকৰ ৪৮ ঘণ্টা সম্পূর্ণ নৌহওঁতেই অসম–মিজোৰাম সীমান্তত সৃষ্টি হ’ল অভূতপূর্ব পৰিস্থিতি৷ অসমৰ সীমান্তৱর্তী ভূমি সুৰক্ষাৰ বাবে যোৱা অসম আৰক্ষীক আক্রমণৰ লক্ষ্য কৰি ল’লে মিজো দুর্বৃত্তই৷ কাছাৰ জিলাৰ লাইলাপুৰত সীমা বিবাদক কেন্দ্র কৰি আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ কাছাৰৰ উপায়ুক্ত কীর্থি জ্বলি, আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলকে লাইলাপুৰত আক্রমণৰ লক্ষ্য কৰি ল’লে মিজো দুর্বৃত্তই৷ এই আক্রমণত প্রত্যক্ষভাৱে জড়িত আছিল মিজোৰাম আৰক্ষীও৷ প্রাথমিক অৱস্থাত লাঠী, চোকা অস্ত্র, দা–কুঠাৰেৰে অসম আৰক্ষীৰ দলটোক আক্রমণৰ লক্ষ্য কৰি লয় সীমান্তত বাস কৰা মিজো দুর্বৃত্তসকলে৷ পৰৱর্তী সময়ত পৰিস্থিতি এনে পর্যায় পায়গৈ যে মিজো দুর্বৃত্তই ধাৰাবাহিকভাৱে মেচিনগানেৰে নির্বিচাৰে গুলীবর্ষণ কৰে অসম আৰক্ষীৰ দলটোলৈ৷ যাৰ ফলত ৫জন আৰক্ষী জোৱানৰ লগতে এজন সাধাৰণ নাগৰিকসহ মুঠ ৬জন লোক নিহত হৈছে৷ অত্যাধুনিক অস্ত্রেৰে চলোৱা এই আক্রমণ মিজোৰাম আৰক্ষীৰ দ্বাৰাই সংঘটিত হোৱাটো নিশ্চিত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি লাইলাপুৰত মিজো দুর্বৃত্ত আৰু মিজো আৰক্ষীৰ গুলীত নিহত হৈছে স্বপন কুমাৰ ৰয় (উপ–পৰিদর্শক), লিটন শুক্লবৈদ্য, এমএইচ বৰভূঞা, এন হুছেইন, এছ বৰভূঞা৷

অৱশ্যে মিজো দুর্বৃত্তৰ গুলীচালনাত নিহত সাধাৰণ লোকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ নিহত লিটন শুক্লবৈদ্য কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকাৰৰ পিএছ’ আছিল বুলি জানিব পৰা গৈছে৷ ইপিনে, মিজো দুর্বৃত্ত আৰু আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকাৰ আৰু ধলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া চাহাবুদ্দিন লস্কৰ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্রাপ্ত আৰক্ষী অধীক্ষকগৰাকীক বর্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত চিকিৎসা প্রদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনতেই চিকিৎসাধীন হৈ আছে অ’চি চাহাবুদ্দিন লস্কৰো৷ ইপিনে, এই ঘটনাত আহত হৈছে ৬৫গৰাকীতকৈও অধিক লোক৷

ইয়াৰে অর্ধশতাধিক আঘাতপ্রাপ্ত আৰক্ষী জোৱান বুলি জানিব পৰা গৈছে৷ মঙলবাৰে সীমান্তৱর্তী এই অঞ্চলটোত সৃষ্টি হোৱা অগ্নিগর্ভ পৰিস্থিতি নিশাপর্যন্ত অব্যাহত থাকে৷ নিশাৰ ভাগলৈকে দুই পক্ষৰ মাজত অব্যাহত থাকে গুলীয়াগুলীৰ ঘটনা৷ মঙলবাৰে অসম আৰক্ষীৰ দলটোৰ ওপৰত মিজো দুর্বৃত্তই কৰা আক্রমণত কাছাৰৰ উপায়ুক্ত জ্বলিৰ বাহনখনো যথেষ্ট ক্ষতিগ্রস্ত হৈছে৷ গুলীচালনাৰ সময়ত উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে দক্ষিণ অসম ৰেঞ্জৰ ডিআইজি দেৱজ্যোতি মুখার্জীসহ বন বিষয়াসকলো উপস্থিত আছিল৷ মিজোৰ গুলীত আহত আৰক্ষী জোৱান আৰু আন লোকসকলক ততালিকে ধলাই প্রাথমিক স্বাস্থ্য কেন্দ্রলৈ লৈ অহা হয় আৰু পাছলৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷ অসম–মিজোৰাম সীমান্তৰ ভাইৰেংটি আৰু লাইলাপুৰৰ মাজত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই ঘটনাৰ পাছতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম–মিজোৰাম সীমান্তত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে৷

মৃত জোৱানসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তদুপৰি সমগ্র ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে কাইলৈ পুৱা লাইলাপুৰত উপস্থিত হ’ব মুখ্যমন্ত্রী ড০ শর্মা৷ সমান্তৰালভাৱে ঘটনা সংঘটিত হোৱাৰ লগে লগে সমগ্র ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্রী পীয়ূষ হাজৰিকা আৰু পৰিমল শুক্লবৈদ্যক ঘটনাস্থলীলৈ যাবলৈ নির্দেশ দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ ইতিমধ্যে নিশা ১০.৩০ বজাত মন্ত্রী পীয়ূষ হাজৰিকা গৈ শিলচৰত উপস্থিত হৈ পৰিস্থিতিৰ পর্যালোচনা কৰাৰ লগতে শিলচৰ মেডিকেল হাস্পতালত গুলীচালনাত আহত হৈ চিকিৎসাধীন হৈ থকা আৰক্ষী তথা সাধাৰণ লোকসকলৰ চিকিৎসা আৰু স্বাস্থ্যৰ বুজ লয়৷ মন্ত্রী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে মিজোৰামৰ দখলত থকা অসমৰ ভূমি উদ্ধাৰ কৰা হৈছে আৰু আজি যি দুর্ভাগ্যজনক ঘটনা সংঘটিত হ’ল সেয়া ভৱিষ্যতে হ’বলৈ দিয়া নহ’ব৷ কালি উত্তেজনাপূর্ণ পৰিস্থিতিৰ সময়ত অসম আৰক্ষীও সম্পূর্ণ সষ্টম হৈ আছিল কিন্তু আক্রমণৰ সময়ত অসম আৰক্ষীয়ে প্রত্যাক্রমণ কৰিলে মিজোৰামৰ সাধাৰণ জনতাৰ মৃত্যু হোৱাৰ আশংকাতে আমাৰ আৰক্ষী সম্পূর্ণ সংযমী হৈ আছিল৷  এই ঘটনাত যিকেইজন শ্বহীদ জোৱানে প্রাণ দিলে তেওঁলোকৰ এই আত্মবলিদান আমি অথলে যাব নিদিও বুলিও মন্ত্রী হাজৰিকাই স্পষ্ট কৰি দিয়ে৷ নিশা ঘটনা সম্পর্কত কাছাৰৰ উপায়ুক্ত কীর্থি জ্বলিয়ে সংবাদ মাধ্যমৰ আগত উক্ত গুলীয়াগুলীত মিজো আৰক্ষী বেটেলিয়ন প্রত্যক্ষভাৱে জড়িত থকাৰ তথ্য সদৰী কৰে৷ উপায়ুক্তগৰাকীয়ে কয় যে আজি পুৱাৰ ভাগত সীমান্তত উত্তেজনা সৃষ্টি হোৱাৰ সময়তে আমি মিজোৰামৰ সীমান্তৱর্তী জিলাৰ আৰক্ষী অধীক্ষকজনক তেওঁলোকৰ দুষ্কৃতিকাৰীসকলক নিয়ন্ত্রণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ৷ কিন্তু তেওঁ দুষ্কৃতিতিকাৰীসকল আৰক্ষীৰ নিয়ন্ত্রণত নাই বুলি গা–এৰা মন্তব্যহে প্রকাশ কৰিছিল৷

ইফালে অসমৰ স্থানীয় লোকসকলক কাছাৰ জিলা প্রশাসনৰ তৰফৰ পৰা নিয়ন্ত্রণত ৰখাৰ বিপৰীতে মিজো দুষ্কৃতিকাৰীসকল উত্তেজিত হৈ উঠা সময়ত মিজো আৰক্ষী বেটেলিয়নে পূর্ণ সহযোগিতা আগবঢ়োৱাটো স্পষ্ট হৈ পৰিছে৷ ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে আইনৰ অধীনত গোচৰ ৰুজু হোৱা বুলি উপায়ুক্তগৰাকীয়ে প্রকাশ কৰে৷ লগতে তেওঁ আঘাতপ্রাপ্ত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নিম্বলকাৰৰ শাৰীৰিক অৱস্থা বর্তমান সুস্থিৰ বুলিও সদৰী কৰে৷

উল্লেখ্য যে কাছাৰৰ এই সীমান্তৱর্তী অঞ্চলত মিজো দুর্বৃত্তৰ আক্রমণৰ ঘটনা এয়াই প্রথম নহয়৷ ইয়াৰ পূর্বে বহুবাৰ মিজোৱে উক্ত অঞ্চলটোত অসমৰ ভূমি দখল কৰিবলৈ চেষ্টা চলাই আহিছে৷ যাৰ বাবে সময়ে সময়ে উক্ত অঞ্চলত দুয়ো পক্ষৰ মাজত সংঘর্ষৰ সূত্রপাত ঘটিছিল৷ যোৱা ১০ জুলাইত লাইলাপুৰত অসম আৰক্ষীলৈ গ্রেনেড নিক্ষেপ কৰিছিল মিজো দুর্বৃত্তই৷ তেতিয়াৰ পৰাই এই অঞ্চলটোত সৃষ্টি হৈছিল তীব্র উত্তেজনা৷ ধাৰাবাহিকভাৱে এই লাইলাপুৰ অঞ্চলত মিজো দুর্বৃত্তই হিংসাত্মক কার্যকলাপ সংঘটিত কৰি আহিছে৷

আনকি বিগত বর্ষত আপাৰ পৈনমৰ এখন বিদ্যালয়ত মিজো দুর্বৃত্তই সংঘটিত কৰিছিল বোমা বিস্ফোৰণ৷ এই সংঘাতৰ ওৰ পেলাবলৈ দুয়োখন ৰাজ্য চৰকাৰৰ প্রতিনিধিৰ মাজত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছিল৷ যোৱা ৯ জুলাইত নতুন দিল্লীত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে এখন বৈঠকত মিলিত হৈছিল মিজোৰামৰ মুখ্য সচিব লালনুনমাবিয়া চুৱাংগোৰ আৰু মিজোৰাম আৰক্ষীৰ সঞ্চালকপ্রধান এছ বি কে সিং৷ দুয়োখন ৰাজ্যৰ মুখ্য সচিব পর্যায়ৰ এই বৈঠকৰ অন্তত তেওঁলোকে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সচিব অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত আন এখন বৈঠকতো মিলিত হৈছিল৷

ইয়াৰ সমান্তৰালভাৱে যোৱা ২৪ জুলাইত দুদিনীয়া অসম–মেঘালয় ভ্রমণলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইজন মুখ্যমন্ত্রীৰ সৈতে শ্বিলঙত এখন বৈঠকত মিলিত হয়৷ এই বৈঠকত ৰাজ্যকেইখনৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধানসক উপস্থিত থাকে৷ মূলতঃ সীমা বিবাদক লৈ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ মাজত চলি থকা উত্তেজনা দূৰ কৰাৰ প্রসংগতে বৈঠকখনত আলোচনা কৰা হৈছিল৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভ্রমণৰ পাছত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিশেষকৈ অসম আৰু মিজোৰাম সীমা বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছিল৷ কিন্তু বৈঠকৰ অন্তত অমিত শ্বাহ দিল্লীলৈ উভতি যোৱাৰ ২৪ ঘণ্টা উকলি নৌযাওঁতেই অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত সৃষ্টি হোৱা অগ্নিগর্ভ পৰিস্থিতিয়ে সমগ্র প্রক্রিয়াটোকে পুনৰ অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে৷

ইতিমধ্যে অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রীয়ে এই ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি নিজৰ স্থিতিত অটল আছে৷ এনে পৰিস্থিতিত পৰৱর্তী পদক্ষেপ কি হ’ব সেয়া লক্ষণীয় হ’ব৷ ইপিনে, অসম–মিজোৰাম সীমান্তত সংঘটিত এই ঘটনাৰ পাছতে কাইলৈ ১২ ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান জনাইছে বৰাক ডেম’ক্রেটিক ফ্রণ্টে৷ এই সংগঠনটোৰ মুখ্য আহ্বায়ক প্রদীপ দত্তৰয়ে এক বিবৃতিত সদৰী কৰা অনুসৰি পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধ থাকিব বৰাক উপত্যকা৷ ইপিনে, অসম–মিজো সীমান্তত দুর্বৃত্তৰ গুলীত নিহত আৰক্ষী জোৱানসকলকৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ এক শোকবার্তাত নিহত জোৱানসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা প্রকাশ কৰিছে৷

সমান্তৰালভাৱে আলোচনাৰ মাধ্যমেৰে সীমান্তৰ সমস্যা শীঘ্রে সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব বুলি আশা প্রকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই৷ ইফালে, ঘটনাস্থলীলৈ ৰাওনা হোৱা মন্ত্রী পৰিমল শুক্লবৈদ্যয়ো নিহত আৰক্ষী জোৱানসকললৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

You might also like