নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত উপস্থিত হৈ ‘বটদ্রৱা প্রকল্প’ৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

 নিয়মীয়া বাৰ্তা, ২৯ মেঃ নির্বাচনত জয়লাভ কৰি মুখ্যমন্ত্রী ৰূপে শপত গ্রহণৰ পিছত প্রথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্রৱাত আজি উপস্থিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

বটদ্রৱা থানত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই বটদ্রৱা থানৰ বৃহৎ প্রকল্পভাগৰ নির্মাণকার্যৰ বুজ লয়৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাত উপস্থিত হৈ আজি বটদ্ৰৱাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লওঁ ৷ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পই অসমৰ জাতীয় জীৱনক নতুন প্ৰাণ দি বিশ্ব মানচিত্ৰত ৰাজ্যৰ এক সুকীয়া পৰিচয় দাঙি ধৰিব ৷ বটদ্ৰৱাক অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটনৰ এক অন্যতম কেন্দ্ৰৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে ইতিমধ্যে ঘোষণা কৰা ১৬৫ বিঘা ভূমি সামৰি ১৮৮ কোটি টকা ব্যয়েৰে বৃহৎ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷”

উল্লেখ্য যে আজিৰ এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত, স্থানীয় বিধায়িকা শিৱামণি বৰা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাও উপস্থিত থাকে।

You might also like