বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ১১ মেঃ ক’ভিড-১৯ পৰিস্থিতি আৰু লকডাউনৰ ফলত উদ্যোগকে ধৰি বিভিন্ন খণ্ড প্ৰভাৱান্বিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
এই মতবিনিময়ৰ সময়ছোৱাত উদ্যোগ সম্পৰ্কীয় বিশেষজ্ঞসকলে বিভিন্ন মতামত আৰু অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়ায়।
লগতে এই প্ৰতিকূল সময়ছোৱাত জনসাধাৰণক সকাহ দিবলৈ চৰকাৰে গ্ৰহণ কৰা সবল ভূমিকা আৰু বিভিন্ন পদক্ষেপৰ তেখেতসকলে শলাগ লয়।
গুৱাহাটীত আয়োজিত এই মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে- বিভিন্ন উদ্যোগ আৰু ব্যৱসায় প্ৰভাৱান্বিত হোৱাৰ পৰিপ্ৰেক্ষিতত অংশীদাৰসকলৰ সহযোগত ৰাজ্য চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে।
প্ৰত্যাহ্বান নেওচি সকলোৱে এই ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰি যাব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।