নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত বান নিয়ন্ত্ৰণ সংক্ৰান্তীয় পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ

কেইবাজনো মন্ত্ৰী, বিধায়কৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ১২ মে’: মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাত গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা জিলা বন বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু বান নিয়ন্ত্ৰণ সংক্ৰান্তীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

বানপানীৰ সময়ত সকলোকে এটা “টীম” হিচাপে কাম কৰিবলৈ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

তদুপৰি, বানপানীৰ সময়ছোৱাত কাজিৰঙাৰ হাইলেণ্ডবোৰত যাতে জীৱ-জন্তুবোৰে ভালদৰে আশ্ৰয় ল’ব পাৰে, সেই বিষয়েও চৰজমিন কৰিবলৈ মুখ‍্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

জীৱ-জন্তুৰ স্বাস্থ্য নিৰীক্ষণ কৰি থকাৰ লগতে “আফ্ৰিকান ছোৱাইন ফিভাৰ”ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে পশু চিকিৎসক আৰু বন বিষয়া সমন্বিতে এটা দক্ষ টাস্ক ফ’ৰ্চ গঠন কৰিবলৈও বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

তদুপৰি, ক’ভিড-১৯ৰ ফলত লোকচানৰ সন্মুখীন হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰি আৰু হাতী ছাফাৰিৰ অপাৰেটৰসকলক তেখেতে ২,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে।

লগতে, চোৰাং চিকাৰ প্ৰতিহত কৰাৰ বাবে গাঁওসমূহৰ মুখিয়ালসকলৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

আজিৰ বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী- পৰিমল শুক্লবৈদ‍্য,  অতুল বৰা,  কেশৱ মহন্ত আৰু বিধায়কদ্বয়-  বিমল বৰা আৰু  অশোক শৰ্মা উপস্থিত আছিল।

You might also like