নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যাত্ৰা আৰম্ভ; যাত্ৰীসকলৰ অধিকাংশই শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১২ মে’: লকডাউনৰ পিছত আজিৰে পৰা দেশত আৰম্ভ হ’ল ৰে’ল যাত্ৰা। আজি বিয়লি ৪ বাজি ৪৫ মিনিটত নতুন দিল্লীৰ পৰা ডিব্ৰগড়লৈ যাত্ৰা আৰম্ভ কৰিলে প্ৰথমখন বিশেষ ৰে’লে।

  এই প্ৰথমখন ৰে’লযোগে দিল্লীৰ পৰা অসমলৈ উভতিছে ১১২২ জন লোক। যাৰ ভিতৰত উভতি অহা যাত্ৰীসকলৰ অধিকাংশই শিক্ষাৰ্থী।

ইপিনে, লকডাউনৰ সময়ছোৱাত নানা অসুবিধাত ভুগিছিল এইসকল লোকে ।

উল্লেখ্য যে ভাৰতীয় ৰে’লৱেই ১২ মে’ৰ পৰা ক্রমাগতভাৱে যাত্রীবাহী ৰে’লসেৱাসমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত অনুসৰি দিল্লীক কেন্দ্র কৰি ১৫ খন ৰে’ল দেশৰ গুৰুত্বপূর্ণ ১৫ খন চহৰলৈ অহা–যোৱা কৰিব ৷ ইয়াৰ ভিতৰত নতুন দিল্লী ষ্টেচনৰ পৰা ডিব্রুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ভুৱনেশ্বৰ, ছেকেন্দ্রাবাদ, বাংগালুৰু, চেন্নাই, তিৰুৱনন্তপুৰম, মাদগাঁও, মুম্বাই চেণ্ড্রেল, আহমেদাবাদ আৰু জম্মু টাৱিলৈ এই বিশেষ ৰে’লকেইখন চলাচল কৰিব৷

You might also like