নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাল এণ্ড কোম্পানীৰ আশিসধন্য বিষয়াৰ সম্পত্তি দেখি হতভম্ব চিএম ভিজিলেঞ্চ

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন আত্মসাতেৰে কেইটামান বছৰৰ ভিতৰতে ধনকুবেৰত পৰিণত হোৱা কামৰূপ মহানগৰ জিলাৰ নিলম্বিত অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ সম্পত্তিৰ পৰিমাণে সম্প্রতি হতভম্ব কৰি তুলিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী বিষয়াক৷ আয়বহির্ভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে কিছুদিন পূর্বে বিষয়াগৰাকীৰ গান্ধীবস্তি আৰু জয়ানগৰত থকা বাসভৱনত অভিযান তলাই প্রায় ১০ কোটি টকাৰ সম্পত্তিৰ উৎসৰ বিষয়ে অৱগত হৈছিল৷ গুৱাহাটীৰ লগতে কামৰূপ গ্রাম্য জিলা, মৰিগাঁও জিলাতো বিষয়াগৰাকীৰ বিপুল পৰিমাণৰ সম্পত্তি থকাৰ বিষয়ে অৱগত হৈছিল তদন্তকাৰী বিষয়া৷ কিন্তু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি আজিও বিষয়াজনৰ গান্ধীবস্তি আৰু জয়ানগৰৰ বাসভৱনত পুনৰ অভিযান চলায়৷ আৰক্ষী সূত্র এটাই সদৰী কৰা মতে, মহানগৰীৰ উক্ত দুই স্থানৰ বাদেও হাতীগাঁও আৰু কটাহবাৰী এলেকাতো বিষয়াজনৰ বহু দামী ভূমি সম্পত্তি থকাৰ কথা তদন্তত ওলাই পৰিছে৷ চাকৰিত কর্তব্যৰত অৱস্থাতে এই ভূমি ক্রয় কৰিছিল বিষয়াজনে৷ তদুপৰি কামৰূপ জিলাৰ হাজো অঞ্চলতো কেইবা বিঘা ভূমি সম্পত্তি ক্রয় কৰিছিল বিষয়াগৰাকীয়ে৷ কেলেংকাৰিত অতি সিদ্ধহস্ত সুকন্য বৰাই ভূমি ক্রয় কৰি নিজৰ পিতৃৰ নামত উক্ত ভূমিসমূহ নামজাৰি কৰি ৰাখিছিল৷ কেলেংকাৰিৰ তথ্য লুকাৱাবলৈয়ে বিষয়াজনে এই পন্থা অৱলম্বন কৰিলেও তেওঁৰ পিতৃৰ পক্ষেও নিচেই কম সময়ৰ ভিতৰত যে ইমান ভূমি ক্রয় কৰাটো অসম্ভৱ সেয়া ইতিমধ্যে অৱগত হৈছে তদন্তকাৰী বিষয়াসকলে৷ ইয়াৰ বাদেও বিষয়াজনৰ ঘৰৰ পৰা তদন্তকাৰী দলে উদ্ধাৰ কৰিছে কোটি কোটি টকাৰ বিভিন্ন কোম্পানীৰ জীৱন বীমা৷ অৱশ্যে কিমান পৰিমাণৰ সেয়া তদন্তকাৰী দলে প্রকাশ কৰা নাই যদিও কেইবাকোটিৰ ঘৰত হ’ব বুলি সূত্রটোৱে উল্লেখ কৰিছে৷ চাকৰিকালত কেইবাবাৰো বিদেশ ভ্রমণ কৰাৰ বিষয়েও সন্দেহ প্রকাশ কৰি তদন্তকাৰী দলে সুকন্যা বৰাৰ পাৰপত্রখনো বিচাৰিছে যদিও সেইখন তদন্তকাৰী দলক প্রদান নকৰাত আৰক্ষীয়ে পাৰপত্রৰ ৰাজ্যিক কার্যালয়ৰ পৰা পাৰপত্রখনৰ সবিশেষ উলিয়াইছে বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে ৰাকেশ পালৰ আমোলতে এচিএছৰ দৰে লোভনীয় পদত যোগদানৰ সুবিধা পোৱা সুকন্যা বৰাৰ সীমাহীন সম্পত্তি দেখি স্বয়ং বিবুধিত পৰিছে আৰক্ষীও৷ প্রশ্ণ হৈছে যদিহে প্রকৃত মেধাৰ বলত এই চাকৰি তেওঁ পাবলৈ সক্ষম হৈছিল তেন্তে ধনৰ প্রতি আকর্ষণ এৰাব নোৱাৰাৰ কাৰণটো ক’ত? যি কি নহওক বিষয়াজনৰ এই দুর্নীতিৰ বিৰুদ্ধে পৰৱর্তী সময়তো তদন্ত অব্যাহত থাকিব বুলি সূত্রটোৱে মন্তব্য কৰিছে৷

#বাৰ্তা ডেস্ক

You might also like