নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰৰ দেৱীতোলাত ভিজিলেঞ্চৰ অভিযানত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা

নিয়মীয়া বাৰ্তা, ২৬,জুন : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত দেবীতলা উণ্ণয়ন খন্ড কাৰ্যালয়ত অভিযন্তা ছবিৱৰ ৰহমানৰ বিৰুদ্ধে  বিভিন্ন অনিয়ম আৰু দূৰ্নীতিৰ অভিযোগ। দুৰ্নীতি নিবাৰণ শাখাৰ গোপন অভিযানত কণিষ্ঠ অভিযন্তাজনে দেবীতলা উণ্ণয়ণ খন্ড কাৰ্যালয়ত অন্তৰ্গত বিভিন্ন বাট পথ নিৰ্মাণকাৰ্য্যকে  বিভিন্ন উন্নয়নমূলক আচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা অনিয়ম সংঘটিত কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই অভিযোগ আৰু অনিয়ম সংঘটিত সংবাদ মাধ্যমত বাতৰি সম্প্ৰসাৰণবাদীৰ হোৱাৰ ফলত  অসম চৰকাৰৰ দূৰ্নীতি নিবাৰক শাখাৰ দৃষ্টি গোচৰ হৈছিল। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা কণিষ্ঠ অভিযন্তাজনে এজন ব্যক্তিৰ পৰা ৫হাজাৰ টকা উৎকোচ বিছাৰিছিল। লগতে তদন্ত খাতিৰয নাম প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখি এই সংক্ৰান্তত দূৰ্নীতি নিবাৰক শাখাক দৃষ্টি গোচৰ কৰে। ফলত আজি দূৰ্নীতি নিবাৰক শাখাৰ দলে এক সম্পূৰ্ণ গোপনীয়তা অবলম্বন কৰি কনিষ্ঠ অভিযন্তাজনক হাতে- লোটে গ্ৰেপ্তাৰ কৰে। কণিষ্ঠ অভিযন্তাজনক গ্ৰেপ্তাৰ কৰি দেবীতলা কাৰ্যালয়ত বিভিন্ন অনিয়মৰ তদন্ত অব্যাহত ৰাখিছে। এই গ্ৰেপ্তাৰ সন্দৰ্ভত অভিযানকাৰী দলটোৱে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ পৰা দূৰত্ব অবলম্বন কৰে।
প্ৰেৰক পাৰ্থসাৰথি চক্ৰৱৰ্তী
You might also like