👉ৰাজবাৰীৰ উন্নয়ন সাধনৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
👉অঞ্চলটোৰ বিশিষ্ট নাগৰিকৰ সৈতে আলোচনাৰ ভিত্তিত শীঘ্রে আঁচনি গ্রহণ।
👉আহোম স্বর্গদেউৰ কীর্তি-সম্পদ ৰক্ষণাবেক্ষণত চৰকাৰে বহু পদক্ষেপ গ্রহণ কৰিছে
👉ৰংঘৰৰ সংৰক্ষণ-সংবর্দ্ধনৰ কাম শীঘ্রে আৰম্ভ হব
দিছপুৰ, ১৩ অক্টোবৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি যোৰহাটস্থিত ৰাজবাৰী পৰিদর্শন কৰে৷ উল্লেখ্য যে যোৰহাটৰ ৰাজবাৰীৰ পৰা আহোম ৰাজত্বৰ শেষৰ পাঁচগৰাকী স্বর্গদেউৱে ৰাজকার্য পৰিচালনা কৰিছিল৷ মুখ্যমন্ত্রীয়ে আজি ঐতিহ্যমণ্ডিত ৰাজবাৰীৰ চৌহদটো পৰিদর্শন কৰি সমগ্র এলেকাটোৰ বর্তমানৰ অৱস্থাৰ চাক্ষুস বুজ লয়৷ ইয়াৰ পিছতে উপস্থিত সকলক সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমান স্বাস্থ্য বিভাগৰ কার্যালয় চলি থকা ৰাজবাৰীৰ পৰিসৰ এসময়ত চাৰিশ বিঘা আছিল৷ কিন্তু যোৰহাটৰ ক্রমবিকাশ আৰু বিৱর্তনৰ ফলত ৰাজবাৰীৰ ভূমি সংকোচিত হৈ পৰিল৷ মুখ্যমন্ত্রীয়ে কয় যে যোৰহাটৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি লৈছে৷ ৰাজবাৰীৰ উন্নয়ন সাধনৰ অর্থেও ৰাজ্য চৰকাৰে অঞ্চলটোৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত শীঘ্রে এখন আঁচনি গ্রহণ কৰিব৷ প্রসংগক্রমে মুখ্যমন্ত্রীয়ে কয় যে আহোম স্বর্গদেউসকলৰ কীর্তি আৰু সম্পদসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে ৰাজ্য চৰকাৰে বহু পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ ভিতৰত বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে চৰাইদেউৱে স্বীকৃতি লাভৰ বাবে কৰা প্রচেষ্টা ইতিমধ্যে যথেষ্ট আগবাঢ়িছে৷ তেনেদৰে যোৰহাটৰ হোলোঙাপাৰত নির্মীয়মাণ মহাবীৰ লাচিত বৰফুকনৰ প্রতিমূর্তি আগন্তুক বর্ষৰ ফেব্রুৱাৰী মাহত সম্পূর্ণ হৈ উঠিব৷ ৰংঘৰৰ সংৰক্ষণ আৰু সংবর্দ্ধনৰ কাম শীঘ্রে আৰম্ভ হব আৰু তলাতল ঘৰৰ সংৰক্ষণ আৰু সংবর্দ্ধনৰ কামো ৰাজ্য চৰকাৰে গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী লগতে সদৰি কৰে৷ যোৰহাট কাৰাগাৰৰ ডেৰশ বিঘা ভূমিত এখন শ্বহীদ উদ্যান নির্মাণৰ কামো ইতিমধ্যে আৰম্ভ হৈছে বুলি তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে যোৰহাটৰ জিলা স্বাস্থ্য সমিতি, ধঁপাত নিয়ন্ত্রণ কোষৰ দ্বাৰা ধঁপাত মুক্ত সমাজ গঢ়োঁ আহক শীর্ষক স্বাক্ষৰ অভিযানতো অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রীৰ এই পৰিদর্শনকালত সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক হীতেন্দ্র নাথ গোস্বামী, ৰূপজ্যোতি কুর্মী, বিজেপিৰ অসম প্রদেশৰ যোৰহাট জিলা সমিতিৰ সভাপতি হেমন্ত কলিতা, টাই আহোম সংসৃক্তি আৰু শিক্ষা বিকাশ সমিতিৰ সভাপতি অৱনী কুমাৰ চেতিয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷