নিয়মীয়া বাৰ্তা, ২৬ জুনঃ আজি উত্তৰ-পূব কয়লা ক্ষেত্ৰ ক’ল ইণ্ডিয়াৰ বিভিন্ন শ্ৰমিক সংগঠনৰ যৌথ উদ্যোগত লিডু টিৰাপ কলিয়াৰী পুনৰ মুকলি কৰাৰ দাবীত এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে টিৰাপ কলিয়াৰী মুখ্য গেটৰ সন্মুখত । ২০২০ চনৰ ৬ জুনৰ পৰা উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ টিৰাপ কলিয়াৰী বন্ধ হৈ আছে। ফলত ক’ল ইণ্ডিয়াই বহু শ্ৰমিকক বহিঃৰাজ্যলৈ বদলি কৰাৰ লগতে ক’ল ইণ্ডিয়া ব্যক্তিগত কোম্পানীৰ শ্ৰমিকসকলৰ দৰমহা লাভৰ পৰা বঞ্চিত হৈছে । টিৰাপ কলিয়াৰী বন্ধ হোৱাৰ ফলত অঞ্চলটোৰ শ্ৰমিকসকলৰ যথেষ্ট সমস্যাই দেখা দিছে ।এই লাভজনক প্ৰতিষ্ঠানটো শীঘ্ৰে মুকলিৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিক সংগঠনৰ যৌথ উদ্যোগত।