আয়কৰ ফাঁকিৰে কোটি কোটি টকাৰ ক’লা বেহা; বিতর্কিত কয়লা ব্যৱসায়ী নবীন সিংহালক সোধা–পোছা
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বিতর্কিত কয়লা ব্যৱসায়ী নবীন সিংহালৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠানত পৰিছে আয়কৰ বিভাগৰ শেনচকু৷ কালি পুৱা ১০ বজাৰ পৰা মাজনিশা পর্যন্ত আয়কৰ বিভাগৰ দলে কৰ ফাঁকিৰ অভিযোগ সন্দর্ভত নবীন সিংহালৰ মহানগৰীৰ গণেশগুৰিৰ মাণিক নগৰত থকা ছিলভাৰ অ’ক নামৰ বিলাসী বাসগৃহৰ সমান্তৰালকৈ বেলতলাস্থিত ইউনিক প্লাজাত থকা ব্যৱসায়িক প্রতিষ্ঠানত তালাচী চলোৱাৰ পাছত পুনৰ দুয়োটা স্থানতে অভিযান চলায়৷ কালি পুৱাৰ ভাগত বেলতলাৰ ইউনিক প্লাজাত থকা বিতর্কিত ব্যৱসায়ীজনৰ মহালক্ষী গ্রুপ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত তালাচী চলাই বহুকেইটা নথি–পত্রৰ ফাইল জব্দ কৰে৷ একে সময়তে ব্যৱসায়ীজনৰ ছিলভাৰ অ’ক নামৰ বিলাসী এপার্টমেণ্টত আয়কৰ বিভাগৰ আন এটা দলে অভিযান চলায়৷
উল্লেখ্য যে আয়কৰ বিভাগে কুখ্যাত কয়লা মাফিয়া নবীন সিংহালক বিভাগটোৰ কার্যালয়ত হাজিৰ হ’বলৈ কঠোৰ নির্দেশ দিয়াত কালি দিল্লীৰ পৰা আহি মাণিকনগৰৰ বাসগৃহত উপস্থিত হয়৷ ইয়াৰ পাছতে আয়কৰ বিভাগৰ জালত পৰা ব্যৱসায়ীজনক মহানগৰীৰ জয়ানগৰ চাৰিআলিত থকা বিভাগটোৰ কার্যালয়লৈ লৈ যোৱা হয়৷ তাতেই আয়কৰ বিভাগৰ দলে অনুমতিবিহীনভাৱে কয়লা সৰবৰাহ কৰা তথা আয়কৰ ফাঁকি দিয়া সন্দর্ভত সোধা–পোছা কৰে৷
উল্লেখ্য যে অৰুণাচলৰ খাৰছাং, মার্ঘেৰিটা, লিডু, জাগুন আদিৰ চোৰাং কয়লা বেহাৰ লগত জড়িত হৈ নবীন সিংহালে কৰ ফাঁকি দি বহিঃৰাজ্যলৈ কয়লা সৰবৰাহ কৰি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি উল্লিখিত স্থানৰ পৰা অনা কয়লা এখন চালানেৰে ছখনকৈ ট্রাক বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰো অভিযোগ আছে৷ অর্থাৎ এইজন বিতর্কিত কয়লা ব্যৱসায়ীয়ে এনেদৰে এখন চালানৰ বাবদহে জিএছটি প্রদান কৰি ৫খন ট্রাকৰ জিএছটি ফাঁকি দি আহিছে৷ সেইদৰে নির্দিষ্ট পৰিমাণৰ টকা দি ৰে’লৰ দবা ৰিজার্ভেচন কৰি এই ব্যৱসায়ীজনে কয়লা দাক্ষিণাট্যলৈ প্রেৰণ কৰে যদিও ৰে’ল বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি হিচাপতকৈ অধিক পৰিমাণে কয়লা সৰবৰাহ কৰি আহিছে৷
আনহাতে, ম্যানমাৰৰ পৰা জাহাজেৰে অসমলৈ অনা নিম্নমানৰ কয়লা মেঘালয়ৰ পৰা অনা কয়লাৰ লগত মিহলাই ভূটান, বাংলাদেশ আদি দেশলৈ সৰবৰাহ কৰে৷ অর্থাৎ ম্যানমাৰৰ পৰা কয়লাৰ বাবদ পৰিশোধ কৰা কৰৰ জৰিয়তে মেঘালয়ৰ কয়লা মিহলাই বিদেশত সৰবৰাহ কৰি মেঘালয়ৰ কয়লাৰ বাবদ দিবলগা কৰ ফাঁকি দি কোটি টকা আহৰণ কৰি আহিছে৷ এনেদৰেই নবীন সিংহালে ডিগবৈ আৰু মার্ঘেৰিটাৰ বিতর্কিত ব্যৱসায়ী আৰু ছিণ্ডিকেট চক্রৰে মিলি আয়কৰ ফাঁকি দি ক’লা হীৰাৰ ক’লা ব্যৱসায় কৰি আহিছে৷
আয়কৰ বিভাগৰ সূত্রই জনোৱা মতে, নবীন সিংহালে অৰুণাচলৰ খাৰছাং, মার্ঘেৰিটা, জাগুন আদিৰ চোৰাং কয়লা বেহাত জড়িত কয়লা মাফিয়া নবীন সিংহালে অনুমতি অবিহনে বহিঃৰাজ্যত সৰবৰাহ কৰি আহিছে৷ এইজন নবীন সিংহালক আবদ্ধ কৰি তালাচী চলোৱাৰ অন্তত আয়কৰ বিভাগৰ দলটোৱে কয়লা ব্যৱসায়ৰ অংশ লাভ কৰা বিভিন্ন লোকৰ নাম থকা এখন ডায়েৰী উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে৷
ইফালে, মার্ঘেৰিটাত কয়লা ব্যৱসায়ী পংকজ চৌধুৰীৰ বাসগৃহত আয়কৰ বিভাগে কালিৰে পৰা চলোৱা তালাচী অভিযান আজি সমাপ্ত কৰে৷ অভিযানৰ অন্তত আয়কৰ বিভাগে ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা বহু নথি–পত্র জব্দ কৰা বুলি জানিব পৰা গৈছে৷